ETV Bharat / lifestyle

ডায়েবেটিছ আক্ৰান্ত COVID-19 ৰোগীৰ 20 শতাংশই ভৰ্তি হয় ICUত

author img

By

Published : Jun 9, 2020, 3:05 PM IST

কৰ'ণা ভাইৰাছৰ ফলত কিছু লোক আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থাকে বুলি বৰ্তমানলৈকে প্ৰমাণ লাভ কৰা হৈছে ৷ 50 বছৰৰ উৰ্ধৰ লোক আৰু হাওঁফাওঁৰ ৰোগ, হাপানি, হৃদৰোগ, ডায়েবেটিছ, অধিক শকত লোক, বৃক্কৰ ৰোগ, যকৃতৰ ৰোগীসকল এই ৰোগত আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থাকে ৷

কৰ'ণা ভাইৰাছ
ডায়েবেটিছ আক্ৰান্ত COVID-19 ৰোগীৰ 20 শতাংশই ভৰ্তি হয় ICU ত

নিউজ ডেস্ক, 9 জুন : ডায়েবেটিছ ৰোগীৰ বাবে কৰ'ণা ভাইৰাছ মহামাৰী চিন্তাৰ কাৰণ হৈ পৰিছে ৷ ইয়াৰ কাৰণ দুটা হ'ব পাৰে ৷ প্ৰথম কাৰণ হৈছে, ডায়েবেটিছ ৰোগীৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ থাকে ৷ সেয়েহে ভাইৰাছবিধৰ বিৰুদ্ধে যুদ্ধ কঠিন হৈ পৰে আৰু আৰোগ্য হ'বৰ বাবে অধিক সময়ৰ প্ৰয়োজন হয় ৷ দ্বিতীয়তে,ভাইৰাছবিধ ব্লাড গ্লুক'জৰ পৰিৱেশত প্ৰসাৰ ঘটিব পাৰে ৷ সেয়েহে ডায়েবেটিছ ৰোগীৰ চিকিৎসাত স্বাস্থ্যকৰ্মীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগা হৈছে ৷

প্ৰতিদিনে আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই অহাৰ লগতে সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে COVID-19 য়ে ৷ এই ভাইৰাছৰ ফলত কিছু লোক আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থাকে বুলি বৰ্তমানলৈকে প্ৰমাণ লাভ কৰা হৈছে ৷ 50 বছৰৰ উৰ্ধৰ লোক আৰু হাওঁফাওঁৰ ৰোগ,হাপানি,হৃদৰোগ, ডায়েবেটিছ,অধিক শকত লোক,বৃক্কৰ ৰোগ,যকৃতৰ ৰোগীসকল এই ৰোগত আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থাকে ৷

লগতে পঢ়ক : কোৱাৰেণ্টাইন কেন্দ্ৰত গছ পৰি মৃ্ত্যু মহিলাৰ

ডায়েবেটিছ ৰোগীৰ বাবে এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা দুগুণলৈ বৃদ্ধি পাইছে ৷ যেতিয়া ডায়েবেটিছ ৰোগীৰ দেহত কোনো সংক্ৰমিত ৰোগ হয় তেতিয়া দেহত ব্লাড গ্লুকজৰ পৰিমাণ উঠা-নমা হৈ থাকে বাবে সংক্ৰমিত ৰোগসমূহৰ চিকিৎসা কৰাটো কঠিন হৈ পৰে ৷

Endocrine Society’s Journal of Clinical Endocrinology Metabolism ত প্ৰকাশিত নতুন নিৰ্দেশাৱলী অনুসৰি,ডায়েবেটিছ থকা COVID-19ত আক্ৰান্ত চিকিৎসাধীন ৰোগীয়ে গ্লুকজ হ্ৰাস কৰা থেৰাপি গ্ৰহণৰ জৰিয়তে মৃত্যুৰ আশংকাৰ পৰা আঁতৰি থাকিব পাৰিব ৷

University of Pittsburgh School of Medicine ৰ প্ৰবন্ধ সঞ্চালক মেৰি টি. কৰিটকাউস্কিয়ে কয়,"চিকিৎসাধীন সময়ছোৱাত ডায়েবেটিছ আক্ৰান্ত COVID-19 ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্য কৰ্মীসকলক নিৰ্দেশাৱলী প্ৰদান কৰা হৈছে ৷" ইয়াৰোপৰি, এই চিকিৎসাৰ সময়ত স্বাস্থ্য কৰ্মীসকলো কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ প্ৰচুৰ শংকা থাকে ৷ আনহাতে, স্বাস্থ্য কৰ্মীসকলেও এই ক্ষেত্ৰত ধ্যান দিব লাগে যে,গ্লুক'কৰটিকইডছ আৰু হাইড্ৰক্সিক্ল'ৰ'কুইনৰ দ্বাৰা COVID-19 ৰোগীৰ চিকিৎসা কৰাৰ সময়ত ই ব্লাড গ্লুকজক প্ৰভাৱিত কৰিব নোৱাৰে ৷

লগতে পঢ়ক : COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.