ETV Bharat / international

যাত্ৰীবাহী বাছলৈ গুলীচালনা দুষ্কৃতিকাৰীৰ, থিতাতে মৃত্যু 8 জনৰ

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 10:45 AM IST

দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছ ৷ নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে এখন ট্ৰাকত খুন্দা মাৰে ৷ ইয়াৰ পিছত পাকিস্তান অধিকৃত কাশ্মীৰৰ (PoK) গিলগিট বাল্টিস্তানত এটা খাৱৈত বাগৰি পৰে বাছখন । বাছখনত যাত্ৰা কৰা 45 জন লোকৰ ভিতৰত কমেও 8 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ।

many dead several injured after unidentified men open fire on passenger bus in pok
যাত্ৰীবাহী বাছলৈ গুলীচালনা দুষ্কৃতিকাৰীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: শনিবাৰে ARY News এ প্ৰকাশ কৰা অনুসৰি পাকিস্তান অধিকৃত কাশ্মীৰৰ গিলগিট বাল্টিস্তানত যাত্ৰীবাহী বাছলৈ গুলীচালনাৰ ঘটনাত কমেও 8 জন লোকে প্ৰাণ হেৰুৱাই আৰু 26 জন লোক আহত হয় । চিলাছ জিলাত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷ উপ আয়ুক্ত ডায়েমাৰ কেপ্তেইন আৰিফ আহমেদৰ উদ্ধৃতি দি প্ৰকাশ কৰা এক প্ৰতিবেদনত সংবাদ সংস্থাটোৱে কয়, "অচিনাক্ত আক্ৰমণকাৰীয়ে যাত্ৰীবাহী বাছ এখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু তাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় ।"

উপ-আয়ুক্তগৰাকীয়ে আঠজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰি ৰাৱালপিণ্ডি অভিমুখী বাছখন ঘিজাৰ দিশৰ পৰা আহিছিল বুলিও জনায় । ইয়াৰ পূৰ্বে চিলাছৰ সমীপৰ এটা খাৱৈত বাছ বাগৰি পৰাৰ ফলত কমেও তিনিজন যাত্ৰী নিহত হোৱাৰ লগতে 24 জন আহত হয় বুলি সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে । ৰেচকিউ 1122 ৰ তথ্য অনুসৰি ৰাৱালপিণ্ডিৰ পৰা স্কাৰডু অভিমুখী পথত এখন বাছ বিপৰীত ফালৰ পৰা অহা আন এখন বাহনৰ সৈতে খুন্দা মৰাৰ ফলত এটা খাৱৈত বাগৰি পৰে ।

এই তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু আৰক্ষী সেই স্থানত উপস্থিত হৈ আহত আৰু মৃতকক সমীপৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰে বুলি ARY News এ প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বে 7 ফেব্ৰুৱাৰীৰ আন এক ঘটনাত গিলগিট-বাল্টিস্তানৰ চিলাছ চহৰৰ কোহিস্তান শতিয়াল চৌকিৰ সমীপত কাৰাকোৰাম ঘাইপথত যাত্ৰীবাহী বাছৰ এখন গাড়ীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত কমেও 25 জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ।

লগতে পঢ়ক: যুদ্ধবিৰতি সমাপ্ত; গাজাত ইজৰাইলৰ আক্ৰমণত নিহত ১৭৮

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.