ETV Bharat / international

Journalist jailed in China: এবছৰ মাত্ৰ 10 ঘন্টা সূৰ্যৰ পোহৰ দেখিছে অন্ধকাৰ কাৰাগাৰত বন্দী এগৰাকী সাংবাদিকে

author img

By

Published : Aug 11, 2023, 12:03 PM IST

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অভিযোগত যোৱা ৩ বছৰ ধৰি চীনৰ কাৰাগাৰতে আছে অষ্ট্ৰেলিয়াৰ এগৰাকী সাংবাদিক । গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে যদিও এতিয়ালৈ তেওঁৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰা হোৱা নাই । কিন্তু সাংবাদিকগৰাকীক যিধৰণে কাৰাগাৰত ৰখা হৈছে সেয়া জানিলে আপুনিও আচৰিত হ'ব ! শেহতীয়াকৈ সাংবাদিকগৰাকীয়ে চীনা প্ৰশাসনৰ নিষ্ঠুৰতাৰ তথ্য প্ৰকাশ কৰিছে ।

Journalist jailed in China for 3 years
এবছৰত মাত্ৰ ১০ ঘণ্টা হে সূৰ্যৰ পোহৰ দেখিছে চীনত কাৰাবন্দী সাংবাদিকে

ইণ্টাৰনেশ্যনেল ডেস্ক,১১ আগষ্ট : চীনৰ কাৰাগাৰাত দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে এগৰাকী বিদেশী সাংবাদিকে । বছৰত তেওঁ মাত্ৰ ১০ ঘণ্টা হে সূৰ্যৰ পোহৰ দেখিছে ! এই তথ্য পোহৰলৈ অহাৰ পাছতে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চীনৰ ৰাজ্যিক সম্প্ৰচাৰৰ বাবে কাম কৰা আৰু চোৰাংচোৱাৰ অভিযোগত দোষী সাব্যস্ত হোৱা চীনা-অষ্ট্ৰেলিয়ান সাংবাদিকগৰাকীয়ে তেওঁক বন্দী কৰি ৰখাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অভিযোগত দোষী সাব্যস্ত হোৱা চেং লেই নামৰ মহিলা সাংবাদিকগৰাকীক তিনি বছৰৰ বাবে বন্দী কৰি ৰখা হৈছে । যোৱা বছৰ তেওঁক কাৰাদণ্ড প্ৰদান কৰা হৈছিল । চেঙে শেহতীয়াকৈ এজন অষ্ট্ৰেলিয়ান কূটনীতিবিদক জনোৱাৰ লগতে স্থানীয় সংবাদ মাধ্যমত মুকলি কৰা এক বিবৃতিত কৈছে যে, তেওঁ কাৰাগাৰত সোমোৱাৰ পাছৰে পৰা গছ দেখা নাই । এনে পৰিস্থিতিত তেওঁ পুত্ৰ আৰু কন্যাকো যথেষ্ট মনত পেলাইছে ।

অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্পত দিয়া বিবৃতিত চেঙে কয় যে, তেওঁ প্ৰতিটো ভ্ৰমণ, নদী, হ্ৰদ, সমুদ্ৰতীৰত সাঁতোৰা আৰু বনভোজ, চাইকেল চলোৱা, সূৰ্যাস্ত, তৰাৰে আলোকিত আকাশ আদি প্ৰতিটো ক্ষণ মনত পেলাই পুনৰ সেইবোৰৰ সৈতে সময় কটাব বিচাৰে ।

চেঙে কয় যে তেওঁ গোপনে কৰা ভ্ৰমণ আৰু গাড়ী চলোৱা দিনবোৰ মনত পেলাই থাকিবলগীয়া হৈছে । তেওঁ বিবৃতিত অভিযোগ কৰিছে যে চীনাসকলে সম্ভৱতঃ আৱেগিকতাৰ আইনী সীমা অতিক্ৰম কৰিছে ।

ইফালে অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱাঙে কয় যে, চৰকাৰে চেং আৰু তেওঁৰ পৰিয়ালক সমৰ্থন কৰিব আৰু তেওঁৰ স্বাৰ্থ আৰু কল্যাণৰ বাবে ওকালতি কৰিব । মন্ত্ৰীগৰাকীৰ মতে সাংবাদিকগৰাকীয়ে ৰাইজলৈ দিয়া বাৰ্তাই দেশৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম স্পষ্ট কৰি তুলিছে । প্ৰতিগৰাকী অষ্ট্ৰেলিয়ানে তেওঁক সন্তানৰ সৈতে পুনৰ মিলন হোৱা চাব বিচাৰিছে ।

মন্ত্ৰী ৱাঙে কোৱা মতে অষ্ট্ৰেলিয়াই চেঙৰ হৈ ধাৰাবাহিকভাৱে ওকালতি কৰি আছে আৰু আন্তৰ্জাতিক নিয়ম অনুসৰি তেওঁৰ বাবে ন্যায়, প্ৰক্ৰিয়াগত নিৰপেক্ষতা আৰু মানৱীয় আচৰণৰ মৌলিক মানদণ্ড পূৰণ কৰিবলৈ কৈছে ।

অষ্ট্ৰেলিয়ান ব্ৰডকাষ্টিং কৰ্পৰ তেওঁৰ সহযোগী নিক কোয়েলে কয় যে চেঙক যোৱা ছেপ্টেম্বৰৰ পৰা তেওঁলৈ লিখিবলৈ অনুমতি দিয়া হৈছে । তেওঁ কয় যে চেঙৰ বাবে আটাইতকৈ হতাশাজনক কথাটো হ'ল সন্তানৰ পৰা দীৰ্ঘদিনে তেওঁ আঁতৰি আছে । সেয়েহে চেঙৰ এই বিবৃতিয়ে অষ্ট্ৰেলিয়ানসকললৈ এক বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে ।

কোয়েলে কোৱা মতে অষ্ট্ৰেলিয়াৰ লোকসকলেও চেঙৰ বিষয়ে জানিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে । কোয়েলে কোৱা মতে অষ্ট্ৰেলিয়াৰ দৰে এখন দেশৰ উষ্ণতা আৰু বিবিধ সংস্কৃতি, শিক্ষা আৰু জীৱন শৈলীৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈছে চেং ।

৪৮ বছৰীয়া চেঙে তেওঁৰ পৰিয়ালৰ সৈতে ১০ বছৰ বয়সতে অষ্ট্ৰেলিয়ালৈ যায় । আন্তৰ্জাতিক ৰাজ্যিক সম্প্ৰচাৰক চিচিটিভি বিভাগৰ বাবে কাম কৰিবলৈ তেওঁ চীনলৈ উভতি আহে । অৱশ্যে তেওঁক আটক আৰু বিচাৰৰ আঁৰৰ তথ্যবোৰ এতিয়াও পোহৰলৈ অহা নাই । চীনা প্ৰশাসনৰ কোনো প্ৰমাণ নোহোৱাকৈ গুপ্তচৰবৃত্তি বা দেশৰ গোপনীয়তা প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰাৰ বহল ক্ষমতা আছে আৰু সম্ভৱত চেঙে বহু বছৰৰ বাবে কাৰাবাসত থাকিব লাগিব পাৰে ।

চীনা কৰ্তৃপক্ষৰ বিৰুদ্ধে বিদেশী নাগৰিক, বিশেষকৈ দেশখনত জন্ম গ্ৰহণ কৰা লোকসকলক কূটনৈতিক ক্ষমতা লাভ কৰিবলৈ বা বিভিন্ন অভিযোগত চীনা নাগৰিকসকলক ঘূৰাই অনাৰ বাবে ধৰি ৰখাৰো অভিযোগ উত্থাপিত হৈছে । এগৰাকী বিদেশী সাংবাদিকক এনেদৰে কাৰাবাসৰ নামত কঠোৰ শাস্তি প্ৰদানৰ তথ্য পোহৰলৈ অহাৰ পাছত চীনা নীতিৰ ওপৰত বিশ্ববাসীয়ে প্ৰশ্ন কৰাও দেখা গৈছে ।

লগতে পঢ়ক :Presidential candidate in Ecuador killed : নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.