ETV Bharat / sitara

উমেশ শুক্লাৰ ‘Oh My God’ত দেখা পাব নৱাজুদ্দিন ছিদ্দিকীক

author img

By

Published : Oct 12, 2020, 10:37 PM IST

Updated : Oct 12, 2020, 10:51 PM IST

শীঘ্ৰেই আৰম্ভ হ’ব নৱাজুদ্দিন ছিদ্দিকীৰ নতুন ছবি ‘Oh My God’ৰ শ্বুটিং ৷ এসপ্তাহ পূৰ্বে ‘Serious Man’য়ে মুক্তিলাভ কৰাৰ পাচতে পুনৰ অভিনয়ৰ দিশে আগবাঢ়িছে অভিনেতা গৰাকী ৷

Nawazuddin Siddiqui will see in Oh My God
উমেশ শুক্লাৰ ‘Oh My God’ত দেখা পাব নৱাজুদ্দিন ছিদ্দিকীক

চিটাৰা ডেস্ক, 12 অক্টোবৰ: বিগত এসপ্তাহ পূৰ্বে নেটফ্লিক্সত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ ছবি ‘Serious Man’য়ে মুক্তিলাভ কৰাৰ পাচত পুনৰ ছবিত কাম কৰাৰ দিশে আগবাঢ়িছে অভিনেতা গৰাকী ৷

এইবাৰ ছবি নিৰ্মাতা উমেশ শুক্লাই পৰিচালনা কৰিবলগীয়া ‘Oh My God’ নামৰ ছবিখনত অভিনয় কৰিব নৱাজুদ্দিন ছিদ্দিকীয়ে ৷

উল্লেখ্য যে,‘Serious Man’ৰ পৰিচালক আৰু উমেশ শুক্লাৰ যৌথ পৰিচালনাত নিৰ্মাণ কৰা হ’ব ‘Oh My God’ নামৰ ছবিখন ৷ সোমবাৰে ছবি সমালোচক তৰণ আদৰ্শে টুইটাৰযোগে এই কথা উল্লেখ কৰে ৷

ছবি নিৰ্দেশক সেজল শ্বাহৰ নিৰ্দেশনা আৰু উমেশ শুক্লা,আশীষ ৱাঘ,গৌৰৱ শুক্লা,ভৱেশ মণ্ডালীয়া আৰু সেজল শ্বাহৰ প্ৰযোজনাত এই ছবিখন নিৰ্মাণ হ’ব ৷ অৱশ্যে বৰ্তমানো প্ৰকাশ হোৱা নাই ছবিখনৰ অন্য অভিনেতা-অভিনেত্ৰীৰ নাম ৷

লগতে পঢ়ক: আইপিএল-2020ৰ পৰা বাহিৰ ঈশান্ত শৰ্মা

Last Updated :Oct 12, 2020, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.