ETV Bharat / international

Pakistan Army terrorist clash : পাকিস্তানত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত ২ সেনা শ্বহীদ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 2:57 PM IST

পাকিস্তান সেনাৰ ওপৰত হোৱা সন্ত্ৰাসবাদীৰ এক আক্ৰমণত ২ সেনা শ্বহীদ হয় । খাইবাৰ পাখতুনখোৱা প্ৰদেশত মাৰ্চ মাহত হোৱা সংঘৰ্ষত ৪ গৰাকী আৰক্ষী বিষয়া নিহত হৈছিল ।

Pakistan Army terrorist clash
পাকিস্তানত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত ২ সেনা শ্বহীদ

ইণ্টাৰনেশ্যনেল ডেস্ক,২ ছেপ্টেম্বৰ : আফগানিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত সন্ত্ৰাসবাদী আৰু পাকিস্তানী সেনাৰ সংঘৰ্ষ । এই সংঘৰ্ষত পাকিস্তানী সেনাৰ এজন মেজৰ আৰু এজন সৈনিক শ্বহীদ হয় । শনিবাৰে সেনাই জনোৱা মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আফগানিস্তানৰ সীমান্তৱৰ্তী অশান্ত উত্তৰ-পশ্চিম জনজাতীয় জিলাত অভিযান চলোৱা হৈছিল । সেই সময়ত সন্ত্ৰাসবাদীৰ সৈতে সেনাৰ গুলীচালনা হয় । দুদিন পূৰ্বে খাইবাৰ পাখতুনখোৱা প্ৰদেশত নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) সন্ত্ৰাসবাদী সংগঠনৰ আত্মঘাতী আক্ৰমণত ৯ জন সৈনিক নিহত হৈছিল ।

সেনাই জনোৱা মতে শুকুৰবাৰে উত্তৰ ৱাজিৰিস্তান জনজাতীয় জিলাৰ মিৰান শ্বাহত এই সংঘৰ্ষ হয় । সেনাৰ বিবৃতি অনুসৰি সেনাবাহিনীক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল যাৰ ফলত দুয়োপক্ষৰ মাজত তীব্ৰ গুলীচালনা হয় । ফলস্বৰূপে এগৰাকী মেজৰ আৰু এগৰাকী সৈনিক নিহত হয় । ইফালে গুলীচালনাত এটা সন্ত্ৰাসবাদীও নিহত হয় আৰু এটা আহত হয় ।

সেনাই জনোৱা মতে সন্ত্ৰাসবাদীক দমন কৰিবলৈ ৱাজিৰিস্তানত এক অভিযান চলি আছে । তাৰ মাজতে বৃহস্পতিবাৰে নিৰাপত্তা বাহিনীৰ কনভয়ত টিটিপি সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ বান্নু জিলাত ৯ গৰাকী সেনা নিহত হয় আৰু ২০ গৰাকী আহত হয় । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ পাকিস্তানত অবৈধ সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । চলিত বৰ্ষৰ মাৰ্চ মাহত খাইবাৰ পাখতুনখোৱাত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত বিস্ফোৰণত ৪ গৰাকী আৰক্ষী বিষয়া শ্বহীদ হয় । শ্বহীদ বিষয়াসকল লাক্কি মাৰৱাট আৰক্ষী থানাৰ অধীনত নিয়োজিত আছিল । যিটো অঞ্চল আফগানিস্তানৰ সীমান্তৱৰ্তী আছিল ।

লগতে পঢ়ক :South African police killed suspected robbers : আৰক্ষীৰ গুলীত নিহত 18 টা ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.