ETV Bharat / international

Taliban rule for female education: অনলাইন শিক্ষা গ্ৰহণৰ পৰাও বঞ্চিত আফগান মহিলাসকল

author img

By

Published : Mar 28, 2023, 7:39 PM IST

Taliban rule for female education
অনলাইন শিক্ষা গ্ৰহণৰ পৰাও বঞ্চিত আফগান মহিলাসকল

শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত আফাগানিস্তানৰ মহিলাসকল (Afghan Women deprived of their right to education)। মহিলাৰ বাবে বিদ্যালয়, বিশ্ববিদ্যালয় এতিয়াও বন্ধ দেশখনত । শিক্ষাৰ প্ৰতি আগ্ৰহী একাংশ মহিলাই অনলাইন শিক্ষাৰ আশ্ৰয় লৈছে । কিন্তু দুৰ্বল ইণ্টাৰনেট সেৱাৰ বাবে সমস্যাত পৰিছে আফগান ছাত্ৰী তথা মহিলাসকল ।

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ মাৰ্চ : আফগানিস্তান তালিবানে অধিগ্ৰহণ কৰাৰ পাচৰে পৰা সংকটত আফগান ছাত্ৰী আৰু মহিলা (Afghan female in trouble)। তালিবান প্ৰশাসনে মহিলাৰ শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধ্যবাধকতা জাৰি কৰিছে । যাৰ ফলত শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে মহিলাসকল । এতিয়াও মহিলাৰ বাবে বিদ্যালয়, মহাবিদ্যালয় খুলি দিয়া হোৱা নাই ।

মহিলাসকলক কৰ্মস্থলীত উপস্থিত হোৱাটো বাধা আৰোপ কৰা হৈছে (Ban for women in Afghanistan)। যাৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰা ছাত্ৰী তথা মহিলাৰ সংখ্যা বৃদ্ধি পাইছে । কিন্তু বিদ্যুতৰ লুকাভাকু আৰু ইণ্টাৰনেটৰ গতি অতি লেহেমীয়া হোৱাৰ বাবে যথেষ্ট সমস্যাত পৰিছে মহিলাসকল । আফগান মহিলাসকলে শিক্ষা অব্যাহত ৰখাৰ আশাত অনলাইন শিক্ষাৰ আশ্ৰয় লৈছে । কিন্তু দুৰ্বল ইণ্টাৰনেট সেৱাই তেওঁলোকক এই ক্ষেত্ৰতো বাধা প্ৰদান কৰিছে ।

উল্লেখ্য যে, ২০২১ চনৰ আগষ্ট মাহৰ মাজভাগত তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ ফলস্বৰূপে কেইবাটাও নিষিধাজ্ঞা জাৰি কৰা হৈছিল । বিশেষকৈ যুৱতী-মহিলাসকলক ঘৰতে থাকিবলৈ বাধ্য কৰা হৈছে । বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধা দিয়া হৈছে আৰু বেছিভাগ মহিলাক ইছলামিক পোছাক পৰিধান কৰিবলৈ অস্বীকাৰ কৰাত বেচৰকাৰী সংগঠনত কাম কৰিবলৈ বাধা দিয়া হৈছে ।

অৱশ্যে আফগান মহিলাসকলে তালিবানৰ এই প্ৰতিবন্ধকতাৰ প্ৰতিৰোধ ল'বলৈ অনলাইন শিক্ষাৰ প্ৰতি প্ৰৱণতা দেখুৱাইছে । অৱশ্যে বহুতে দুৰ্বল ইণ্টাৰনেটৰ সেৱাৰ বাবে এই কাৰ্যত বিফল হৈছে (Poor internet services hinder Afghan girls)।

ছফিয়া নামৰ এগৰাকী ২২ বছৰীয়া ছাত্ৰীও তাৰ ভিতৰত এগৰাকী । কাবুলৰ ছাত্ৰীগৰাকীয়ে ঘৰৰ কম্পিউটাৰটো ব্যৱহাৰ কৰি ৰুমি একাডেমীয়ে আগবঢ়োৱা অনলাইন ইংৰাজী পাঠ্যক্ৰমত নাম ভৰ্তি কৰিছিল । কিন্তু, আন বহুতো শিক্ষাৰ্থীৰ দৰে ছফিয়াৰো ইণ্টাৰনেট সংযোগত গুৰুতৰ সমস্যাই আহিছে । শেহতীয়াকৈ শিক্ষাগ্ৰহণৰ সময়ত ছাফিয়াৰ কম্পিউটাৰ স্ক্ৰীণখন ফ্ৰীজ হৈ পৰিছিল । তেওঁ বাৰে বাৰে প্ৰশ্ন কৰিছিল যে, শিক্ষকে তেওঁৰ কথা শুনিব পাৰিছে নে । কিছু সময়ৰ পাচত, তেওঁৰ কম্পিউটাৰটো বন্ধ কৰি আকৌ এবাৰ আৰম্ভ কৰা হ'ল । কিন্তু শিক্ষকৰ পাঠদান চলিয়ে থাকিল । এক সংবাদমাধ্যমত ছাফিয়াৰ এই অসুবিধাৰ বিষয়ে প্ৰকাশ পাইছে ।

মহিলাসকলক আনুষ্ঠানিক শিক্ষাত বাধা আৰোপ কৰিলেও কিন্তু সকলোৰে বাবে ইণ্টাৰনেট সেৱা ব্যৱহাৰৰ অনুমতি আছে (Taliban restricts women from formal education)। যাৰ বাবে তালিবানৰ বাধা নেওচি মহিলাসকলে অনলাইন শিক্ষাৰ জৰিয়তে তেওঁলোকৰ আধৰুৱা শিক্ষা লাভ কৰাৰ সুযোগ দেখা পাইছে । যাৰ বাবে তেওঁলোকে তালিবান চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত প্ৰতিবন্ধকতা অতিক্ৰম কৰিব পাৰে আৰু তেওঁলোকৰ অধ্যয়ন আৰু বৃত্তিবোৰ আগবঢ়ায় লৈ যাব পাৰে ।

সংবাদমাধ্যমৰ বাতৰি অনুসৰি, তালিবানৰ নিষেধাজ্ঞা স্বত্বেও তেওঁলোকৰ শিক্ষা সমাপ্ত কৰিবলৈ চেষ্টা কৰি থকা বহুতো আফগান মহিলাৰ বাবে অনলাইন শিক্ষা এক গুৰুত্বপূৰ্ণ জীৱনৰেখা হৈ পৰিছে । কিন্তু ইণ্টাৰনেট সেৱা দুৰ্বল হোৱাৰ বাবে তেওঁলোকৰ আশাত চেঁচাপানী পৰিছে । আনকি যিখন দেশত জনসংখ্যাৰ ৯৭ শতাংশই দৰিদ্ৰ সেই দেশত এই সমস্যাবোৰো গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

ইফালে তালিবানে কাবুল দখল কৰাৰ পাচত দেশখনৰ মহিলাসকল আটাইতকৈ বেছি ভুক্তভোগী বুলি পৰিগণিত হৈছে । দেশৰ মহিলাসকলক নেতৃত্বৰ পদৰ পৰা নিষিদ্ধ কৰা হৈছে আৰু পুৰুষ সংগী লগত নাথাকিলে তেওঁলোকক ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া নহয় । তালিবানে ২০২২ চনৰ ২৩ মাৰ্চত সকলো বিদ্যালয় পুনৰ খোলাৰ প্ৰতিশ্ৰুতি দিছিল যদিও শেহতীয়াকৈ মহিলাৰ বাবে মাধ্যমিক বিদ্যালয় বন্ধ কৰি দিছে ।

এই বিদ্যালয়সমূহ কেতিয়া পুনৰ খুলিব সেয়া কোনেও নাজানে । তালিবানৰ মতে, মহিলাৰ অধিকাৰ আফগানিস্তানৰ এক আভ্যন্তৰীণ সমস্যা আৰু এইবোৰত আন দেশবোৰে হস্তক্ষেপ কৰা উচিত নহয় ।

লগতে পঢ়ক :Deprived of education: আফগানিস্তানত মহিলাৰ বাবে পুনৰ বিদ্যালয় খুলিবলৈ তালিবানক আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.