ETV Bharat / international

India and Canada relation: ত্ৰিংৰগা জ্বলাই প্ৰতিবাদ খালিস্তানী সমৰ্থকৰ, নিজ্জাৰৰ হত্যাকাণ্ডৰ ৰাজহুৱা তদন্তৰ দাবী

author img

By ANI

Published : Sep 26, 2023, 9:19 AM IST

ভেংকুৱাৰস্থিত ভাৰতীয় দূতাবাসৰ বাহিৰত খালিস্তানী সমৰ্থকৰ প্ৰতিবাদ ৷ খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সমৰ্থনকাৰীসকলে । খালিস্তানী পতাকা উত্তোলন, সংগীত বজোৱাৰ লগতে শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । নিজ্জাৰৰ মৃত্যুক “হত্যা” বুলি অভিহিত কৰি এই গোচৰৰ ৰাজহুৱা তদন্তৰ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ।

India and Canada relation
ত্ৰিংৰগা জ্বলায় প্ৰতিবাদ খালিস্তানী সমৰ্থকৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ: কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে হৰদীপ সিং নিজ্জাৰক হত্যাৰ আঁৰত ভাৰত চৰকাৰ জড়িত থকা বুলি অভিযোগ উত্থাপন কৰাৰ মাজতে ভেংকুৱাৰত থকা ভাৰতীয় দূতাবাসৰ বাহিৰত বহু সংখ্যক খালিস্তানী সমৰ্থকে খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীয়ে খালিস্তানী পতাকা উত্তোলন, সংগীত বজোৱাৰ লগতে শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । ইয়াৰে কিছুমানে ভাৰতীয় দূতাবাসৰ বাহিৰত জাবৰৰ টেমাত ভাৰতৰ পতাকা জ্বলাই দিয়ে । টৰেন্ট’তো একেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় । কানাডাৰ CTV News য়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিবাদকাৰীসকলে নিজ্জাৰৰ মৃত্যুক “হত্যা” বুলি অভিহিত কৰি এই গোচৰৰ ৰাজহুৱা তদন্তৰ আহ্বান জনায় । কানাডাৰ বিভিন্ন চহৰত খালিস্তানী সমৰ্থকে সংগঠিত কৰা কেইবাটাও প্ৰতিবাদৰ ভিতৰত এই প্ৰতিবাদ অন্যতম ।

CTV News য়ে বিশ্ব শিখ সংগঠনৰ সভাপতি তেজিন্দৰ সিং সিদ্ধুৱে প্ৰকাশ কৰা এক বিবৃতিযোগে হৰদীপ সিং নিজাৰৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ আহ্বান জনায় । তেওঁ আৰু কয়, “যদি সমাজৰ সদস্যসকলে অসুৰক্ষিত অনুভৱ কৰে বা হিংসাৰ বাবে উচটনি দিয়া পৰিলক্ষিত হয়, তেন্তে আমি তেওঁলোকক তৎক্ষণাত আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ উৎসাহিত কৰোঁ ৷”

দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কানাডাত খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰ্দীপ সিং নিজ্জাৰৰ গুলীচালনাত ভাৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক অৱনমিত হৈ পৰিছে । ভাৰতৰ দ্বাৰা ঘোষিত এজন সন্ত্ৰাসবাদী নিজ্জাৰক 18 জুনৰ দিনা কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ গুৰদ্বাৰৰ বাহিৰত হত্যা কৰা হৈছিল । ভাৰতে অৱশ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ এই অভিযোগ নস্যাৎ কৰি “অৰ্থহীন” আৰু “পৰিকল্পিত” বুলি অভিহিত কৰে ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, " আমি তেওঁলোকৰ সংসদত কানাডাৰ প্ৰধানমন্ত্ৰীৰ বক্তব্য দেখিছো আৰু নাকচ কৰিছো, লগতে তেওঁলোকৰ বৈদেশিক মন্ত্ৰীৰ বক্তব্যও অস্বীকাৰ কৰিছো ।" বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ আঁৰত ভাৰতৰ “সম্ভাৱ্য সংযোগ” সন্দৰ্ভত কানাডাই উত্থাপন কৰা অভিযোগসমূহ “ৰাজনৈতিকভাৱে পৰিচালিত” ।

লগতে পঢ়ক: India and Canada relation: কানাডাত সন্ত্ৰাসবাদীয়ে বিচাৰি পাইছে নিৰাপদ আশ্ৰয়: শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.