ETV Bharat / science-and-technology

5000mAh বেটাৰীৰ সৈতে মুকলি হ'ল Samsung Galaxy M04, দাম শুনিলে আচৰিত হ'ব আপুনিও

author img

By

Published : Dec 9, 2022, 6:54 PM IST

Samsung Galaxy M04 launched with 5000mAh battery price less than 9 thousand
5000mAh বেটাৰীৰ সৈতে মুকলি হ'ল Samsung Galaxy M04, দাম শুনিলে আচৰিত হ'ব আপুনিও

ছেমছাঙে গ্ৰাহকৰ বাবে মুকলি কৰিছে নতুন বাজেট ফ্ৰেণ্ডলি স্মাৰ্টফোন । আহক জানো Samsung এই স্মাৰ্টফোনৰ মূল্যৰ পৰা আৰম্ভ কৰি ভাৰতত উপলব্ধ বৈশিষ্ট্যসমূহৰ বিতং তথ্য ।

ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে Samsung Galaxy M04 স্মাৰ্টফোন, এই হেণ্ডছেটটো কোম্পানীটোৰ Samsung Galaxy M03ৰ উন্নীতকৰণ সংস্কৰণ । গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহৰ কথা ক’বলৈ গ’লে এই চেমচাং মোবাইল ফোনটো ৰেম প্লাছ ফিচাৰ আৰু ডাঙৰ বেটাৰীৰ সৈতে মুকলি কৰা হৈছে । এই এণ্ট্ৰি লেভেল ফোনটোৰ জৰিয়তে কোম্পানীটোৱে দুবছৰৰ OS আপডেটও প্ৰদান কৰিব । আহক জানো Samsung Galaxy M04ৰ মূল্যৰ পৰা আৰম্ভ কৰি ভাৰতত উপলব্ধ বৈশিষ্ট্যসমূহৰ বিতং তথ্য ।

ভাৰতত Samsung Galaxy M04 মূল্য

এই চেমচাং মোবাইল ফোনটোৰ এটা একক ভেৰিয়েন্ট মুকলি কৰা হৈছে যিয়ে ৪ জিবি ৰেমৰ সৈতে ৬৪ জিবি ইণ্টাৰনেল ষ্ট’ৰেজ প্ৰদান কৰে, এই মডেলৰ মূল্য ৮৪৯৯ টকা । এই স্মাৰ্টফোন ক'ত উপলব্ধ হ'ব ইয়াৰ বিষয়ে ক’বলৈ গ’লে এই ফোন ই-কমাৰ্চ চাইট আমাজনত গ্ৰাহকৰ বাবে ১৬ ডিচেম্বৰৰ পৰা এই চেমচাং স্মাৰ্টফোনৰ বিক্ৰী আৰম্ভ হ’ব । এই ডিভাইচৰ চাৰিটা ৰঙৰ ভিন্নতা মুকলি কৰা হৈছে, গোল্ড, মিন্ট গ্ৰীণ, ব্লু আৰু হোৱাইট ।

Samsung Galaxy M04 স্পেচিফিকেশন

ডিছপ্লে: ফোনটোত ৬.৫ ইঞ্চিৰ এইচডি প্লাছ ডিছপ্লে আছে, যিয়ে ৯০ হাৰ্টজৰ ৰিফ্ৰেছ ৰেট প্ৰদান কৰে ।

প্ৰচেছৰ: IMG PowerVR GE8320 GPU গতি আৰু মাল্টিটাস্কিঙৰ বাবে Galaxy M04 ত MediaTek Helio P35 চিপছেটৰ সৈতে গ্রাফিক্সৰ বাবে ব্যৱহাৰ কৰা হৈছে ।

ৰেম আৰু ষ্ট’ৰেজ: ফোনটোত আছে ৪ জিবি ৰেম যিটো ৪ জিবি ভাৰ্চুৱেল ৰেম সমৰ্থনৰ সহায়ত ৮ জিবিলৈ বৃদ্ধি কৰিব পাৰি । ফোনটোত ১২৮জিবি ইণ্টাৰনেল ষ্ট’ৰেজ আছে, যিটো মাইক্ৰ’এছডি কাৰ্ডৰ সহায়ত সম্প্ৰসাৰিত কৰিব পাৰি ।

চফট্ ৱেৰ: এই ফোনটোৱে এণ্ড্ৰইড ১২ আউট অৱ দ্য বক্সত কাম কৰে আৰু আমি ওপৰত কোৱাৰ দৰে কোম্পানীটোৱে দুবছৰলৈকে নিজৰ ডিভাইচত অ’ এছ আপডেট প্ৰদান কৰি থাকিব ।

বেটাৰী ক্ষমতা: এই চেমচাং ফোনটোক 15W ফাষ্ট চাৰ্জ সমৰ্থনৰ সৈতে 5000mAh বেটাৰী দিয়া হৈছে ।

কেমেৰা ছেটআপ: ফোনটোৰ পিছফালৰ পেনেলত ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আছে, য’ত আছে ১৩ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা চেন্সৰ, ২ মেগাপিক্সেলৰ ছেকেণ্ডাৰী কেমেৰা চেন্সৰ দিয়া হৈছে । চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ৫ মেগাপিক্সেলৰ কেমেৰা চেন্সৰ আছে ।

লগতে পঢ়ক: Airtel world pass: এয়াৰটেলৰ বিশেষ প্লেন, ১৮৪খন দেশত নিৰ্বিঘ্নে পাব সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.