ETV Bharat / science-and-technology

আপত্তিজনক বাৰ্তাৰ পৰা হাত সাৰিবলৈ WhatsAppৰ বিশেষ Feature মুকলি

author img

By

Published : Aug 31, 2022, 8:19 PM IST

WhatsApp group admin can delete any message
আপত্তিজনক বাৰ্তাৰ পৰা হাত সাৰিবলৈ WhatsAppৰ বিশেষ Feature মুকলি

যদি আপুনি হোৱাটছএপ (WhatsApp) ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে ভাল খবৰ । চলিত মাহত মেটাৰ মালিকানাধীন(WhatsApp Meta) হোৱাটছ এপে মুকলি কৰিলে এক বিশেষ feature ৷ আপত্তিজনক বাৰ্তাৰ পৰা হাত সাৰিবলৈ এতিয়াৰে পৰা WhatsAppৰ গ্ৰুপ এডমিনে সকলোৰে বাবে ডিলিট কৰিব পাৰিব মেছেজ ।

ইন্টাৰনেশ্যনেল ডেস্ক, 31 আগষ্ট: মেটাৰ মালিকানাধীন মেছেজিং প্লেটফৰ্ম হোৱাটছএপত আহিছে এটা নতুন ফিচাৰ, যাৰ দ্বাৰা এতিয়াৰে পৰা গ্ৰুপ এডমিনসকলে 'Delete for everyoneৰ' ক্ষমতা লাভ কৰিব(WhatsApp group admin can delete messages) । আপত্তিজনক বাৰ্তাৰ পৰা হাত সাৰিবলৈ হোৱাটছ এপে মুকলি কৰিছে এই বিশেষ ফিচাৰ ৷

কিছুদিন পূৰ্বে প্লেটফৰ্মটোৱে গুগল প্লে বিটা প্ৰগ্ৰেমৰ(Google Play beta program) জৰিয়তে এটা নতুন আপডেট মুকলি কৰিছিল, যিয়ে 2.22.17.12 সংস্কৰণটোৰ দ্বাৰা গ্ৰুপ এডমিনসকলক সকলোৰে বাবে ডিলিট কৰাৰ সুবিধা প্ৰদান কৰিছে । এতিয়া গ্ৰুপ এডমিনে (WhatsApp group admin) সকলোৰে বাবে যিকোনো মেছেজ ডিলিট কৰিব পাৰিব ।

প্ৰতিবেদন অনুসৰি, যদি আপুনি এজন গ্ৰুপ এডমিন আৰু আপুনি অহা মেছেজটো ডিলিট কৰিবলৈ চেষ্টা কৰে আৰু আপুনি 'Delete for everyone for group admin' অপচনটো দেখিছে, তেন্তে ইয়াৰ অৰ্থ হ’ল গ্ৰুপ এডমিনে সকলোৰে বাবে মেছেজ ডিলিট কৰাৰ সুবিধা আছে(Delete for everyone for group admin) । যেতিয়া আপুনি আন এটা গোটৰ অংশগ্ৰহণকাৰীয়ে সকললৈ পঠোৱা এটা বাৰ্তা মচি পেলায়, তেন্তে অন্য লোক সকলে সেয়া সদায় দেখিব পাৰে (WhatsApp group admin) যে আপুনি মেচেজটো ডিলিট কৰিছে কাৰণ আপোনাৰ নাম চেট বাবলত দেখা যায় ।

শেহতীয়াকৈ, এই প্লেটফৰ্মে নতুন আই টি ৰুলছ, ২০২১ মানি চলি জুন মাহত ভাৰতত ২২ লাখৰো অধিক আপত্তিজনক একাউণ্ট নিষিদ্ধ কৰিছে(WhatsApp privacy feature) । ইয়াৰ জৰিয়তে মে’ মাহত দেশত ১৯ লাখৰো অধিক আপত্তিজনক একাউণ্ট নিষিদ্ধ কৰা হৈছিল । মেছেজিং প্লেটফৰ্মটোৱে জুন মাহত দেশৰ ভিতৰতে ৬৩২টা অভিযোগ আৰু ‘একচন’ একাউণ্ট লাভ কৰিছিল(WhatsApp new feature) ।

লগতে পঢ়ক : WhatsApp new feature: হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে বিশেষ Feature মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.