Romance King শ্বাহৰুখ খানলৈ ওপজা দিনৰ শুভেচ্ছা

author img

By

Published : Nov 2, 2021, 9:34 AM IST

birthday greetings to romance king shah rukh khan
শ্বাহৰুখ খানলৈ ওপজা দিনৰ শুভেচ্ছা ()

56 বছৰত ভৰি দিলে বলীউডৰ কিং খান অভিনেতা শ্বাহৰুখ খানে(Shah Rukh Khan) ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানলৈ থাকিল ওপজা দিনৰ হিয়াভৰা ওলগ...

চিটাৰা ডেস্ক, 2 নৱেম্বৰ : অভিনয় জগতত ভৰি দিয়াৰ পাচৰ পৰাই দৰ্শকৰ মনত এক গভীৰ সাঁচ বহুওৱা এগৰাকী বলীউডৰ তাৰকা হৈছে অভিনেতা শ্বাহৰুখ খান(Shah Rukh Khan) ৷ মনোমোহা হাঁহি আৰু দুৰ্দান্ত অভিনয়ৰে প্ৰতিগৰাকী চলচ্চিত্ৰ প্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে কিং খানে ৷

বহুসংখ্যক চুপাৰহিট ছবিত কাম কৰি বলীউডৰ ‘বাদশ্বাহ’ হিচাপে খ্যাতি লাভ কৰা অভিনেতাগৰাকীৰ আজি 56 সংখ্যক জন্মদিন ৷ প্ৰতিটো চৰিত্ৰকে নখৰ আগত ৰাখি সৰলতাৰে ৰূপায়ণ কৰা শ্বাহৰুখ খানে সমগ্ৰ বিশ্বতে অপৰিসীম মৰম আৰু আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে ৷ জনপ্ৰিয় অভিনেতাগৰাকীয়ে দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা আহি আঢ়ৈ দশকৰ কেৰিয়াৰত কি লাভ কৰিছে, সেয়া কল্পনা কৰাতো অবিশ্বাস্য ।

বাদশ্বাহৰ উপৰিও শ্বাহৰুখ খান বলীউডৰ ‘ৰোমাঞ্চ কিং’ হিচাপেও জনাজাত ৷ কিং খানৰ ওপজা দিনৰ শুভক্ষণত আহক জুকিয়াই চাও তেওঁ অভিনয় কৰা বলীউডৰ কেইটামান ৰোমাণ্টিক গীত...

1. তুঝে দেখা তো য়ে জানা চনম : এই গীতটি সৰ্বকালৰ আটাইতকৈ ৰোমাণ্টিক গীত হিচাপে গণ্য কৰা হয় ৷ মুক্তি লাভৰ পাচতে গীতটি মূহুৰ্ততে সকলোৰে প্ৰিয় হৈ পৰিছিল । বলীউডৰ আটাইতকৈ ৰোমাণ্টিক যুটি হিচাপে পৰিচিত শ্বাহৰুখ-কাজলে গীতটিৰ সৌন্দৰ্য অধিক বঢ়াই তুলিছে বুলি অনুৰাগীৰ মুখে মুখে আজিও চৰ্চিত ৷

tujhe dekha to yeh jana sanam
তুঝে দেখা তো য়ে জানা চনম

2. সূৰজ হুৱা মধ্ধম : পুনৰবাৰ ৰোমাণ্টিক যুটি শ্বাহৰুখ-কাজলৰ অভিনয়ে গীতটিক অন্য এক সফলতাৰ দিশলৈ লৈ গৈছে ৷ গীতটিৰ সুৰ, কথা, দৃশ্যগ্ৰহণ প্ৰতিটো বস্তুৱে দৰ্শকৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে ৷

suraj hua maddham
সুৰজ হুৱা মধ্ধম

3. তৌবা তুমহাৰে য়ে ইচাৰে : এই গীতটিত অভিনেত্ৰী ৰাণী মূখাৰ্জীৰ সৈতে শ্বাহৰুখৰ যুটিটোও পছন্দ কৰিছে অনুৰাগীসকলে ৷ তেওঁৰ অভিব্যক্তি আৰু গীতটিত কৰা অভিনয়ৰ ধৰণে অনুৰাগীসকলক আকৰ্ষিত কৰে ৷

tauba tumhare ye ishare
তৌবা তুমহাৰে য়ে ইচাৰে

4. ঝালিমা : ঝালিমা হৈছে শ্বাহৰুখ খানৰ শেহতীয়া প্ৰজেক্ট ৷ 90 দশকৰ ৰোমাণ্টিক গীতসমূহৰ পাচতে অভিনেতাগৰাকীৰ এই নতুন গীতটিয়ে অনুৰাগীসকলৰ মাজত অধিক চৰ্চা লাভ কৰে ৷ গীতটিত তেওঁ কৰা অভিনয়ে পুনৰবাৰ তেওঁক ৰোমাণ্টিক হিৰ’ হিচাপে স্বীকৃতি দিয়ে ৷

zaalima
ঝালিমা

5. ম্যে অগৰ কঁহু : ‘ওম শান্তি ওম’ৰ এই গীতটিয়ে দৰ্শকৰ মনত অন্য এক প্ৰেমৰ অনুভূতি জগাই তোলে ৷ গীতটিত কিং খানৰ হৃদয়স্পৰ্শী অভিব্যক্তি আৰু অনন্য শৈলীয়ে অনুৰাগীসকলৰ মন জয় কৰিছে ৷

main agar kahoon
ম্যে অগৰ কঁহু

শেহতীয়াকৈ পুত্ৰ আৰিয়ান খান(Aryan Khan) গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই দুঃখিত কৰি তুলিছিল অভিনেতাগৰাকীক ৷ ড্ৰাগছৰ গোচৰত পুত্ৰ গ্ৰেপ্তাৰ হোৱাৰ পাচতে এগৰাকী পিতৃ হিচাপে সমালোচনাৰো সন্মুখীন হৈছিল শ্বাহৰুখ খান ৷

কিন্তু সাহস আৰু শান্ত, সমাহিত ব্যক্তিত্বৰ বাবে অসংখ্য অনুৰাগীয়ে সাহস দি আহিছে শ্বাহৰুখক ৷ অৱশ্যে সম্প্ৰতি জামিন লাভ কৰিছে আৰিয়ান খানে ৷ অভিনেতাগৰাকীৰ সুস্বাস্থ্য কামনাৰে ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা শ্বাহৰুখ খানলৈ যাচিলোঁ ওপজা দিনৰ হিয়াভৰা শুভেচ্ছা ৷

লগতে পঢ়ক : প্ৰিয়ংকা চোপ্ৰাৰ বাবে "সুখৰ ঠাই" নিকৰ দুবাহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.