Earthquake in Ecuador: ইকুৱেডৰত প্ৰবল ভূমিকম্পত নিহত অতি কমেও 14 গৰাকী লোক

author img

By

Published : Mar 19, 2023, 6:56 AM IST

Massive earthquake hits Ecuador

শনিবাৰে 6.8 প্ৰাবল্যৰ এক ভূমিকম্পই জোঁকাৰি যায় ইকুৱেডৰক ৷ এই ভূমিকম্পৰ ফলত অতিকমেও 14 গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে (Earthquake in Ecuador) ৷

নিউজ ডেস্ক, 19 মাৰ্চ: ইকুৱেডৰত সংঘটিত এক প্ৰবল ভূমিকম্পত নিহত হৈছে অতিকমেও 14 গৰাকী নাগৰিক ৷ শনিবাৰে হোৱা এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল 6.8 ৷ ইকুৱেডৰৰ প্ৰশান্ত মহাসাগৰীয় উপকুলত উৎপত্তি হৈছিল এই ভূমিকম্পটো ৷ ইউ এছ জিঅ’ল’জিকেল চাৰ্ভেৰ তথ্য মতে, গুৱায়াকিল নগৰৰ পৰা দক্ষিণে প্ৰায় 80 কিঃমিঃ দূৰত্বত আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ (Massive earthquake hits Ecuador) ৷

এই ভূমিকম্পৰ কম্পন উত্তৰ পেৰুটো অনুভূত হয় ৷ দেশখনৰ প্ৰধানমন্ত্ৰী এলবাৰ্ট’ ওটাৰোলাই কয় যে, এই ভূমিকম্পৰ ফলত ঘৰৰ মুধচ খহি এগৰাকী 4 বছৰীয়া কন্যা শিশু নিহত হৈছে ৷ ইকুৱেডৰৰ সীমান্তত থকা টাম্বেছ অঞ্চলত মৃত্যু হৈছে এই কন্যা শিশুটিৰ ৷ কৰ্তৃপক্ষৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি ইকুৱেডৰত মৃত্যু হৈছে 13 গৰাকী নাগৰিকৰ ৷ ইয়াৰ লগতে প্ৰায় 126 গৰাকী নাগৰিক আহত হোৱাৰ খবৰ পোৱা গৈছে (Death troll in Ecuador earthquake) ৷

লগতে পঢ়ক: ICC issues arrest warrant against Putin : পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

ইকুৱেডৰৰ দ্বিতীয় বৃহৎ নগৰ গুৱায়াকিলৰ লোকসকলে জনোৱা মতে, এই কম্পনৰ সময়ত তেওঁলোকৰ ঘৰৰ ভিতৰৰ সামগ্ৰী সমূহ পৰিবলৈ আৰম্ভ কৰে ৷ চিচিটিভি ফুটেজত আতংকিত লোকসকলক ঘৰৰ পৰা বাহিৰলৈ দৌৰা প্ৰত্যক্ষ কৰা হৈছে ৷ দেশখনৰ ৰাজধানী কুইট’ৰ পৰা দক্ষিণ-পশ্চিম দিশত প্ৰায় 270 কিঃমিঃ দূৰত্বত অৱস্থিত এই নগৰখন (Ecuador earthquake news) ৷

ইকুৱেডৰৰ ৰাষ্ট্ৰপতি গুইলাৰমো লাছোৱে টুইটযোগে দেশৰ বাসিন্দাসকলক শান্ত হৈ থাকিবলৈ আহ্বান জনায় ৷ এই বাৰ্তা প্ৰেৰণ কৰাৰ পূৰ্বে সাংবাদিকক তেওঁ কয় যে, এই ভূমিকম্পই “নিঃসন্দেহে জনতাৰ মাজত আতংকৰ সৃষ্টি কৰিছে” । ইকুৱেডৰৰ জৰুৰীকালীন সঁহাৰি সংস্থা, ৰিস্ক মেনেজমেণ্ট সচিবালয়ে জনোৱা মতে, আজুৱে প্ৰদেশৰ হাইলেণ্ডত দুগৰাকী লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে এগৰাকী ভুক্তভোগীয়ে বাহনেৰে গৈ থকা অৱস্থাত এটা ঘৰ ভাঙি হেঁচা মাৰি ধৰে তেওঁৰ বাহনখন ৷ ফলত লোকজনৰ মৃত্যু হয় (Earthquake in Ecuador) ৷

লগতে পঢ়ক: Imran Khan case hearing: আদালতলৈ যোৱাৰ সময়তে ইমৰান খানৰ বাসগৃহত আৰক্ষীৰ অভিযান

ৰিস্ক মেনেজমেণ্ট সচিবালয়ৰ ক্ৰিষ্টিয়ান ট’ৰেছে কয় যে, এল অৰো অঞ্চলত প্ৰায় 11 গৰাকী নাগৰিকে এই ভূমিকম্পৰ ফলত জীৱন হেৰুৱাইছে ৷ মাচাল্লা সম্প্ৰদায়ৰ কেইবাগৰাকীও লোক এটা আট্টালিকা খহি পৰাৰ ফলত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে ৷ ফোন আৰু বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ বাবে উদ্ধাৰ অভিযানতো সমস্যাৰ সৃষ্টি হৈছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে (Earthquake news) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.