ETV Bharat / science-and-technology

Instagram Down on Friday : শুকুৰবাৰে বিশ্বজুৰি স্তব্ধ হৈ পৰে ইনষ্টাগ্ৰাম

author img

By

Published : Jun 9, 2023, 8:08 PM IST

Instagram Down on Friday
Instagram Down on Friday

অনলাইন বিভ্ৰাট নিৰীক্ষণ কৰা ডাউন ডিটেক্টৰৰ মতে, ৪৪ শতাংশ ব্যৱহাৰকাৰীয়ে এপটোৰ বাবে সমস্যাত পৰে আৰু ৩২ শতাংশৰ ৱেব সংস্কৰণত সমস্যা আছিল । আনহাতে, ২৪ শতাংশই ছাৰ্ভাৰ সংযোগৰ সমস্যাত ভোগে (Instagram Down on Friday) ।

ইণ্টাৰনেচনেল ডেস্ক, ৯ জুন : মেটাৰ মালিকানাধীন ইনষ্টাগ্ৰাম শুকুৰবাৰে ভাৰতকে ধৰি বিশ্বজুৰি স্তব্ধ হৈ পৰে (Meta owned Instagram went down worldwide) । হাজাৰ হাজাৰ ইউজাৰ থকা ইনষ্টাগ্ৰামৰ সেৱাসমূহত প্ৰভাৱ পেলোৱা কাৰিকৰী সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই স্তব্ধ হৈ পৰে ইনষ্টাগ্ৰাম । অনলাইন বিভ্ৰাট নিৰীক্ষণ কৰা ডাউন ডিটেক্টৰৰ মতে (online outages monitor DownDetector) , ৪৪ শতাংশ ব্যৱহাৰকাৰীয়ে এপটোৰ বাবে সমস্যাত পৰে আৰু ৩২ শতাংশৰ ৱেব সংস্কৰণত সমস্যা আছিল । আনহাতে, ২৪ শতাংশই ছাৰ্ভাৰ সংযোগৰ সমস্যাত ভোগে । ইউজাৰসকলে মিমছ আৰু জিআইএফ পোষ্ট কৰি টুইটাৰৰ জৰিয়তে এপটোৰ সৈতে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে জনায় ।

"ইনষ্টাগ্ৰাম পুনৰ ডাউন ? ষ্ট'ৰী ভিডিঅ' আৰু মিউজিক লোড হোৱা নাই ? #instagramdown ।" এজন ইউজাৰে এনেদৰে কয় । আনহাতে, আন এজন ইউজাৰে উত্তৰ দিয়ে, "মই ভাবিছোঁ যে মোৰ একাউণ্ট হেক কৰা হৈছে, যাৰ ফলত ইনষ্টাগ্ৰাম পুনৰ ডাউন হৈছে ।" আন এজন ইউজাৰে কয়, "ভাৰতক অভিনন্দন জনাইছোঁ, ইনষ্টাগ্ৰাম ডাউন #instagramdown নেকি পৰীক্ষা কৰিবলৈ সকলোৱে টুইটাৰলৈ গৈছে (Instagram Down on Friday) ।"

এজন ইউজাৰে আকৌ টুইট কৰি কয়, "ইনষ্টাগ্ৰামত কোনোবাই মিউজিক বা ভিডিঅ' ষ্ট'ৰীবোৰত তেওঁলোকৰ ষ্ট'ৰী লোড নকৰাত সমস্যা হৈছে নে সোয়া কেৱল মোৰহে হৈছে ?" উল্লেখ্য, যোৱা মাহত ইনষ্টাগ্ৰাম এঘণ্টাতকৈ বেছি সময় ডাউন হোৱাৰ পিছত পুনৰ সক্ৰিয় হৈছিল । কিয়নো ইউজাৰসকলে এপটো সক্ৰিয় কৰিব নোৱাৰে বুলি কৈ প্ৰত্যক্ষ কৰা ত্ৰুটিৰ বিষয়ে জনাইছিল আৰু কিছুমান ইউজাৰৰ বাবে ৱেবছাইটটো ব্লেংক হৈ গৈছিল । আনহাতে, কোম্পানীটোৰ এজন মুখপাত্ৰৰ মতে, এটা কাৰিকৰী সমস্যাৰ ফলত কিছুমান লোকে বিশ্বজুৰি ইনষ্টাগ্ৰামত প্ৰৱেশ কৰাত সমস্যাৰ সন্মুখীন হৈছিল (trouble accessing Instagram globally) ।

উল্লেখ্য, ইনষ্টাগ্ৰাম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেটা প্লেটফৰ্মৰ মালিকানাধীন ফটো আৰু ভিডিঅ' শ্বেয়াৰিং ছচিয়েল নেটৱৰ্কিং ৱেবছাইট । ইউজাৰসকলে এপটোত মিডিয়া জমা দিব পাৰে, যাক তাৰ পিছত ফিল্টাৰেৰে সলনি কৰিব পাৰি আৰু হেজটেগ আৰু ভৌগোলিক লেবেলিং ব্যৱহাৰ কৰি সংগঠিত কৰিব পাৰি । পোষ্টবোৰ সাধাৰণ লোকৰ সৈতে বা পূৰ্বতে অনুমোদিত ফল'ৱাৰ্ছৰ সৈতে শ্বেয়াৰ কৰিব পাৰি । মানুহে ইয়াত ফটোগ্ৰাফৰ দৰে ট্ৰেণ্ডিঙত থকা বিষয় চাব পাৰে । লগতে ব্যক্তিগত ফীডত তেওঁলোকৰ বিষয় যোগ দিবলৈ আন লোককো ফল' কৰিব পাৰে ।

লগতে পঢ়ক :White House Documents case : হোৱাইট হাউচৰ নথি পত্ৰৰ অপব্যৱহাৰৰ গোচৰত অভিযুক্ত ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.