ETV Bharat / sitara

অসমৰ পৰম্পৰাগত সাজত বলীউড অভিনেত্ৰী চিত্ৰাংগদা সিং

author img

By

Published : Aug 7, 2021, 5:40 PM IST

CHITRANGDA SINGH DONS MEKHELA CHADAR ON NATIONAL HANDLOOM DAY
অসমৰ পৰম্পৰাগত সাজত বলীউড অভিনেত্ৰী চিত্ৰাংগদা সিং

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত নিজকে অসমীয়া পৰম্পৰাগত সাজ চাদৰ-মেখেলাৰে সজালে বলীউডৰ মোহময়ী অভিনেত্ৰী চিত্ৰাংগদা সিং(CHITRANGDA SINGH) । ডিজাইনাৰ সংযুক্তা দত্ত(SANJUKTA DUTTA)ই ডিজাইন কৰা পাৰ্ল হোৱাইট ৰঙৰ চাদৰ-মেখেলা পৰিধান কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

চিটাৰা ডেস্ক, ৭ আগষ্ট : বলীউড অভিনেত্ৰী প্ৰীতি জিণ্টা, লাৰা দত্ত, বিপাশা বসুৰ পিছত এইবাৰ চিত্ৰাংগদা সিঙৰ (Chitrangada Sing) সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিলে অসমৰ শিপিনীয়ে বোৱা চাদৰ-মেখেলাই । ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত অসমৰ বস্ত্ৰ উদ্যোগ তথা এই উদ্যোগটোৰে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ সন্মান জনালে অভিনেত্ৰীগৰাকীয়ে ।

শনিবাৰে অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টযোগে চাদৰ-মেখেলা পৰিহিত তেওঁৰ এখন সুন্দৰ ফটো শ্বেয়াৰ কৰে । পাৰ্ল হোৱাইটৰ ৰঙৰ চাদৰৰ পাৰী আৰু আঁঁচলত ডাঠ গুলপীয়া ৰঙৰ ডিজাইন কৰা আছে । একেদৰে পাৰ্ল হোৱাইটৰ ৰঙৰ মেখেলাত আছে ডাঠ গুলপীয়া ৰঙৰ ডিজাইন । চিত্ৰাংগদাই বগা ৰঙৰ শ্লিভলেছ ব্লাউজৰ সৈতে চাদৰ-মেখেলাযোৰ পিন্ধিছে ।

CHITRANGDA SINGH DONS MEKHELA CHADAR ON NATIONAL HANDLOOM DAY
অসমৰ পৰম্পৰাগত সাজত বলীউড অভিনেত্ৰী চিত্ৰাংগদা সিং

অসমৰ ডিজাইনাৰ সংযুক্তা দত্তই (Sanjukta Dutta) ডিজাইন কৰা এই কাপোৰযোৰ পিন্ধি আনন্দিত বুলিও প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

হস্ততাঁতৰ বিষয়ত চিত্ৰাংগদাই কয় যে, হস্ততাঁত "হাতে বোৱা কাপোৰ সদায় মোৰ প্ৰিয় আৰু মই প্ৰায়েই এনে পোছাক পিন্ধো । অতি সুন্দৰকৈ সংযুক্তাই ডিজাইন কৰা, প্ৰায় ১০০ গৰাকী লোকৰ ২০-২৫ দিনৰ কঠোৰ পৰিশ্ৰমৰ অন্তত প্ৰস্তুত হোৱা এই সাজযোৰ পৰিধান কৰিবলৈ পাই মই আনন্দিত" ।

তেওঁ লগতে উল্লেখ কৰে যে, অসমৰ পৰম্পৰাগত সাজ-পোছাক জনপ্ৰিয় কৰি ৰখাৰ বাবে আৰু অসমৰ ঐতিহ্যৰ সুৰক্ষাৰ বাবে হস্ততাঁত শিল্পৰ জৰিয়তে সংযুক্তা দত্তই কৰা প্ৰয়াসৰ শলাগ ল’বলগীয়া ৷ ইয়াৰ উপৰিও তেওঁ ডিজাইনাৰগৰাকীৰ উজ্জল ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে ।

উল্লেখ্য যে, ছবিৰ ক্ষেত্ৰত চিত্ৰাংগদাই শেহতীয়াকৈ 'বব বিশ্বাস' নামৰ ছবিখনৰ কাম সমাপ্ত কৰিছে । গুমকেতু, দেছি বইজ, বাজা" আদিকে ধৰি বহু কেইখন হিন্দী ছবিত অভিনয় কৰিছে ছিত্ৰাংগদাই ।

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ মনোনীত হ’ল ‘God on the Balcony’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.