ETV Bharat / jagte-raho

জইচ-ই-মহম্মদৰ 6জন সহযোগী গ্ৰেপ্তাৰ, সন্ত্ৰাসৰ ঘাটি উচ্ছেদ

author img

By

Published : Jun 1, 2020, 5:10 PM IST

জম্মু-কাশ্মীৰৰ বাদগামত আৰক্ষীয়ে অভিযান চলাই সন্ত্ৰাসৰ ঘাটি উচ্ছেদ কৰাৰ লগতে 6জনকৈ জইচ-ই-মহম্মদৰ সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

জইচ-ই-মহম্মদৰ 6জন সহযোগী গ্ৰেপ্তাৰ, সন্ত্ৰাসৰ ঘাটি উচ্ছেদ
জইচ-ই-মহম্মদৰ 6জন সহযোগী গ্ৰেপ্তাৰ, সন্ত্ৰাসৰ ঘাটি উচ্ছেদ

নিউজ ডেস্ক, 1 জুনঃ সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক সফল অভিযানৰ নেতৃত্ব দিয়ে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ সোমবাৰে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ বাদগাম জিলাৰ চাদোৰাত জম্মু-কাশ্মীৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় আৰু অভিযানকালত জইচ-ই-মহম্মদৰ নেতৃত্বত চলা ড্ৰাগছৰ এটা ঘাটি উৎখাত কৰে আৰক্ষীয়ে ৷ অভিযানকালত সন্ত্ৰাসবাদী সংগঠনটোৰ ছয়গৰাকী সহযোগীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ সেনাৰ সৈতে সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এই চক্ৰটোৱে জইচ-ই-মহম্মদৰ হৈ জম্মু-কাশ্মীৰত অবৈধ অস্ত্ৰ, ড্ৰাগছ আৰু টকাৰ যোগান ধৰি আহিছিল বুলি জানিব পৰা গৈছে ৷ নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযানত চক্ৰটো উৎখাত কৰা হয় ৷

লগতে পঢ়কঃ কাশ্মীৰত লস্কৰ-ই- তৈবাৰ তিনিজনকৈ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

অভিযানৰ নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, “প্ৰাৰম্ভিক তদন্তৰ অন্তত তেওঁলোক পাকিস্তানৰ পৰা নিয়ন্ত্ৰিত জইচ-ই-মহম্মদৰ এটা গোটৰ দ্বাৰা ড্ৰাগছ, অবৈধ অস্ত্ৰ আৰু টকাৰ যোগান ধৰা কাৰ্যত লিপ্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ তেওঁলোকক গ্ৰেপ্তাৰৰ পিচতে সন্ত্ৰাসবাদী আৰু ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৰ তথ্য পোহৰলৈ আহিছে ৷”

অভিযানত ধৃত সন্ত্ৰাসবাদী সহযোগী কেইটা বাদগাম জিলাৰ ক্ৰালপোৰাৰ মুদাচিৰ ফায়াজ, ৱাঠোৰাৰ শ্ববীৰ গানি, কুপৱাৰাৰ ছাগিৰ আহমেদ পাছোৱাল আৰু চোপিয়ানৰ ইছাক ভাট আৰু আৰ্শ্বিদ থাকেৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ তেওঁলোকৰ জিম্মাৰ পৰা এটা চাইনিজ পিষ্টল, এটা পিষ্টল মেগজিন, এটা হেণ্ড গ্ৰেণেড আৰু এক কিলোগ্ৰাম হেৰ'ইন জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

লগতে পঢ়কঃ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টাঃ নিহত ৩ পাক সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.