ETV Bharat / sitara

Confirmed! ভাঞ্চালীৰ 'Baiju Bawra'ত মুখ্য চৰিত্ৰত থাকিব ৰণবীৰ সিং

author img

By

Published : Aug 4, 2021, 2:16 PM IST

Updated : Aug 4, 2021, 3:15 PM IST

পুনৰ একেলগে কাম কৰিব সঞ্জল লীলা ভাঞ্চালী আৰু বলীউড অভিনেতা ৰণবীৰ সিঙে । এইবাৰ সঞ্জল লীলা ভাঞ্চালীৰ ছবি 'Baiju Bawra'ৰ ৰিমেকত অভিনয় কৰিব ৰণবীৰে । ১৯৫২ চনত 'Baiju Bawra' ছবিখন মুক্তি দিয়া হৈছিল আৰু ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ভাৰত ভূষণ আৰু মীনা কুমাৰীয়ে ।

Ranveer Singh, Sanjay Leela Bhansali are set to reunite for Baiju Bawra
ভাঞ্চালীৰ 'Baiju Bawra'ত অভিনয় কৰিব ৰণবীৰ সিঙে

চিটাৰা ডেস্ক, ৪ আগষ্ট: ১৯৫২ চনত মুক্তি লাভ কৰা 'Baiju Bawra'ৰ ৰিমেকৰ বিষয়ে ঘোষণা কৰাৰ দুবছৰৰ পাচত নিশ্চিত কৰা হ'ল ছবিখনৰ নায়কৰ নাম । ছবিখনৰ বাবে কাৰ্তিক আৰ্য়ান আৰু ৰণবীৰ সিঙ দুয়োৰে নাম চৰ্চাত আছিল যদিও অৱশেষত ৰণবীৰক ছবিখনৰ বাবে চুক্তিবদ্ধ কৰিলে নিৰ্মাতাই । এই ছবিখনৰ জৰিয়তে পুনৰ একেলগে কাম কৰিব সঞ্জল লীলা ভাঞ্চালী আৰু বলীউড অভিনেতা ৰণবীৰ সিঙে । 'হীৰা মণ্ডি'ৰ কামত ব্যস্ত হৈ থকা সময়ত 'Baiju Bawra'ৰ নায়কৰ চৰিত্ৰত কাক কাষ্ট কৰা হ'ব সেই বিভিন্ন উৰাবাতৰি শুনিবলৈ পোৱা গৈছিল ।

ৰণবীৰ আৰু কাৰ্তিকে এই চৰ্চাৰ শিৰোনাম দখল কৰিছিল । ১৯৫২ চনত মুক্তি লাভ কৰা মূল ছবিখনত ভাৰত ভূষণে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছিল । এইবাৰ এই চৰিত্ৰটি ৰূপায়ণ কৰিব ৰণবীৰ সিঙে । ২০১৩ চনত মুক্তি লাভ কৰা 'গ'লিয়ো কী ৰাসলীলা ৰাম-লীলা', ২০১৫ চনত 'বাজিৰাও মস্তানী' আৰু ২০১৮ চনত মুক্তি লাভ কৰা 'পদ্মাৱট' ছবিত সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে ৰণবীৰে কাম কৰিছিল আৰু এই ছবিকেইখনৰ জৰিয়তে ৰণবীৰে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছিল ৷

এতিয়া এই চুপাৰহিট যুটিয়ে পুনৰ একেলগে কাম কৰিবলৈ সাজু হৈছে । অৱশ্যে ছবিখনত বাইজুৰ প্ৰেমিকা গৌৰীৰ চৰিত্ৰ কোনে ৰূপায়ণ কৰিব সেই বিষয়ে ছবি নিৰ্মাতাই এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই । ১৯৫২ চনত মুক্তি লাভ কৰা বিক্ৰম ভট্টৰ ককাদেউতাক বিজয় ভট্টৰ দ্বাৰা পৰিচালিত 'Baiju Bawra'ত মীনা কুমাৰীয়ে নায়িকা অৰ্থাৎ গৌৰীৰ চৰিত্ৰত অভিনয় কৰিছিল ।

গৌৰীৰ চৰিত্ৰৰ বাবে ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল মীনা কুমাৰীয়ে । আনহাতে, সঞ্জয় লীলা ভাঞ্চালীয়ে হীৰা মণ্ডিৰ বাবে নেটফ্লিক্সৰ সৈতে সহযোগিতা কৰিছে বুলি জানিব পৰা গৈছে । এতিয়ালৈকে সোণাক্ষী সিনহা আৰু হুমা কুৰেছি এই ছবিখনৰ সৈতে জড়িত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:ৰাজ কুন্দ্ৰাৰ পাছত এইবাৰ আইনৰ ৰোষত Yo Yo Honey Singh

Last Updated : Aug 4, 2021, 3:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.