ETV Bharat / science-and-technology

৬ সপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে Covid-19ত আক্ৰান্ত Pfizerৰ CEO Albert Bourla

author img

By

Published : Sep 26, 2022, 10:24 AM IST

Pfizer CEO tests positive for Covid again
৬ সপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে Covid-19ত আক্ৰান্ত Pfizerৰ CEO Albert Bourla

৬ সপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ক’ৰোনাত আক্ৰান্ত হৈছে আমেৰিকাৰ ফাৰ্মাচিউটিকেল কোম্পানী Pfizerৰ CEO Albert Bourla । শনিবাৰে এক টুইটযোগে তেওঁ ঘোষণা কৰে এই কথা...

ইন্টাৰনেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ: আমেৰিকাৰ ফাৰ্মাচিউটিকেল কোম্পানী Pfizerৰ CEO Albert Bourla ৬ সপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ক’ৰোনাত আক্ৰান্ত হৈছে । শনিবাৰে তেওঁ এক টুইটযোগে কয় যে, ‘মোৰ Covid-19 টেষ্ট ৰিপৰ্ট পজিটিভ(Covid Positive) আহিছে । মই ভালেই আছো আৰু সুস্থ হৈ উঠিছো(Pfizer CEO tests positive for Covid again) ।

Bourlaয়ে ক’লে যে, তেওঁৰ দেহত ক'ভিডৰ কোনো লক্ষণ নাই লগতে তেওঁ উল্লেখ কৰি কয় যে, "যদিও আমি এই মহামাৰীৰ বিৰুদ্ধে যুঁজত বহুখিনি অগ্ৰগতি লাভ কৰিছো, তথাপিও আমাৰ মাজত এই ভাইৰাছ উপস্থিত আছে ।" কাৰণ তেওঁ শেষৰটো ক'ভিড ১৯ সংক্ৰমণৰ ৩ মাহ সম্পূৰ্ণ হোৱাৰ বাবে অপেক্ষা কৰি আছে । "আপোনালোকক জনাও যে, আগষ্ট মাহৰ আৰম্ভণিতে এলবাৰ্ট বৌৰ্লাও ক'ভিডত আক্ৰান্ত হৈ আছিল ।"

আমেৰিকাৰ চেণ্টাৰ ফ'ৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনে(US Centers for Disease Control and Prevention) পৰামৰ্শ দিছে যে, যিসকল লোকে শেহতীয়াকৈ ক’ভিড-১৯ সংক্ৰমণৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিছে তেওঁলোকে ভেকচিনৰ বুষ্টাৰ ড’জ ল’বলৈ অপেক্ষা কৰক, অন্ততঃ ভাইৰাছটো তেওঁলোকৰ শৰীৰৰ পৰা যেতিয়ালৈকে সম্পূৰ্ণ নোহোৱা হৈ নাযায় ।

চিডিচিয়ে কয় যে, সংক্ৰমণৰ সৈতে জড়িত লক্ষণসমূহ আৰম্ভ হোৱাৰ আগতে এজন ব্যক্তিয়ে কভিড ভেকচিনৰ বুষ্টাৰ ড’জ ৩ মাহৰ বাবে বিলম্ব কৰাৰ কথা চিন্তা কৰিব পাৰে । কৰ’ণা সংক্ৰমণৰ পৰা সুস্থ হৈ উঠাৰ পিছত মানৱ দেহত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এন্টিব’ডি তৈয়াৰ কৰা হয়, যিয়ে বুষ্টাৰ হিচাপে কাম কৰিব পাৰে । অধ্যয়নত দেখা গৈছে যে সুস্থ হোৱাৰ পিছত প্ৰায় ৩ মাহলৈকে মানুহৰ পুনৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে কম ।

চিএনএনৰ মতে, যদি ক’ৰোনা সংক্ৰমণৰ তীব্ৰতা অধিক হয় আৰু কমিউনিটি স্প্ৰেড হোৱাৰ আশংকা থাকে, তেন্তে দুৰ্বল ইমিউনিটি থকা লোকসকলে ভেকচিনৰ বুষ্টাৰ শ্বটৰ বাবে ৩ মাহ অপেক্ষা নকৰিব । ১ ছেপ্টেম্বৰত চিডিচিয়ে ফাইজাৰ আৰু মডাৰ্নাৰ পৰা আপডেট কৰা বুষ্টাৰ শ্বটসমূহ ফ্লেগ অফ কৰে । ফাইজাৰ/বায়নটেকৰ পৰা এই আপডেট কৰা ভেকচিন ১২ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ বাবে । লোকসকলে অনুমোদিত এই ভেকচিন ৩০ মাইক্ৰ’গ্ৰাম ড’জ দিব লাগিব । একে সময়তে মডাৰ্নাৰ এই আপডেট কৰা ভেকচিনটো ১৮ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ বাবে, যাৰ অনুমোদিত মাত্ৰা ৫০ মাইক্ৰ’গ্ৰাম ।

লগতে পঢ়ক: এক নতুন পদ্ধতিৰ তেজ পৰীক্ষাই ধৰা পেলাব বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.