ETV Bharat / international

Modi meets NEC Corporation : ভাৰতত বিনিয়োগ সন্দৰ্ভত আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : May 23, 2022, 4:11 PM IST

Modi meets NEC Corporation
ভাৰতত বিনিয়োগ সন্দৰ্ভত আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে জাপানলৈ ৰাওনা(Two day Japan visit of PM Modi) হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰথমদিনৰ কাৰ্যসূচীৰ অংশ হিচাপে মোডীয়ে NEC ৰ মুৰব্বী নবুহিৰো ইন্দোক সাক্ষাৎ(Chairman of NEC Corporation meet Modi) কৰে ৷ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ দূৰসংযোগ খণ্ডত বিশেষকৈ চেন্নাই-আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু কোচি-লক্ষদ্বীপ দ্বীপপুঞ্জৰ অ’এফচি প্ৰকল্পৰ ক্ষেত্ৰত এনইচিৰ ভূমিকাক প্ৰশংসা কৰে ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 মে’: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাপান ভ্ৰমণৰ প্ৰথমদিনাৰ কাৰ্যসূচী হিচাপে NEC ৰ মুৰব্বী নবুহিৰো ইন্দোক সাক্ষাৎ(Chairman of NEC Corporation meet Modi) কৰে ৷ এই সময়চোৱাত ভাৰতৰ দূৰসংযোগ খণ্ডত জাপানৰ বহুজাতিক কোম্পানীৰ ভূমিকাৰ বিষয়ে মোডীয়ে ইন্দোৰ সৈতে আলোচনাত মিলিত হয় ৷ বিশেষকৈ চেন্নাই-আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু কোচি-লক্ষদ্বীপ দ্বীপপুঞ্জৰ অ’এফচি প্ৰকল্পৰ ক্ষেত্ৰত এনইচিৰ ভূমিকাক প্ৰশংসা কৰে ৷

এই বৈঠকতে মোডীয়ে পিএলআই আঁচনিৰ অধীনত বিনিয়োগৰ সুযোগৰ কথাও প্ৰকাশ কৰা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে সদৰি কৰে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, তেওঁলোকে ঔদ্যোগিক বিকাশ, কৰ আৰু শ্ৰমিকৰ ক্ষেত্ৰতো ভাৰতত ব্যৱসায় কৰাৰ বাবে হাতত লোৱা বিভিন্ন আঁচনিৰ সংশোধনৰ বিষয়ে আলোচনা কৰে । তেওঁলোকে নতুন আৰু অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতত সুযোগৰ বিষয়েও আলোচনা কৰিছিল ।

জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী মোডীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত(Two day Japan visit of PM Modi) হৈছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে 24 মে’ত টকিঅ’ত অনুষ্ঠিত তৃতীয় কোৱাড লিডাৰ্ছ সন্মিলন(Third Quad Leaders Summit in Tokyo) ত অন্যান্য কোৱাড সদস্যসকলৰ সৈতে অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰীয়ে 24 মে’ত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হ'ব ।

প্ৰধানমন্ত্ৰী কিছিদাৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত চলিত বৰ্ষৰ মাৰ্চত অনুষ্ঠিত চতুৰ্দশ ভাৰত-জাপান বাৰ্ষিক সন্মিলন(14th India-Japan Annual Summit) ৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী কিছিদাই ভাৰত ভ্ৰমণ কৰালৈকে আদি বিষয় স্থান পোৱাৰ সম্ভাৱনা আছে । এই ভ্ৰমণকালত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে জাপানৰ নেতাসকলৰ সৈতে ব্যৱসায়িক সন্দৰ্ভত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু জাপানত থকা ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব ৷

জাপানত ভাৰতীয় ৰাষ্ট্ৰদূত সঞ্জয় কুমাৰ বাৰ্মাই দেওবাৰে প্ৰকাশ কৰিছিল যে, প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰায় 35 গৰাকী নেতাৰ সৈতে ব্যৱসায় সন্দৰ্ভত ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব ৷ এই বৈঠকৰ পিছতে প্ৰতিগৰাকী নেতাই সুকীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব ৷

লগতে চাওক: Saudi Arabia bans travel : ভাৰতকে ধৰি 16 দেশলৈ নিষিদ্ধ ভ্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.