ETV Bharat / jagte-raho

অস্ত্ৰ-শস্ত্ৰ সৈতে জম্মুত দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Dec 26, 2020, 7:21 PM IST

এগৰাকী সন্দেহজনক ব্যক্তিৰ বেগ তালাচী কৰাৰ সময়ত জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেশ্বন গ্ৰুপে এটা একে ছিৰিজৰ ৰাইফল, এটা পিষ্টল, দুটা একেৰ মেগজিন, একে ছিৰিজৰ 60 জাঁই সক্ৰিয় গুলি আৰু 15 জাঁই পিষ্টলৰ গুলি জব্দ কৰে ৷

অস্ত্ৰ-শস্ত্ৰ সৈতে জম্মুত দুজনক গ্ৰেপ্তাৰ
অস্ত্ৰ-শস্ত্ৰ সৈতে জম্মুত দুজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, 26 ডিচেম্বৰ : জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, শনিবাৰে 'The Resistance Force'ৰ সৈতে জড়িত থকা দুটাকৈ সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ ধৃত সন্ত্ৰাসবাদী দুটাৰ পৰা অস্ত্ৰ-শস্ত্ৰও জব্দ কৰে জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেশ্বন গ্ৰুপে ৷

শুকুৰবাৰে নিশাৰ ভাগত নাৰৱাল বাইপাছৰ সমীপৰ পৰা এখন বাহনত আহি থকা অৱস্থাত গ্ৰেপ্তাৰ হয় সন্ত্ৰাসবাদী দুটা ৷ ধৃত সন্ত্ৰাসবাদী দুটা কাজিগুণ্ডৰ ৰাইছ আহমেদ ডাৰ আৰু কুলগামৰ চাবজাৰ আহমেদ শ্বেইখ বুলি জনাইছে আৰক্ষীয়ে ৷

আৰক্ষীৰ এগৰাকী মুখপাত্ৰই এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেশ্বন গ্ৰুপে বাইপাছৰ ওচৰত এখন তালাচী চকী স্থাপন কৰি অভিযান চলাইছিল ৷ অভিযানৰ সময়তে স্বয়ংচালিত অস্ত্ৰৰ সৈতে এখন এল্টো বাহনৰ পৰা দুয়োটা সন্ত্ৰাসবাদীকে কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত সন্ত্ৰাসবাদী দুটাৰ পৰা এটা একে ছিৰিজৰ ৰাইফল, এটা পিষ্টল, দুটা একেৰ মেগজিন, একে ছিৰিজৰ 60 জাঁই সক্ৰিয় গুলি আৰু 15 জাঁই পিষ্টলৰ গুলি জব্দ হয় ৷

ঘটনা সন্দৰ্ভত বাহু ফৰ্ট আৰক্ষী চকীত 359/20 নম্বৰত অনৈতিক কাৰ্য প্ৰতিবন্ধ আইন (UAPA), 1967ৰ ধাৰা 18, 20, 38 & 39, ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120-B, 121, 121-A, 122 আৰু অস্ত্ৰ আইনৰ 7/25 ধাৰাত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, টিআৰএফ লস্কৰ-ই-তৈবা গ্ৰুপৰ সৈতে জড়িত ৷ আনহাতে ধৃত ডাৰৰ বিপক্ষে সন্ত্ৰাসবাদমুলক কাৰ্যত জড়িত থকাৰ অভিযোগত পূৰ্বেই চাৰিটাকৈ গোচৰ ৰুজু হৈ আছিল ৷

লগতে পঢ়ক : দেৱাল খহি সেনাৰ দুগৰাকীকৈ জোৱান নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.