বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ ভৱেন বৰুৱা বঁটা

author img

By

Published : Aug 18, 2021, 8:36 AM IST

bhaben baruah award conferred to actor nipan goswami

বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ(Nipan Goswami) ভৱেন বৰুৱা বঁটা(Bhaben Baruah Award) প্ৰদানৰ ঘোষণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP) নলবাৰী জিলা সমিতিৰ ৷ মঙলবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে সংগঠনটোৱে ৷ 4 ছেপ্তেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত(Guwahati Press Club) এই বঁটা প্ৰদান কৰা হ’ব অভিনেতাগৰাকীক ৷

নলবাৰী, 18 আগষ্ট : অসমীয়া ছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ(Nipan Goswami) ভৱেন বৰুৱা বঁটা(Bhaben Baruah Award) প্ৰদান ৷ মঙলবাৰে এক সংবাদমেলযোগে অভিনেতাগৰাকীলৈ এই বঁটা প্ৰদানৰ ঘোষণা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP) নলবাৰী জিলা সমিতিয়ে ৷ 4 ছেপ্তেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত(Guwahati Press Club) অভিনেতা নিপন গোস্বামীক প্ৰদান কৰা হ’ব এই বঁটা ৷

সংবাদমেলযোগে সংগঠনটোৱে জানিবলৈ দিয়ে এই কথা ৷ AJYCP ৰ নলবাৰী জিলা সমিতিয়ে 2009 চনৰ পৰাই অসমৰ সাংস্কৃতিক জগতৰ বিভিন্ন পুৰোধা ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে ।

AJYCP ৰ সংবাদমেল

সেইমৰ্মে 2009 চনত বিশিষ্ট অভিনেতা দুলাল ৰয়, 2010 চনত গুৰুজী আদ্য শৰ্মা, 2011 চনত বিজু ফুকন, 2012 চনত নীলু চক্ৰৱৰ্তী, 2013 চনত মহানন্দ চক্ৰৱৰ্তী, 2014 চনত জীৱেশ্বৰ ডেকা, 2015 চনত অচ্যুত লহকৰ, 2016 চনত ধৰণী বৰ্মন, 2017 চনত হেমন্ত দত্ত, 2018 চনত অভিনেত্ৰী বিদ্যা ৰাও, 2019 চনত দাৰা আহমেদ আৰু 2020 চনত কুলদা কুমাৰ ভট্টাচাৰ্যক এই বঁটা প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ৰ গ্ৰেণ্ড ফাইনেলত অসমৰ নৃত্যাভিনয়ৰ দল

সংগঠনটোৱে প্ৰতি বছৰে অনুষ্ঠিত সদৌ অসম ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ সময়ত এই বঁটা প্ৰদান কৰি আহিছে ৷ ভৱেন বৰুৱাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় এই বঁটা ৷ কিন্তু ক’ভিড(Covid 19) সৃষ্ট পৰিৱেশৰ বাবে 2020 চনৰ লগতে চলিত বৰ্ষত এই নাট প্ৰতিযোগিতা আয়োজনৰ পৰা বিৰত আছে ৷

নলবাৰী জিলা AJYCP ৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা নিৰোদ দাস, জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা, সাধাৰণ সম্পাদক কৌশিক বৰ্মন, সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা, প্ৰচাৰ সম্পাদক দেৱব্ৰত ডেকাকে ধৰি বহু সদস্য ৷

লগতে পঢ়ক : Arranged আৰু Lovebirdsৰ পাচত এইবাৰ দৰ্শকৰ মাজলৈ The Radio Guy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.