ETV Bharat / jagte-raho

বিএছএফৰ হাতত ধৃত পাকিস্তানী মাছমৰীয়া, চাৰিখন নাও জব্দ

author img

By

Published : Aug 16, 2020, 9:21 PM IST

বিএছএফৰ হাতত ধৃত পাকিস্তানী মাছমৰীয়া, চাৰিখন নাও জব্দ
বিএছএফৰ হাতত ধৃত পাকিস্তানী মাছমৰীয়া, চাৰিখন নাও জব্দ

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ এক নিময়ীয়া তালাচীৰ সময়তে গুজৰাটৰ উপকূলত চাৰিখনকৈ নাওৰ সৈতে ধৃত হয় পাকিস্তানী মাছমৰীয়াৰ এটা দল ৷ বিএছএফৰ ভুজস্থিত ইউনিটে এই অভিযানৰ নেতত্ব দি হাৰামী নালাৰ পিতনিৰ পৰা মাছমৰীয়াৰ দলটোক আটক কৰে ৷

নিউজ ডেস্ক, 16 আগষ্ট : গুজৰাট কট্ছ জিলাৰ উপকূলৱৰ্তী ভাৰত-পাকিস্তান সীমান্তত ভাৰতীয় নিৰাপত্তা বাহিনীৰ হাতত ধৰা পৰিছে পাকিস্তানী মাছমৰীয়াৰ দল ৷ জিলাখনৰ ভূজস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ নিয়মীয়া তালাচী অভিযানত হাৰামী নালাৰ পিতনিৰ পৰা চাৰিখনকৈ নাওৰ সৈতে গ্ৰেপ্তাৰ হয় পাকিস্তানী মাছমৰীয়াৰ দলটো ৷ মাছমৰীয়াৰ দলটোৰ এগৰাকী পাকিস্তানৰ সিন্ধ প্ৰদেশৰ আল্লা বাছাও ছিদ্দিকী বুলি চিনাক্ত হোৱাৰ লগতে বাকীকেইগৰাকী পলাই যাবলৈ সক্ষম হয় ৷

সাগৰীয় পথেৰে পাকিস্তানী মাছমৰীয়াৰ দলটোৱে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা চলাইছিল ৷ ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱা দলটোৰ সন্দেহজনক গতিবিধি বিএছএফে ধৰা পেলায় আৰু এক তালাচী অভিযানৰ নেতৃত্ব দিয়ে ৷ এই অভিযানকালতে বিএছএফে পাকিস্তানী মাছমৰীয়াৰ দলটোক আৱদ্ধ কৰিবলৈ সক্ষম হয় ৷ মাছমৰীয়াৰ দলটোৰ পৰা বিএছএফে চাৰিখন নাওৰ লগতে এগৰাকী মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন পাঁচগৰাকীয়ে পলাই যাবলৈ সক্ষম হয় ৷

ইতিমধ্যে বিএছএফে পাকিস্তানী মাছমৰীয়াৰ নাওকেইখন নিজৰ জিম্মাত লোৱাৰ লগতে আটকাধীন মাছমৰীয়াগৰাকীক সোধাপোচা অব্যাহত ৰাখিছে ৷ এই ঘটনাৰ পিচতেই সমগ্ৰ অঞ্চলটোতে বিএছএফে অধিক সতৰ্কতা অৱলম্বন কৰিছে ৷ বিএছএফে প্ৰকাশ কৰা অনুসৰি, মাছমৰীয়াৰ নাওকেইখনৰ পৰা কোনো আপত্তিজনক সামগ্ৰী জব্দ কৰিব পৰা হোৱা নাই ৷ আনহাতে ঘটনা সন্দৰ্ভত বিএছএফে পাকিস্তানৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছে যদিও তেওঁলোকৰ ফালৰ পৰা কোনো সুদুত্তৰ লাভ কৰা নাই ৷

লগতে পঢ়কঃ পুনৰ তিনিমাহলৈ বৃদ্ধি কাফিল খানৰ কাৰাবাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.