ETV Bharat / international

UNSC on Israel Hamas war : গাজাত মানৱীয় সাহায্য সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 10:37 AM IST

কেইবাটাও বিফল প্ৰচেষ্টাৰ অন্তত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বুধবাৰে এক প্ৰস্তাৱ গ্ৰহণ কৰে । গাজাত জৰুৰী আৰু সম্প্ৰসাৰিত মানৱীয় বিৰতি আৰু নিৰ্দিষ্ট সাহায্যৰ দুৱাৰ মুকলি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । আমেৰিকা, ব্ৰিটেইন আৰু ৰাছিয়া এই প্ৰস্তাৱৰ সমৰ্থনৰ পৰা বিৰত থাকে ।

UNSC on Israel Hamas war
গাজাত মানৱীয় সাহায্য সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ নৱেম্বৰ : ইজৰাইল আৰু হামাছৰ যুদ্ধ সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বুধবাৰে প্ৰথম প্ৰস্তাৱ গ্ৰহণ কৰে । পৰিষদে ইজৰাইলৰ আকাশী আৰু স্থল আক্ৰমণৰ সময়ত পেলেষ্টাইনী নাগৰিকৰ বাবে বৰ্ধিত সংকট সমাধানৰ বাবে গাজাত 'জৰুৰী আৰু সম্প্ৰসাৰিত মানৱীয় বিৰতি'ৰ আহ্বান জনায় । অৱশ্যে ইজৰাইলে তাৎক্ষণিকভাৱে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে ।

১৫ জনীয়া পৰিষদৰ এই প্ৰস্তাৱত ১২ খন ৰাষ্ট্ৰই সমৰ্থন জনায় । কিন্তু আমেৰিকা, ব্ৰিটেইন আৰু ৰাছিয়া এই ভোটদানৰ পৰা বিৰত আছিল । ৭ অক্টোবৰত ইজৰাইল আৰু ৰাছিয়াত হামাছৰ আকস্মিক সীমান্ত আক্ৰমণক গৰিহণা দিয়াত ব্যৰ্থ হোৱাৰ বাবে আমেৰিকা আৰু ব্ৰিটেইন ভোটদানৰ বাবে বিৰত থাকে ।

উল্লেখ্য যে যুদ্ধৰ অস্থায়ী সমাপ্তি আৰু সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগীৰে সাহায্য তাৎক্ষণিকভাৱে পুনৰ আৰম্ভ কৰা হৈছে এই প্ৰস্তাৱৰ প্ৰধান লক্ষ্য । প্ৰস্তাৱটোৱে আন্তৰ্জাতিক মানৱীয় আইন অনুসৰি পৰ্যাপ্ত দিনৰ বাবে গাজা ষ্ট্ৰিপত জৰুৰী মানৱীয় সহায় আৰু অন্যান্য সুবিধাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইজৰাইল, হামাছ আৰু অন্যান্য সশস্ত্ৰ সংগঠনলৈ এক বিৰল আৰু শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে যে আন্তৰ্জাতিক মানৱীয় আইন অনুসৰণৰ সৈতে কোনেও আপোচ কৰিব নোৱাৰে ।

প্ৰস্তাৱটোৱে ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণকো গৰিহণা দিছে আৰু বন্দীসকলক মুক্তি দিবলৈ আহ্বান জনাইছে আৰু সকলো পক্ষক আন্তঃৰাষ্ট্ৰীয় আইন মানি চলিবলৈ আহ্বান জনাইছে । শেহতীয়া ভোটদানৰ পাছত, ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূতে কৈছে যে আমেৰিকাই স্থল কূটনীতিৰ বাবে অধিক সময় বিচাৰিছে । নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ শক্তিশালী সংস্থা হোৱা স্বত্বেও, ইয়াৰ ৫ জন স্থায়ী সদস্যৰে গঠিত ভেটো ক্ষমতাৰ বাবে প্ৰায়ে প্ৰত্যাহ্বানৰ সন্মুখীন হয় ।

লগতে পঢ়ক :Shifa Hospital of Gaza : গাজাৰ শ্বিফা চিকিৎসালয় দখল ইজৰাইলী সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.