ETV Bharat / science-and-technology

Chandrayaan-3 : চন্দ্ৰযান-৩ অভিযানৰ সম্ভাৱ্য সমাপ্তিৰ সংকেত ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 10:40 AM IST

Chandrayaan 3
চন্দ্ৰযান-৩ অভিযানৰ সম্ভাৱ্য সমাপ্তিৰ সংকেত ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ

মহাকাশ আয়োগৰ সদস্য এ এছ কিৰণ কুমাৰৰ মতে ভাৰতৰ বাবে তৃতীয় চন্দ্ৰ অভিযান বৃহৎ সফলতা । চন্দ্ৰৰ এনে এটা অঞ্চল য'ত আন কোনেও গৈ সেই অঞ্চলৰ ইন-চিটু তথ্য লাভ কৰা নাই তাত ভাৰতে অৱতৰণ কৰি পৰীক্ষা নিৰীক্ষা কৰিছে । ভৱিষ্যতৰ কাৰ্যকলাপৰ পৰিকল্পনাৰ ক্ষেত্ৰত এই অভিযান গুৰুত্বপূৰ্ণ সহায়ক হ'ব ।

নিউজ ডেস্ক,৭ অক্টোবৰ : চন্দ্ৰযানৰ লেণ্ডাৰ আৰু ৰ'ভাৰ পুনৰ সক্ৰিয় হোৱাৰ কোনো আশা নাই । এই মন্তব্য বিশিষ্ট মহাকাশ বিজ্ঞানীৰ । চন্দ্ৰ অভিযানৰ সৈতে সক্ৰিয়ভাৱে জড়িত মহাকাশ আয়োগৰ সদস্য তথা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ এ এছ কিৰণ কুমাৰে ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ সম্ভাৱ্য সমাপ্তিৰ সংকেত দি কয় যে চন্দ্ৰযান-৩ৰ লেণ্ডাৰ আৰু ৰ'ভাৰক পুনৰ সক্ৰিয় কৰাৰ সম্ভাৱনা নাই । মহাকাশ বিজ্ঞানীগৰাকীয়ে কয় যে মহাকাশযান পুনৰ সক্ৰিয় হোৱাৰ আশা নাই । কিয়নো এতিয়ালৈকে ই সক্ৰিয় হ'ব লাগিছিল ।

ইছৰোৱে ২২ ছেপ্টেম্বৰত জনাইছিল যে চন্দ্ৰৰ দিন আৰম্ভ হোৱাৰ পাছত সৌৰশক্তিচালিত বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ'ভাৰৰ সৈতে যোগাযোগ স্থাপনৰ প্ৰচেষ্টা কৰা হৈছিল যাতে মহাকাশযানৰ অৱস্থা নিশ্চিত কৰিব পৰা যায় । কিন্তু লেণ্ডাৰ আৰু ৰ'ভাৰৰ পৰা কোনো সংকেত পোৱা হোৱা নাই । সেই সময়ত ইছৰোৱে কৈছিল যে সম্পৰ্ক স্থাপনৰ প্ৰচেষ্টা অব্যাহত থাকিব ।

উল্লেখ্য যে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ জৰিয়তে ২৩ আগষ্টত ভাৰতে ইতিহাস ৰচনা কৰিছিল । চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত প্ৰথমখন দেশ হৈ পৰিছিল । ৰাষ্ট্ৰীয় মহাকাশ সংস্থাটোৱে লেণ্ডাৰ আৰু ৰ'ভাৰক ক্ৰমান্বয়ে ২ আৰু ৪ ছেপ্টেম্বৰত চন্দ্ৰত সূৰ্য অস্ত যোৱাৰ পূৰ্বে স্লীপ মোডত ৰাখিছিল । ২২ ছেপ্টেম্বৰৰ আশে পাশে পৰৱৰ্তী সূৰ্য্যোদয়ত লেণ্ডাৰ আৰু ৰ'ভাৰ সক্ৰিয় হোৱাৰ আশা কৰা হৈছিল ।

অৱশ্যে লেণ্ডাৰ আৰু ৰ'ভাৰক পৃথিৱীৰ প্ৰায় ১৪ দিনলৈ কাম কৰাৰ বাবে ডিজাইন কৰা হৈছিল । ইফালে ইছৰোৰ বিষয়াসকলৰ মতে চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু ছফ্ট লেণ্ডিঙকে ধৰি চন্দ্ৰত ৰ'ভাৰৰ বিচৰণ আৰু ইয়াৰ পেলোড আৰু লেণ্ডাৰৰ দ্বাৰা চন্দ্ৰপৃষ্ঠত ইন-চিটু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, এই তিনিওটা উদ্দেশ্য সফল হৈছে । ইছৰোৱে নিশ্চিত কৰিছে যে লেণ্ডাৰ আৰু ৰ'ভাৰে সকলো প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰিছে । কিন্তু চন্দ্ৰৰ নিশা আৰু প্ৰচণ্ড শীতক নেওচি পুনৰ যানকেইখন কাৰ্যক্ষম হোৱাটো ইছৰোৰ বাবে বোনাচ হ'লহেঁতেন ।

লগতে পঢ়ক :Chandrayaan-3 Mission: বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰৰ পৰা পোৱা নাই কোনো সংকেত-ISRO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.