ETV Bharat / international

Kosovo Serbia clashes : কছোভো আৰু ছাৰ্বিয়াৰ মাজত পুনৰ উত্তেজনা, আক্ৰমণত কছোভো আৰক্ষীৰ জোৱান শ্বহীদ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 5:25 PM IST

কছোভো আৰু ছাৰ্বিয়াৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে । ছাৰ্বিয়াৰ দুৰ্বৃত্তই কছোভো আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । আক্ৰমণত এজন আৰক্ষী জোৱান শ্বহীদ আৰু আন এজন আহত হয় । আৰক্ষীৰ ওপৰত চলা এই আক্ৰমণক গৰিহণা আমেৰিকাৰ ।

Kosovo Serbia clashes
কছোভো আৰু ছাৰ্বিয়াৰ মাজত পুনৰ উত্তেজনা

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ : কছোভো আৰু চুবুৰীয়া ছাৰ্বিয়াৰ মাজত উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে এক আক্ৰমণত কছোভোত এগৰাকী আৰক্ষী বিষয়া শ্বহীদ হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয় । কছোভোৰ প্ৰধানমন্ত্ৰীয়ে এই আক্ৰমণৰ আঁৰত চুবুৰীয়া ছাৰ্বিয়া জড়িত থকাৰ সন্দেহ কৰিছে ।

প্ৰধানমন্ত্ৰী আলবিন কুৰ্তিয়ে কয় যে গধুৰ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত পেছাদাৰী দুৰ্বৃত্তই পুৱা প্ৰায় ৩ বজাত ৰাজধানী প্ৰিষ্টিনাৰ পৰা ৫৫ কিলোমিটাৰ উত্তৰে থকা লেপোচাভিকৰ বাঞ্জস্কা গাঁৱত আৰক্ষীৰ দললৈ লক্ষ্য কৰি গুলীচালনা কৰে । য'ত কছোভো আৰক্ষীৰ এজন বিষয়া নিহত হোৱাৰ লগতে আন এজন আহত হয় ।

কছোভো আৰক্ষীয়ে এই আক্ৰমণ সন্দৰ্ভত কয় যে নম্বৰ প্লেটবিহীন দুখন ট্ৰাকে গাঁৱখনৰ প্ৰৱেশদ্বাৰত থকা এখন দলং অৱৰোধ কৰিছিল । পথটো মুকলি কৰিবলৈ তিনিটা আৰক্ষীৰ দল সেই স্থানলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু আৰক্ষীৰ লোকসকল তাত উপস্থিত হোৱাৰ লগে লগে অস্ত্ৰ, হেণ্ড গ্ৰেণেড আৰু বোমাৰে বিভিন্ন স্থানৰ পৰা গুলীবৰ্ষণ কৰে । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু আহত দুই আৰক্ষী বিষয়াক দক্ষিণ মিট্ৰোভিকাৰ চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় । অৱশ্যে হাস্পতাল পোৱাৰ পাছতে এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যু হয় । চাৰ্ব অধ্যুষিত উত্তৰ কছোভোৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বাঞ্জস্কা গাঁৱত মাজনিশাৰ পৰা পুৱালৈ লোকসকলে গুলীচালনা আৰু বিস্ফোৰণৰ শব্দ শুনিবলৈ পাইছিল ।

এগৰাকী সাধাৰণ নাগৰিকে জনোৱা মতে এয়া এক সৰু যুদ্ধ আছিল । কিয়নো ছাৰ্বিয়াই স্থানীয় পথ আৰু ক্ৰছিং অৱৰোধ কৰিছিল । ছাৰ্বিয়াৰ এনে আক্ৰমণে পুনৰ এবাৰ কছোভো আৰু অঞ্চলটোক অস্থিৰ কৰি তুলিছে বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । আনহাতে এই ঘটনাক লৈ বিভিন্ন দেশে উদ্বেগ প্ৰকাশ কৰিছে । প্ৰিষ্টিনাত আমেৰিকাৰ ৰাষ্ট্ৰদূতে এক বিবৃতিযোগে কছোভো আৰক্ষীৰ ওপৰত সংঘটিত হিংসাত্মক আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । তেওঁ লগতে কয় যে অপৰাধীসকলক জবাবদিহি কৰিব লাগে আৰু তেওঁলোক ন্যায়ৰ সন্মুখীন হ'ব লাগিব । এনে ধৰণৰ আক্ৰমণ শীঘ্ৰে বন্ধ কৰিব লাগে বুলিও তেওঁ দাবী কৰে ।

উল্লেখ্য যে ছাৰ্বিয়া আৰু ইয়াৰ পূৰ্বৰ প্ৰদেশ কছোভোৰ মাজত কেইবা দশক ধৰি মতবিৰোধ অব্যাহত আছে । তেওঁলোকৰ মাজত ১৯৯৮-৯৯ চনত হোৱা যুদ্ধত ১০,০০০ তকৈও অধিক লোকৰ মৃত্যু হৈছিল । তাৰ বেছিভাগ কছোভো আলবেনীয় আছিল । কছোভোৱে ২০০৮ চনত একপক্ষীয়ভাৱে স্বাধীনতা ঘোষণা কৰে কিন্তু ছাৰ্বিয়াই এই পদক্ষেপক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰে ।

লগতে পঢ়ক :India Canada row: কানাডাত প্ৰবাসী ভাৰতীয় আৰু শিক্ষাৰ্থীৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণৰ দাবী সুনীল জাখৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.