ETV Bharat / sitara

WOW! ইণ্ডিৰা গান্ধীৰ ৰূপত লাৰা দত্ত ?

author img

By

Published : Aug 6, 2021, 11:04 AM IST

প্ৰয়াত প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধী(Indira Gandhi)ৰ চৰিত্ৰ ৰূপায়ণ কৰাটো লাৰা দত্ত(Lara Dutta)ৰ ইমান সহজ নাছিল । প্ৰতিটো দৃশ্যগ্ৰহণত লাৰাক ইণ্ডিৰা গান্ধীৰ ৰূপত সজাই তোলাৰ বাবে ৩ ঘণ্টা সময় প্ৰয়োজন হৈছিল । দৃশ্যগ্ৰহণ সমাপ্ত হোৱাৰ পাছত লাৰাৰ মেক-আপ আঁতৰাবলৈ মেক-আপ আৰ্টিষ্ট বিক্ৰম গাইকৱাড়ক ১ ঘণ্টা সময় লাগিছিল ।

Lara Dutta transformation as Indira Gandhi in Bell bottom
ইণ্ডিৰা গান্ধীৰ ৰূপত লাৰা দত্ত

চিটাৰা ডেস্ক, ৬ আগষ্ট: 'বেল বটম'(Bell Bottom) ছবিত প্ৰয়াত প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধী(Indira Gandhi)ৰ ৰূপত দেখা পোৱা যাব বলীউড অভিনেত্ৰী লাৰা দত্তক । বৃহস্পতিবাৰে এই ব্যতিক্ৰমী চৰিত্ৰটি ৰূপায়ণৰ বাবে কৰা ৰূপসজ্জাৰ সময়ৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰিলে লাৰাই । ইনষ্টাগ্ৰাম পোষ্টযোগে লাৰাই শ্বেয়াৰ কৰা ভিডিঅ'টোত দেখা গৈছে যে, পস্থেটিকছৰ জৰিয়তে মেক-আপ আৰ্টিষ্ট বিক্ৰম গাইকৱাড় আৰু তেওঁৰ সহযোগীসকলে লাৰাক ইণ্ডিৰা গান্ধীৰ ৰূপ দিবলৈ চেষ্টা কৰিছে । লাৰাই এই ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে যে, তেওঁ কেতিয়াও এনে এগৰাকী ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰাৰ কল্পনা কৰা নাছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰঞ্জিত এম তিৱাৰী(Ranjit M Tiwari)ৰ দ্বাৰা পৰিচালিত বেল বটম ছবিখন ১৯৮৪ চনৰ কেতবোৰ ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে । অপাৰেচন ব্লুষ্টাৰৰ লগতে ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ বিষয়েও ছবিখনত দেখুওৱা হৈছে । অভিনেতা অক্ষয় কুমাৰ(Akshay Kumar) আৰু বাণী কাপুৰ(Vaani Kapoor)ও ছবিখনত অভিনয় কৰিছে । অক্ষয়েও তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে একেটা ভিডিঅ'কে শ্বেয়াৰ কৰিছে আৰু লাৰাক প্ৰশংসা কৰিছে ।

তেওঁ লগতে উল্লেখ কৰে যে, চৰিত্ৰ এটাক কেনেদৰে জীৱন্ত ৰূপ দিয়া যায় সেয়াই লাৰাৰ এই নতুন ৰূপে প্ৰকাশ কৰিছে । ছবিখনৰ প্ৰতিটো দৃশ্যগ্ৰহণত লাৰাক ইণ্ডিৰা গান্ধীৰ ৰূপত সজাই তোলাৰ বাবে মেক-আপ আৰ্টিষ্ট বিক্ৰম গাইকৱাড়ক ৩ ঘণ্টা সময় প্ৰয়োজন হৈছিল । দৃশ্যগ্ৰহণ সমাপ্ত হোৱাৰ পাছত লাৰাৰ মেক-আপ আঁতৰাবলৈ ১ ঘণ্টা সময় লাগিছিল ।

বেল বটম ছবিখন ১৯ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰাৰ সম্বাৱনা আছে । দৰ্শকে ছবিখন ২ডি আৰু ৩ডি ফৰ্মেটত চাবলৈ সক্ষম হ'ব । পূৰ্বেও লাৰা আৰু অক্ষয় কুমাৰে একেলগে ভাগম ভাগ, সিং ইজ ব্লিং আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে । এইবাৰৰ লাৰাৰ এই ব্যতিক্ৰমী ৰূপে দৰ্শকৰ পৰা কেনে সঁহাৰি লাভ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:পৰ্ণগ্ৰাফী গোচৰ: ৰাজ কুন্দ্ৰাৰ জামিন আবেদন নাকচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.