ETV Bharat / international

Deprived of education: আফগানিস্তানত মহিলাৰ বাবে পুনৰ বিদ্যালয় খুলিবলৈ তালিবানক আহ্বান

author img

By

Published : Mar 19, 2023, 10:29 AM IST

Afghanistan situation
শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত আফগানিস্তানৰ মহিলা

আফগানিস্তানত এতিয়া পৰিৱেশ উন্নত হোৱা নাই । মহিলাসকল এতিয়াও শিক্ষাৰ পৰা বঞ্চিত হৈ আছে (Afghan women are still deprived of education)। এইবাৰ অভিভাৱকসকলে তালিবান প্ৰশাসনক ছাত্ৰীসকলৰ বাবে বিদ্যালয় খুলি দিবলৈ আহ্বান জনালে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ মাৰ্চ: বিগত প্ৰায় ৫৪৪ দিন ধৰি ছাত্ৰীসকলৰ বাবে বন্ধ হৈ আছে আফগানিস্তানৰ মাধ্যমিক বিদ্যালয়সমূহ । যাৰ বাবে তালিবানক সেই বিদ্যালয়সমূহ খুলিবলৈ আহ্বান জনাইছে একাংশ অভিভাৱক আৰু শিক্ষাৰ্থীয়ে (Parents urges Taliban to reopen school)। শনিবাৰে, অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে উদ্বেগ প্ৰকাশ কৰি কৰ্তৃপক্ষক তেওঁলোকৰ সন্তানবোৰক (কন্যা) বিদ্যালয়লৈ উভতি যাবলৈ অনুমতি দিবলৈ আহ্বান জনাইছে ।

অভিভাৱকসকলে কৈছে যে, বিদ্যালয়সমূহ বন্ধ হোৱাৰ ফলত তেওঁলোকৰ সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে । কিয়নো তেওঁলোকৰ কিছুমান মানসিক ৰোগত আক্ৰান্ত হৈছে । অভিভাৱকসকলে ২১ মাৰ্চত নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ সময়ত ষষ্ঠ শ্ৰেণীৰ ওপৰৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ বাবে আহ্বান জনাইছে । তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাৰ পাছৰে পৰা ষষ্ঠ শ্ৰেণীৰ ওপৰৰ স্কুলীয়া শিক্ষা বন্ধ কৰা হৈছিল । যোৱা বছৰৰ ডিচেম্বৰৰ শেষৰ ফালে ছোৱালী বা মহিলাসকলক বিশ্ববিদ্যালয়লৈ যোৱা আৰু বেচৰকাৰী সংগঠনৰ সৈতে কাম কৰাটো বাধা আৰোপ কৰিছিল (Taliban bans girl students from going to school)।

যদিও অন্তৱৰ্তীকালীন প্ৰশাসনে দাবী কৰিছে যে, ছোৱালীৰ শিক্ষাৰ ওপৰত নিষেধাজ্ঞা অস্থায়ী আছিল আৰু পৰিৱেশ উন্নত হোৱাৰ পাচত তেওঁলোকে পুনৰ অনুমতি দিব । কিন্তু ডেৰ বছৰতকৈও অধিক সময় পাৰ হৈ গৈছে বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰীসকলৰ বাবে পৰিৱেশ এতিয়াও উন্নত হোৱা নাই (Taliban restrictions on Woman)।

যোৱা বছৰ ১৮ ছেপ্টেম্বৰত আফগানিস্তানৰ উচ্চ বিদ্যালয়সমূহ ল'ৰাবোৰৰ বাবে খুলি দিয়া হৈছিল আনহাতে ছোৱালীবোৰক তালিবানে ঘৰতে থাকিবলৈ নিৰ্দেশ দিছিল । তালিবানে মহিলাসকলৰ মত প্ৰকাশৰ স্বাধীনতা, সংগঠন, সমাবেশ আৰু আন্দোলনৰ অধিকাৰৰ ওপৰত কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰিছে (Afghanistan woman deprived of right to education)।

ষষ্ঠ শ্ৰেণীৰ ওপৰৰ ছাত্ৰীসকলক বিদ্যালয়লৈ যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে তালিবান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে । তদুপৰি, যোৱা বছৰ আগষ্টত কাবুল দখল কৰা তালিবান প্ৰশাসনে মহিলাৰ অধিকাৰ আৰু স্বাধীনতা হ্ৰাস কৰিছে । অৰ্থনৈতিক সংকট আৰু নিষেধাজ্ঞাৰ বাবে মহিলাসকলক মুখ্যতঃ কৰ্মশক্তিৰ পৰা বাদ দিয়া হৈছে (Woman faces problems in Afghanistan)।

শেহতীয়াকৈ, তালিবানে ছাত্ৰীসকলক অহা মাহত অনুষ্ঠিত হ'বলগীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত বহিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে । তালিবান উচ্চ শিক্ষা মন্ত্ৰালয়ে বিশ্ববিদ্যালয়সমূহলৈ এখন জাননী প্ৰেৰণ কৰিছে য'ত কোৱা হৈছে যে ছাত্ৰীবোৰে পৰৱৰ্তী জাননী নোপোৱালৈকে পৰীক্ষাৰ বাবে আবেদন কৰিব নোৱাৰে । তেওঁলোকে ছাত্ৰীসকলক বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

ফলস্বৰূপে, আফগানিস্তানৰ ছাত্ৰীসকলে মানৱ অধিকাৰ উলংঘনৰ সন্মুখীন হৈছে (Afghan girls face human rights violations)। যিসকল ছাত্ৰী বৈষম্যহীনতা, শিক্ষা, কাম, ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ আৰু স্বাস্থ্যৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে ।

লগতে পঢ়ক :Earthquake in Ecuador: ইকুৱেডৰত প্ৰবল ভূমিকম্পত নিহত অতি কমেও 14 গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.