ETV Bharat / jagte-raho

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰিলে বিজেপিয়ে

author img

By

Published : Dec 19, 2020, 6:12 PM IST

মুম্বাইস্থিত এগৰাকী মডেলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ এদিন পিচতেই মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে বিজেপিয়ে ৷

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰিলে বিজেপিয়ে
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰিলে বিজেপিয়ে

নিউজ ডেস্ক, 19 ডিচেম্বৰ: মুম্বাইত 2013চনত ৰুজু হোৱা এটা গোচৰৰ পিচতেই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিৰুদ্ধে বিজেপিয়ে পদত্যাগৰ দাবী উত্থাপন কৰিছে ৷ বিজেপিয়ে এই গোচৰত চিবিআইৰ হস্তক্ষেপ বিচাৰিছে ৷

  • @NCWIndia has come across media report regarding a model who has alleged that she was raped by @HemantSorenJMM in 2013 and she and her family received threats against speaking about the alleged incident in public.

    — NCW (@NCWIndia) December 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডিয়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে যে,"মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে নৈতিকতাৰ ভিত্তিতে পদত্যাগ কৰিব লাগে ৷ আমি এইক্ষেত্ৰত চিবিআইৰ হস্তক্ষেপ কামনা কৰিছো ৷ বান্দ্ৰা আৰক্ষী চকীত হেমন্ত চোৰেণৰ বিৰুদ্ধে ধৰ্ষণত জড়িত থকাৰ অভিযোগ ৰুজু হৈছে ৷ এয়া এক গুৰুতৰ অপৰাধ ৷"

আনহাতে,ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত হেমন্ত চোৰেণ নেতৃত্বাধীন ঝাৰখণ্ডৰ চৰকাৰখন অস্থিৰ কৰি তুলিবৰ বাবে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা হৈছে ৷ আবেদনখনত বিজেপি সাংসদ নিশিকান্ত ডুবেৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দীপক প্ৰকাশ,প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ দাস আৰু অন্যান্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে ৷ 2013ৰ এটা গোচৰত এতিয়া এইদৰে এগৰাকী গণতান্ত্ৰিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাটো অযুক্তিকৰ বুলি আবেদনখনত কোৱা হৈছে ৷

আনহাতে ৰাষ্ট্ৰীয় মহিলা আয়োগে মহাৰাষ্ট্ৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ পৰা এই সন্দৰ্ভত এক পূৰ্ণাংগ কাৰ্যনীতি বিচাৰি নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ ৰাষ্ট্ৰীয় মহিলা আয়োগে টুইট কৰি এই কথা প্ৰকাশ কৰাৰ লগতে হেমন্ত চোৰেণ আৰু সুৰেশ নাগৰ নামৰ এগৰাকী ব্যক্তিৰ কথা উল্লেখ কৰিছে ৷ অভিযুক্তই ভুক্তভোগী যুৱতীগৰাকীক মৃত্যুৰ ভাবুকি দিয়াৰ কথাও টুইটত উল্লেখ কৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগে ৷

2013ৰ 5 ছেপ্তেম্বৰত,মুম্বাইস্থিত এগৰাকী মডেলে ঝাৰখণ্ডৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ আৰু সুৰেশ নাগৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল ৷ কিন্তু আশ্বৰ্য্যজনকভাৱে অভিযোগ দাখিলৰ কেইদিনমান পিচতেই অভিযোগকাৰীয়ে আবেদনখন উঠাই লৈছিল ৷

কিন্তু এমাহ পূৰ্বে গোড্ডা সমষ্টিৰ বিজেপি সাংসদ নিশিকান্ত ডুবেই হেমন্ত চোৰেণৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি তেওঁ ভুক্তভোগী যুৱতীগৰাকীক হত্যাৰ চেষ্টা কৰা বুলি উল্লেখ কৰিছিল ৷ ইয়াৰ পিচতেই মুখ্যমন্ত্ৰী চোৰেণে ডুবেৰ বিৰুদ্ধে ৰাঁছীৰ এখন অসামৰিক আদালতত মানহানিৰ গোচৰ ৰুজু কৰিছিল ৷ 15 ডিচেম্বৰত আদালতে ডুবেৰ লগতে ফেচবুক আৰু টুইটাৰক ইয়াৰ প্ৰত্য়ুত্তৰ বিচাৰি নিৰ্দেশনা প্ৰেৰণ কৰে ৷ অহা 21 ডিচেম্বৰত ইয়াৰ আগন্তুক শুনানি অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক : ৩ ঘণ্টাৰ বাবে নিজ বাসগৃহলৈ আহিল ডিটেনচন কেম্পত বন্দী অমলা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.