ETV Bharat / science-and-technology

Airtel 5G service: ভাৰতবৰ্ষৰ এইকেইটা স্থানত একেলগে আৰম্ভ হ'ল Airtelৰ 5G সেৱা

author img

By

Published : Dec 21, 2022, 6:29 PM IST

Airtel 5G service started in 3 places simultaneously now these cities will also enjoy high speed internet
ভাৰতবৰ্ষৰ এইকেইটা স্থানত একেলগে আৰম্ভ হ'ল Airtelৰ 5G সেৱা

5G আৰম্ভ হোৱাৰ লগে লগে কোম্পানীসমূহে নিজৰ 5G নেটৱৰ্ক বিয়পাবলৈ আৰম্ভ কৰে । এই ক্ৰম অব্যাহত ৰাখি এয়াৰটেলে ভাৰতৰ আৰু তিনিখন চহৰত 5G আৰম্ভ কৰিছে । ইয়াৰ ভিতৰত আছে আহমেদাবাদ, গান্ধীনগৰৰ লগতে মনিপুৰৰ ইম্ফলত । ইয়াৰ বিষয়ে সবিশেষ জানো আহক ।

নিউজ ডেস্ক, 21 ডিচেম্বৰ: 5G সেৱা মুকলি কৰাৰ সমান্তৰালকৈ জিঅ’ আৰু এয়াৰটেৰ দৰে টেলিকম কোম্পানীয়েও 5G সেৱা(Airtel 5G service) আৰম্ভ কৰে । জিঅ’ই নতুন চহৰত নিজৰ সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰি থকাৰ সময়তে এয়াৰটেলেও 5G তালিকাত চহৰসমূহ অবিৰতভাৱে সংযোজন কৰি আছে । এই ধাৰাক আগুৱাই লৈ ভাৰতী এয়াৰটেলে বুধবাৰে আহমেদাবাদ আৰু গান্ধীনগৰত দ্ৰুতবেগী 5G সেৱা আৰম্ভ কৰিছে(Airtel 5g service in india)। ইয়াৰ সমান্তৰালকৈ ইম্ফলত 5G সেৱা আৰম্ভ কৰাৰ কথাও ঘোষণা কৰা হৈছে(Airtel 5g service in Gujarat)।

গুজৰাটৰ এই চহৰসমূহত সেৱা উপলব্ধ হ’ব

আহমেদাবাদ আৰু গান্ধীনগৰত 5G সেৱা লাইভ হোৱাৰ কথা ঘোষণা কৰি কোম্পানীটোৱে কয় যে, বৰ্তমান আহমেদাবাদত এছ জি হাইৱে, মেমনগৰ, চেটেলাইট, নৱৰাংপুৰা, সাবৰমতী, মটেৰা, চান্দখেডা, দক্ষিণ বোপল, গোমতিপুৰ, মেমকো, বাপুনগৰত সেৱা চলি আছে(airtel 5g service in Gujarat) ।

আনহাতে, গান্ধীনগৰ চহৰত কোবা, ৰাইছন, সৰগাছান, পেথাপুৰ আদি ডাঙৰ ডাঙৰ স্থানত এই সেৱা আৰম্ভ কৰা হৈছে(airtel 5g services in 8 cities) । কোম্পানীটোৱে সময়ৰ লগে লগে নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি সমগ্ৰ চহৰখনতে নিজৰ সেৱা আগবঢ়াবলৈ পৰিকল্পনা কৰিছে(Airtel 5g services in 8 cities)।

হাই স্পীড ইণ্টাৰনেট পাব

টেলিকম অপাৰেটৰে জনোৱা মতে, কোম্পানীয়ে নিজৰ নেটৱৰ্ক গঢ়ি তোলা আৰু ৰোল আউট সম্পূৰ্ণ কৰাৰ বাবে এয়াৰটেল 5G প্লাছৰ সেৱা পৰ্যায়ক্ৰমে গ্ৰাহকৰ বাবে উপলব্ধ হ’ব(Airtel 5g launch date in india)। 5G সক্ষম ডিভাইচ থকা গ্ৰাহকে ৰোল আউট অধিক ব্যাপক নোহোৱালৈকে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ উচ্চ গতিৰ নেটৱৰ্ক উপভোগ কৰিব পাৰিব(airtel 5g services in india)।

ইম্ফলতো সুবিধা আৰম্ভ হ’ল

এয়াৰটেল 5G প্লাছে কোম্পানীটোৱে আগবঢ়োৱা সেৱাৰ সমগ্ৰ পৰ্টফলিঅ’ক শক্তিশালী কৰিব । ইয়াৰ উপৰিও ই হাই ডেফিনিশ্যন ভিডিঅ’ ষ্ট্ৰীমিং, গেমিং, মাল্টিপল চেটিং, ফটোৰ তৎক্ষণাত আপলোডিং আৰু বহুতো ছুপাৰফাষ্ট এক্সেছ প্ৰদান কৰিব(Airtel 5G service started in 3 places) । মণিপুৰৰ ইম্ফলত ৫জি মুকলি কৰাৰ কথাও ঘোষণা কৰিছে কোম্পানীটোৱে ।

এক সুকীয়া বিবৃতিত এয়াৰটেলে কয় যে, বৰ্তমান মহানগৰীৰ আকাম্পেট এলেকা, দেৱলালেণ্ড এলেকা, টাকিয়েলপাট এলেকা, ৰিমছ ইম্ফল এলেকা, নতুন সচিবালয়, বাবুপাৰা এলেকা, নগৰম, উৰিপক, সাগোলবন্দ আৰু অন্যান্য নিৰ্বাচিত স্থানত এই তীব্ৰবেগী সেৱা চলি আছে। কোম্পানীটোৱে জনোৱা মতে, আগন্তুক সময়ত এয়াৰটেলে নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি সমগ্ৰ চহৰখনতে সেৱা আগবঢ়াব ।

লগতে পঢ়ক: YouTube New Feature: ভাৰতীয় ব্যৱহাৰকাৰীয়ে YouTubeত বিভিন্ন ভাষাত চাব পাৰিব ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.