ETV Bharat / sitara

"বিক্ৰম বেধা"ৰ পৰা বাহিৰ হ'ব নেকি ঋত্বিক ৰোছন ?

author img

By

Published : May 5, 2021, 7:59 PM IST

Hrithik roshan to back out of Tamil superhit film vikram vedha
বিক্ৰম বেধাত অভিনয় কৰিবনে ঋত্বিক ৰোছনে ?

আমিৰ খানৰ পিছত এইবাৰ তামিল ছুপাৰহিট "বিক্ৰম বেধা"ৰ হিন্দী ৰিমেকত ঋত্বিক ৰোছনে অভিনয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি চৰ্চা চলিছে । ছবিখনত 'বেধা'ৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ কথা আছিল ঋত্বিকে । কিন্তু এতিয়া ছবিখনত অভিনয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই অভিনেতা গৰাকীয়ে ।

চিটাৰা ডেস্ক,৫ মে': তামিল ছুপাৰহিট "বিক্ৰম বেধা"ৰ হিন্দী ৰিমেকত গেংষ্টাৰৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বাছনি কৰা হৈছিল বলীউড ছুপাৰষ্টাৰ ঋত্বিক ৰোছনক । কিন্তু এতিয়া ছবিখনত কাম নকৰাৰ সিদ্ধান্ত লৈছে অভিনেতাগৰাকীয়ে । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ঋত্বিকক ছবিখনৰ বাবে চুক্তিবদ্ধ কৰাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰিছিল । ইয়াৰ পিছতে, অভিনেতাজনে 'দ্য নাইট মেনেজাৰ'ৰ বাবে ডিজনী+হটষ্টাৰৰ সৈতে চুক্তিবদ্ধ হয় ।

দুয়োটা কামৰ বাবে নিৰ্মাতাই একে সময়সূচী নিৰ্ধাৰণ কৰিছে আৰু সেয়ে অভিনেতাজনে "বিক্ৰম বেধা"ত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি 'দ্য নাইট মেনেজাৰ'ত কাম নকৰাৰ সিদ্ধান্ত লৈছে বুলি গুজৱ উঠিছিল । কিন্তু শেহতীয়াকৈ চৰ্চা চলিছে যে, ঋত্বিকে প্ৰকৃততে "বিক্ৰম বেধা"তহে কাম নকৰাৰ সিদ্ধান্ত লৈছে । "বিক্ৰম বেধা"ত কাম কৰাৰ প্ৰতি ঋত্বিকৰ ইচ্ছা নোহোৱাৰ আন এক কাৰণ হৈছে লক ডাউন । জানিব পৰা মতে, ছবি নিৰ্মাতাসকলে ইতিমধ্যে সময়সূচী নিৰ্ধাৰণ কৰিছিল ।

লগতে পাৰিশ্ৰমিক বন্ধ কৰি দিছিল । তামিল ছবিখনত আৰ মাধৱনে এগৰাকী সৎ আৰক্ষী বিষয়া বিক্ৰমৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু বিজয় সেতুপতিয়ে গেংষ্টাৰ বেধাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল । হিন্দী ৰিমেকত ঋত্বিকে যদি অভিনয় কৰিবলৈ সিদ্ধান্ত লয়, তেন্তে তেওঁ গেংষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিব ।

আনহাতে, ছৈইফ আলী খানে আৰক্ষী বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিব । ছবিখন বিক্ৰম-বেতালৰ প্ৰাচীন কাহিনীৰ আধাৰত এক নতুন ৰূপত নিৰ্মাণ কৰা হৈছে । বিক্ৰম-বেতালৰ কাহিনীত উল্লেখ কৰা ধৰণে যেনেদৰে বেতালে প্ৰতিবাৰে পলায়ন কৰে, তেনেদৰে ছবিখনতো বেধা নামৰ গেংষ্টাৰটোৱে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয় ।

পূৰ্বে বলীউড চুপাৰষ্টাৰ আমিৰ খানে বেধাৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল । আমিৰে প্ৰকল্পটোৰ পৰা আঁতৰি যোৱাৰ পিছতে ঋত্বিকক এই চৰিত্ৰটোৰ বাবে বাছনি কৰা হয় । ছবিখনৰ হিন্দী ৰিমেক পুষ্কৰ গায়ত্ৰীয়ে নিৰ্দেশনা কৰিব । নীৰজ পাণ্ডেৰ ছবিখনৰ দৃশ্যগ্ৰহণ শীঘ্ৰে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী কংগনা ৰাণাৱটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.