ETV Bharat / sitara

আগন্তুক ছবি 'ফাইটাৰ'ৰ বাবে প্ৰস্তুতি চলাব ঋত্বিক ৰোছনে

author img

By

Published : Mar 5, 2021, 10:16 PM IST

প্ৰথমবাৰৰ বাবে একেখন স্ক্ৰীণতে দেখা পোৱা যাব ঋত্বিক ৰোছন আৰু দিপীকা পাডুকণক । সিদ্ধাৰ্থ আনন্দ নিৰ্দেশিত ছবি 'ফাইটাৰ'ত অভিনয় কৰিব ঋত্বিক আৰু দিপীকাই ।

সিদ্ধাৰ্থ আনন্দ নিৰ্দেশিত ছবি 'ফাইটাৰ'ত অভিনয় কৰিব ঋত্বিক-দিপীকাই
সিদ্ধাৰ্থ আনন্দ নিৰ্দেশিত ছবি 'ফাইটাৰ'ত অভিনয় কৰিব ঋত্বিক-দিপীকাই

চিটাৰা ডেস্ক, ৫ মাৰ্চ: সিদ্ধাৰ্থ আনন্দ নিৰ্দেশিত ছবি 'ফাইটাৰ'ত নিজৰ চৰিত্ৰ সুন্দৰকৈ ৰূপায়ণ কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাব বলীউড ছুপাৰষ্টাৰ ঋত্বিক ৰোছনে । এক্সন-এডভান্সাৰ ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে একেখন স্ক্ৰীণতে দেখা পোৱা যাব ঋত্বিক ৰোছন আৰু দিপীকা পাডুকণক । এক সূত্ৰই প্ৰকাশ কৰা মতে, ছবিখনত অভিনেতাগৰাকীৰ শৰীৰ এগৰাকী এথলীটৰ দৰে সুঠাম তথা কম ওজনৰ ব্যক্তিৰ দৰে দেখা পোৱা যাব ।

ইয়াৰ বাবে অভিনেতাগৰাকীয়ে বিগত কেইবামাহো ধৰি এক বিশেষ সূচী অনুসৰি শৰীৰচৰ্চা কৰি আছে । লগতে খাদ্য তালিকাৰ ক্ষেত্ৰতো বহু সালসলনি কৰিছে অভিনেতাগৰাকীয়ে । প্ৰতিদিনে অতিৰিক্ত ৩ হাজাৰ কেলৰী হ্ৰাস কৰিবলৈ শৰীৰচৰ্চা কৰিছে ঋত্বিকে । যোৱা জানুৱাৰী মাহত ঋত্বিকে তেওঁৰ ওপজা দিনটোত 'ফাইটাৰ'ৰ বিষয়ে ঘোষণা কৰি কৈছিল যে, এই ছবিখন তেওঁৰ বাবে এখন বিশেষ ছবি কিয়নো, এই ছবিখনে সিদ্ধাৰ্থ আনন্দৰ সৈতে কৰ্মক্ষেত্ৰত তেওঁৰ সম্পৰ্ক অধিক গভীৰ কৰি তুলিছে ।

ইতিমধ্যে আনন্দ নিৰ্দেশিত দুখন ছবিত ঋত্বিকে অভিনয় কৰিছে । ছবিখনত অভিনেত্ৰী দিপীকা পাডুকণে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিব । ২০২২ চনৰ ৩০ ছেপ্টেম্বৰত ছবিখনে মুক্তি লাভ কৰিব । এই ছবিখন সিদ্ধাৰ্থ আনন্দ আৰু ঋত্বিক ৰোছনে একলগে কৰা তৃতীয়টো কাম । ইয়াৰ পূৰ্বে ২০১৪ চনত 'বেং বেং' আৰু ২০১৯ চনত যশৰাজ ফিল্মছৰ 'ৱাৰ' ছবিত ঋত্বিকে অভিনয় কৰিছিল ।

লগতে পঢ়ক:ইব্ৰাহিমলৈ ছাৰা আলী খানৰ জন্মদিনৰ বিশেষ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.