ETV Bharat / jagte-raho

হোজাইত ব্রাউন চুগাৰসহ গ্ৰেপ্তাৰ দুজন

author img

By

Published : Mar 17, 2020, 6:01 PM IST

হোজাইত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন লোকক ৷ ধৃত লোক দুজন নীতিশ কুমাৰ আৰু ৰাজু যাদৱ বুলি জানিব পৰা গৈছে ৷ হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰৰ নেতৃত্বত চলিছিল এই অভিযান ৷

হোজাইত ব্রাউন চুগাৰসহ গ্ৰেপ্তাৰ দুজন
হোজাইত ব্রাউন চুগাৰসহ গ্ৰেপ্তাৰ দুজন

হোজাই, 17 মাৰ্চঃ শেহতীয়াকৈ ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে মধ্য অসমৰ হোজাই জিলা ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছৰ অবাধ বেহা ৷ ড্ৰাগছৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

হোজাইত ব্রাউন চুগাৰসহ গ্ৰেপ্তাৰ দুজন

মঙলবাৰে হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰৰ নেতৃত্বত চলা এক অভিযানত দুগৰাকীকৈ ড্ৰাগছ ব্যৱসায়ী জালত পৰে ৷ জিলাখনৰ নগেন্দ্ৰ নগৰ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নীতিশ কুমাৰ আৰু ৰাজু যাদৱ নামৰ দুজন ড্ৰাগছ ব্যৱসায়ী ৷ দুয়োজনৰ পৰা আৰক্ষীয়ে BR-BG-1110 পঞ্জীয়নভুক্ত এখন চাৰিচকীয়া বাহনৰ লগতে 600 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷ ইতিমধ্যে দুয়োজনক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.