ETV Bharat / international

Hardeep Singh Nijjar Shot Dead : খালিস্তানী সমৰ্থক হৰদীপ সিং নিজ্জাৰক কানাডাত গুলীয়াই হত্যা

author img

By

Published : Jun 19, 2023, 3:15 PM IST

Hardeep Singh Nijjar Shot Dead
Hardeep Singh Nijjar Shot Dead

কানাডাত গুলীয়াই হত্যা কৰা হৈছে এজন খালিস্তানী সমৰ্থকক । বাতৰি অনুসৰি, কানাডাৰ চাৰেত সংঘটিত গুলীচালনাত খালিস্তানী সমৰ্থক হৰদীপ সিং নিজ্জাৰ নিহত হৈছে । নিজ্জাৰক ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে বিভিন্ন হিংসাত্মক আৰু ধ্বংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ বাবে 'ৱাণ্টেড সন্ত্ৰাসবাদী' ঘোষণা কৰিছিল ।

নিউজ ডেস্ক, ১৯ জুন : কানাডাত গুলীয়াই হত্যা কৰা হৈছে খালিস্তানী সমৰ্থক হৰদীপ সিং নিজ্জাৰক । প্ৰাপ্ত তথ্য অনুসৰি, কানাডাৰ চাৰেত সংঘটিত গুলীচালনাৰ ঘটনাত নিহত হয় হৰদীপ সিং । উল্লেখ্য যে হৰদীপ সিং নিজ্জাৰক ভাৰত চৰকাৰে পূৰ্বতে 'ৱাণ্টেড সন্ত্ৰাসবাদী' ঘোষণা কৰিছিল । তেওঁৰ বিৰুদ্ধে বিভিন্ন হিংসাত্মক আৰু ধ্বংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ আছে ।

শেহতীয়াভাৱে ভাৰত চৰকাৰে প্ৰকাশ কৰা ৪০ জন ৱাণ্টেড সন্ত্ৰাসবাদীৰ তালিকাত নিজ্জাৰৰ নামো অন্তৰ্ভুক্ত কৰা হৈছিল । ইয়াৰ উপৰি নিজ্জাৰ বিচ্ছিন্নতাবাদী সংগঠন 'শিখছ ফৰ জাষ্টিছ'ৰ এজন সক্ৰিয় সদস্য আছিল । যাৰ বাবে তেওঁৰ বিষয়ত ভাৰত চৰকাৰ সতৰ্ক হৈ আছিল । তেওঁ ব্ৰেম্পটন চহৰত খালিস্তানী গণভোট অনুষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

লগতে পঢ়ক :Manipur Violence : পশ্চিম ইম্ফলত অপ্ৰৰোচিত গুলীচালনাত আহত সেনা জোৱান

প্ৰাপ্ত তথ্য অনুসৰি, গুলীচালনাৰ সময়ত হৰদীপ সিং চাৰেৰ গুৰুদ্বাৰৰ বাহিৰত গাড়ী পাৰ্কিঙত আছিল । তাতেই দুজন অজ্ঞাত ব্যক্তি আহি তেওঁৰ ওপৰত গুলীচালনা কৰি আক্ৰমণ কৰে । ফলত গাড়ীখনৰ ভিতৰতে হৰদীপ সিঙৰ মৃত্যু হয় । উল্লেখ্য যে ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ পাঞ্জাবী সংখ্যাগৰিষ্ঠ চহৰ চাৰেৰ গুৰু নানক শিখ গুৰুদ্বাৰত হৰদীপক গুলীয়াই হত্যা কৰা হয় । তেওঁ এই গুৰু নানক শিখ গুৰুদ্বাৰৰ সভাপতি আছিল ।

উল্লেখ্য, ২০২২ চনত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই পঞ্জাবৰ জলন্ধৰত এজন হিন্দু পুৰোহিতক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত নিজ্জাৰৰ বিৰুদ্ধে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল । পুৰোহিতজনক হত্যা কৰাৰ ষড়যন্ত্ৰ কানাডাত বাস কৰা নিজ্জাৰৰ খালিস্তান টাইগাৰ ফ'ৰ্চে ৰচনা কৰিছিল । নিজ্জাৰ আছিল খালিস্তান টাইগাৰ ফ'ৰ্চৰ মুৰব্বী । ইয়াৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ ষড়যন্ত্ৰৰ ক্ষেত্ৰত NIA-এ নিজ্জাৰৰ বিৰুদ্ধে অভিযোগনামাও দাখিল কৰিছিল ।

লগতে পঢ়ক :Chhattisgarh Bus accident : দলঙৰ ৰেলিঙত মাৰিলে খুন্দা, ২৬ৰো অধিক বাছৰ যাত্ৰী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.