ETV Bharat / jagte-raho

দেৱাশীষ হত্যাকাণ্ডঃ গাভৰু বাগিছাৰ পৰিচালকক আটক

author img

By

Published : Jun 2, 2020, 10:35 PM IST

নিশা প্ৰায় 8 মান বজাত মহকুমা আৰক্ষী বিষয়া আৰু মৰিয়নী আৰক্ষীৰ নেতৃত্ব যোৱা এটা দলে গাভৰু বাগিচাৰ মুখ্য পৰিচালক জয়দ্বীপ কল আৰু সহ পৰিচালক বলবীৰ সিঙক নিজ বাংলোৰ পৰা আটক কৰে ।

Debasis Murder case two attested
গাভৰু বাগিছাৰ পৰিচালকক আটক

মৰিয়নী, 2 জুনঃ মৰিয়নীৰ দেৱাশীষ গগৈৰ হত্যাকাণ্ডৰ পিচতে আৰক্ষীয়ে ক্ষীপ্ৰ কৰি তুলিছে তদন্ত প্ৰক্ৰিয়া ৷ মৰিয়নীৰ গাভৰু চাহ বাগিছাত সংঘটিত হোৱা হত্যাকাণ্ডৰ পিচতে আৰক্ষীয়ে আটক কৰিছে চাহ বাগিছাখনৰ পৰিচালকক ৷ মঙলবাৰে নিশাৰ ভাগত মহকুমা আৰক্ষী বিষয়া আৰু মৰিয়নী আৰক্ষীৰ নেতৃত্ব যোৱা এটা দলে আটক কৰে বাগিছাখনৰ দুগৰাকী পৰিচালকক ৷

গাভৰু বাগিছাৰ পৰিচালকক আটক

গাভৰু বাগিচাৰ মুখ্য পৰিচালক জয়দ্বীপ কল আৰু সহ পৰিচালক বলবীৰ সিঙক নিজ বাংলোৰ পৰা আটক কৰে আৰক্ষীয়ে । আছু, আটাছুকে আদি কৰি বিভিন্ন দল সংগঠনে দেৱাশীষ হত্যাকাণ্ডৰ লগত গাভৰু বাগিচাৰ পৰিচালক জড়িত থকাৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছিল । ইতিমধ্যে দুয়োজন পৰিচালককে আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.