ETV Bharat / jagte-raho

সৰুপেটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে সোণৰ নাও

author img

By

Published : Oct 10, 2020, 5:14 PM IST

বজালীৰ সৰুপেটাত উদ্ধাৰ সোণৰ নাওৰ লগতে এখন ডেগাৰ ৷ সৰুপেটা আৰক্ষীয়ে এখন এল্ট’ৰ পৰা তালাচী চলাই নাওখন উদ্ধাৰ কৰাৰ লগতে ঘটনা প্ৰসংগত আটক কৰে তিনিজন যুৱকক ৷

Pathsala gold smuggling assam etv bharat news
সোণৰ নাও জব্দ

পাঠশালা,10 অক্টোবৰ: বজালীৰ সৰুপেটাত শনিবাৰে দুপৰীয়া আৰক্ষীয়ে নিয়মীয়া অভিযানত জব্দ কৰে 2.24 কিল’গ্ৰাম ওজনৰ এখন সোণৰ নাও ৷ সৰুপেটা আৰক্ষী থানাৰ বিষয়া নয়নজ্যোতি ডেকাৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীৰ এটা দলে শনিবাৰে চহৰখনৰ মাজমজিয়াস্থিত পঞ্জাৱ নেশ্যনেল বেংকৰ সমুখত এখন সন্দেহজনক এল্ট’ বাহন দেখি ৰাখিবলৈ নিৰ্দেশ দিছিল ৷

সোণৰ নাও জব্দ

কিন্তু হঠাৎ সন্মুখত আৰক্ষীক দেখি বাহনৰ ভিতৰত থকা আৰোহী তিনিজনে পলাই যাব বিচৰাত আৰক্ষীয়ে বলপূৰ্বকভাৱে বাহনখন ৰখাবলৈ বাধ্য হয় ৷ তাৰপিছত আৰক্ষীয়ে বাহনখনত তালাচী চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় লুকুৱাই অনা এখন সোণৰ নাওৰ লগতে এখন ডেগাৰ সহ পাঁচটাকৈ ৰূপৰ আঙুঠি ৷ ঘটনা প্ৰসংগত আৰক্ষীয়ে বাহনখনত অহা তিনি যুৱক ক্ৰমে নুৰজামাল হুছেইন, আবু হানিফ আৰু ৰাজদুল হকক আটক কৰিছে ৷ আটকাধীন যুৱক তিনিজন লখিমপুৰৰ পৰা অহা বুলি আৰক্ষীয়ে সদৰী কৰিছে যদিও বাকী বিষয় প্ৰসংগত মুখ খোলাৰ পৰা বিৰত থাকে আৰক্ষী ৷

লগতে চাওকঃ বানৰ পিচত ঠন ধৰা ধাননি ডৰা দেখি উৎফুল্লিত মৰিগাঁৱৰ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.