আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্বাচনী বিষয় হৈ পৰিছে বয়স
Published: Nov 21, 2023, 2:31 PM

আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্বাচনী বিষয় হৈ পৰিছে বয়স
Published: Nov 21, 2023, 2:31 PM
২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ৰিপাব্লিকান দলৰ মনোনয়নৰ দৌৰত সন্মুখত আছে ডোনাল্ড ট্ৰাম্প । অৱশ্যে যদিও আমেৰিকানসকলে ৰাষ্ট্ৰপতিৰ বয়সক এক বিষয় হিচাপে বিবেচনা কৰে, কিন্তু তাৰ মাজতে হয়তো আগন্তুক নিৰ্বাচনত ৭৭ বছৰীয়া ট্ৰাম্প আৰু ৮১ বছৰীয়া বাইডেনৰ সমুখ সমৰৰ সাক্ষী হ'ব পাৰে । আনহাতে, সোমবাৰে বাইডেনৰ জন্মদিনত ট্ৰাম্পে তেওঁৰ 'উৎকৃষ্ট শাৰীৰিক আৰু মানসিক স্বাস্থ্য' সন্দৰ্ভত চিকিৎসকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে । ই এইটো সূচাইছে যে অহা বছৰৰ নিৰ্বাচনত বয়স কেনেদৰে এটা মুখ্য বিষয় হ'ব ।
ইণ্টাৰনেচনেল ডেস্ক, ২১ নৱেম্বৰ : আমেৰিকাৰ ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থীৰ দৌৰত থকা ডোনাল্ড ট্ৰাম্পে সোমবাৰে তেওঁৰ চিকিৎসকৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছে । ৰাষ্ট্ৰপতি জো বাইডেনৰ ৮১ সংখ্যক জন্মদিনত তেওঁৰ চিকিৎসকৰ এই প্ৰতিবেদন প্ৰকাশ কৰিছে । প্ৰতিবেদনত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী উৎকৃষ্ট শাৰীৰিক আৰু মানসিক স্বাস্থ্য অৱস্থাত থকা বুলি প্ৰকাশ পাইছে । অৱশ্যে ট্ৰাম্পৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰা প্ৰতিবেদনখনত ওজন, ৰক্তচাপ আৰু কলেষ্টেৰলৰ স্তৰ বা যিকোনো পৰীক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ফলাফলক সমৰ্থন কৰিব পৰা কোনো বিৱৰণ নাছিল ।
নিউ জাৰ্চীৰ চিকিৎসক ডাঃ ব্ৰুছ এ এৰনৱাল্ডে কয় যে তেওঁ ২০২১ চনৰ পৰা ট্ৰাম্পৰ চিকিৎসক হৈ আছে আৰু শেহতীয়াভাৱে ছেপ্টেম্বৰ মাহত তেওঁৰ শাৰীৰিক পৰীক্ষা কৰিছিল । তেওঁ প্ৰতিবেদনখনত উল্লেখ কৰিছে যে ট্ৰাম্পৰ 'শাৰীৰিক পৰীক্ষা স্বাভাৱিক পৰিসৰৰ ভিতৰত আছে আৰু তেওঁৰ জ্ঞানো সজীৱ হৈ আছে ।'
তেওঁ লগতে কয় যে ট্ৰাম্পৰ অতি শেহতীয়া পৰীক্ষাৰ ফলাফলে দেখুৱাইছে যে তেওঁৰ কিছুমান অতি গুৰুত্বপূৰ্ণ মাপকাঠিৰ ওপৰত পূৰ্বতে কৰা পৰীক্ষাতকৈও বৰ্তমান অধিক অনুকূল হৈ আছে । শেহতীয়াকৈ তেওঁ ওজন হ্ৰাসৰ বাবে আহাৰৰ ওপৰত লোৱা গুৰুত্ব আৰু দৈনন্দিন শাৰীৰিক ব্যায়াম অব্যাহত ৰখাৰ বাবে এই কৃতিত্ব আহিছে । লগতে তেওঁ এক কঠোৰ সময়সূচী বজাই ৰাখিছিল । সেয়ে চিকিৎসকজনে এই সিদ্ধান্ত লয় যে ৭৭ বছৰ বয়সতো তেওঁ বৰ্তমান উৎকৃষ্ট স্বাস্থ্যত আছে আৰু আগন্তুক বছৰবোৰতো তেওঁ এক স্বাস্থ্যকৰ আৰু সক্ৰিয় জীৱনশৈলী উপভোগ কৰি থাকিব ।
উল্লেখ্য যে ২০২৪ চনৰ নিৰ্বাচনত বয়স এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হোৱাৰ সময়তে ট্ৰাম্পৰ এই প্ৰতিবেদনখন আহিছে । কিয়নো দেশখনৰ আটাইতকৈ বয়োজ্যেষ্ঠ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু বাইডেন আগন্তুক নিৰ্বাচনত পুনৰ এবাৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে যদিও ট্ৰাম্প বাইডেনতকৈ বেছি সৰু নহয়, কিন্তু আমেৰিকাৰ নিৰ্বাচনত ধাৰাবাহিকভাৱে এইটো দেখা গৈছে যে আমেৰিকানসকলে বয়সক ৰাষ্ট্ৰপতিৰ বাবে অধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰে ।
এছ'চিয়েটেড প্ৰেছ-এনঅ'আৰচি চেণ্টাৰ ফৰ পাব্লিক এফেয়াৰ্ছ ৰিছাৰ্চৰ আগষ্ট মাহৰ এক সমীক্ষাত দেখা গৈছে যে ৬৯ শতাংশ ডেমোক্ৰেটসহ ৭৭ শতাংশ আমেৰিকাৰ প্ৰাপ্তবয়স্কই বাইডেনক আৰু চাৰি বছৰৰ বাবে কাৰ্যকৰী হৈ থাকিবলৈ যথেষ্ট বয়সৰ বুলি বিবেচনা কৰে । আনহাতে, মাত্ৰ ৫১ শতাংশ প্ৰাপ্তবয়স্ক আৰু মাত্ৰ ২৮ শতাংশ ৰিপাব্লিকানে ট্ৰাম্পৰ বিষয়ে একে কথা প্ৰকাশ কৰিছে ।
আনহাতে, ট্ৰাম্পৰ অন্যতম প্ৰতিদ্বন্দ্বী ফ্ল'ৰিডাৰ গভৰ্ণৰ ৰণ ডেচেণ্টিছে দেওবাৰে চিএনএনত নিজকে তেওঁৰ জীৱনৰ সঠিক সময়ত থকা এজন ব্যক্তি হিচাপে নিজকে ঘোষণা কৰি কয়, "ৰাষ্ট্ৰপতি পদটো ৮০ বছৰীয়া এজন ব্যক্তিৰ বাবে নহয় ।"
