কিংবদন্তী গীতিকাৰ গুলজাৰলৈ জন্মদিনৰ শুভেচ্ছা

author img

By

Published : Aug 18, 2021, 9:23 AM IST

Updated : Aug 18, 2021, 6:47 PM IST

gulzar birthday

সংগীতক যাদুকৰী কৰি তোলা গীতিকাৰ গুলজাৰ চাহাব(Gulzar Saab)ৰ আজি ওপজা দিন ৷ জন্মদিনৰ শুভক্ষণত আহক উভতি যাও তেওঁ লিখা কেইটামান জনপ্ৰিয় গীতৰ মাজলৈ...

চিটাৰা ডেস্ক, 18 আগষ্ট : বলীউডৰ এগৰাকী ছবি পৰিচালক, গীতিকাৰ, লেখক, যিয়ে যাদুকৰী শব্দৰে প্ৰতিটো গীতক কৰি তুলিছিল প্ৰাণৱন্ত ৷ সেয়া আন কোনো নহয়, সকলোৰে পৰিচিত গুলজাৰ চাহাব(Gulzar Saab) ৷ যাদুকৰী শব্দৰ প্ৰণেতা গুলজাৰৰ আজি 87 সংখ্যক জন্মবাৰ্ষিকী ৷

গুলজাৰৰ হাতৰ কলমত যেন প্ৰাণ পাই উঠে শব্দৰ যাদু ৷ তেওঁ লিখা গজলৰ লগতে হিন্দী গীতসমূহো প্ৰতিগৰাকী সংগীতপ্ৰেমীৰ মুখে মুখে ৷ তেওঁ লিখিছিল, ‘‘মানৱ জাতিয়ে ব্যৱহাৰ কৰা আটাইতকৈ শক্তিশালী ঔষধ হৈছে শব্দ’’(Words are, of course, the most powerful drug used by mankind) ৷

gulzar
গুলজাৰ

1934 চনৰ 18 আগষ্টত বৃটিছৰ শাসনৰ সময়ৰ পঞ্জাৱ অৰ্থাৎ বৰ্তমান পাকিস্তানৰ পঞ্জাৱত জন্মগ্ৰহণ কৰিছিল এইগৰাকী প্ৰসিদ্ধ গীতিকাৰে ৷ তেওঁৰ প্ৰকৃত নাম হৈছে সম্পূৰণ সিং কালৰা(Sampooran Singh Kalra) ৷ সংগীত আৰু বোলছবি জগতত অৱদান আগবঢ়োৱা গুলজাৰক 2004 চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল ৷

ইয়াৰোপৰি তেওঁ সাহিত্য একাডেমী বঁটা, দাদাচাহেব ফাল্কে বঁটাৰেও সন্মানিত হৈছিল । 5 বাৰৰ ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, 22 টা ফিল্মফেয়াৰ বঁটা, একাডেমী বঁটা আৰু এটা গ্ৰেমী এৱাৰ্ড লাভ কৰিছে এইগৰাকী কিংবদন্তী গীতিকাৰে ৷ তেওঁৰ ওপজা দিনৰ শুভক্ষণত উভতি যাও তেওঁ লিখা বলীউডৰ কেইটামান জনপ্ৰিয় গীতৰ মাজলৈ...

  • মুছাফীৰ হু য়াৰো(Musafir Hoon Yaaron) :

গুলজাৰে লিখা এই গীতটোত কণ্ঠ নিগৰাইছিল বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী কিশোৰ কুমাৰে(Kishor Kumar) ৷ এই সুন্দৰ গীতটোৱে জীৱন পৰিক্ৰমা তথা পথ অনুসৰণৰ এক আভাস দিয়ে ৷

gulzar
গুলজাৰ
  • এ ৱতন(Aye Watan):

গুলজাৰে তেওঁৰ কন্যা মেঘনা গুলজাৰৰ(Meghna Gulzar) দ্বাৰা পৰিচালিত ‘ৰাজী’ ছবিখনৰ বাবে এই দেশপ্ৰেমমূলক গীতটো লিখিছিল ৷ এই ছবিখন আছিল বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত । গীতটোৱে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে ৷ কিয়নো এই গীতটোৱে আমাক জন্মভূমি আৰু আমাৰ ৰাষ্ট্ৰৰ মূল্যৰ উপলব্ধি কৰায় ।

  • তুঝছে নাৰাজ নহী জিন্দেগী(Tujhse Naraz Nahin Zindegi) :

‘মাছুম’ ছবিখনৰ বাবে লিখা গুলজাৰৰ এই গীতটোৱে ‘Best Lyricist Award’ ৰ শিতানত ফিল্মখেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ গীতটোত এগৰাকী মহিলাৰ দুখৰ কাহিনী প্ৰকাশ পাইছে ৷ মহিলাগৰাকীক স্বামীয়ে বিশ্বাসঘাটকতা কৰাৰ পাচত স্বামীৰ অবৈধ সন্তানটোৰ সৈতে গঢ়া সম্পৰ্কক দেখুওৱা হয় এই গীতটোৰ জৰিয়তে ৷

gulzar
গুলজাৰ
  • আনে ৱালা পল জানেৱালা হ্যে(Aane Wala Pal Jane Wala Hain) :

আৰ ডি বৰ্মনে(R D Burman) ‘গোলমাল’ ছবিখনৰ বাবে গীত ৰচনা কৰাৰ সময়তে এই গীতটো লিখিছিল গুলজাৰে । গুলজাৰে লিখা এই গীতটোত জীৱনৰ সাৰাংশ কি, সেয়া সুন্দৰকৈ প্ৰকাশ পাইছে । এই গীতটোৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ গীতিকাৰ বঁটা লাভ কৰিছিল ৷

গুলজাৰ চাহাবে লিখা গীত শুনি প্ৰতিগৰাকী সংগীতপ্ৰেমীৰ মুখত এটা বাক্যই পৰিস্ফুত হয় ৷ সেয়া হৈছে ‘জিন্দেগী গুলজাৰ হ্যে’ ৷ আজি তেওঁৰ জন্মদিনৰ শুভক্ষণত বি-টাউনৰ লগতে প্ৰতিগৰাকী সংগীতপ্ৰেমীয়ে এবাৰ হ’লেও তেওঁৰ গীতৰ কথা উনুকিয়াইছে ৷ সংগীত জগতৰ এগৰাকী ‘Master piece’ লৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা জন্মদিনৰ অলেখ শুভেচ্ছা ৷

লগতে পঢ়ক : বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ ভৱেন বৰুৱা বঁটা

Last Updated :Aug 18, 2021, 6:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.