ETV Bharat / international

Jakarta Earthquake tremors : জাকাৰ্টাত ভূমিকম্পত 88 নিহত আৰু 300 আহত

author img

By

Published : Nov 21, 2022, 10:44 PM IST

several-people-killed-in-an-earthquake-at-indonesias-main-island-of-java
Jakarta Earthquake tremors : জাকাৰ্তাৰ ভূমিকম্পত 88 নিহত, 300 আহত

ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ মুখ্য দ্বীপ জাভাত ভয়ংকৰ ভূমিকম্পই জোঁকাৰি যায় (Jakarta Earthquake tremors in Jakarta) ৷ ৫.৪ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত কমেও 88 জন লোক নিহত (44 people were killed) হোৱাৰ লগতে প্ৰায় ৩০০ গৰাকী আহত হয় (300 injured in earthquake )৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 21 নৱেম্বৰ: সোমবাৰে ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ মুখ্য দ্বীপ জাভাক ভয়ংকৰ ভূমিকম্পই জোঁকাৰি যায় (Jakarta Earthquake tremors in Jakarta)৷ ৫.৪ প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত কমেও 88 জন লোক নিহত (44 people were killed) হোৱাৰ লগতে প্ৰায় ৩০০ গৰাকী আহত হয় (300 injured in earthquake )৷ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাতো কম্পন অনুভৱ কৰা হৈছিল । ইউএছজিএছৰ মতে এই ভূমিকম্পটো প্ৰায় 11.51 বজাত ভূ-পৃষ্ঠৰ পৰা 10.0 কিলোমিটাৰ গভীৰতাl উৎপত্তি হৈছিল ৷

পশ্চিম জাভাৰ চিয়ানজুৰ চহৰৰ স্থানীয় প্ৰশাসনৰ মুখপাত্ৰ আডামে এই ঘটনা সন্দৰ্ভত কয় যে, এই ঘটনাত কিমান লোক নিহত হৈছে এতিয়ালৈ তাৰ সঠিক তথ্য লাভ কৰিব পৰা হোৱা নাই ৷ এতিয়ালৈকে এই ঘটনাত ৪৪ জন লোকৰ মৃত্যু হৈছে ৷ এই ভূমিকম্পত হাজাৰ হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে ৷

  • Nearly 20 people have been killed and at least 300 injured in an earthquake that rattled Indonesia's main island of Java, reports AFP citing local official

    — ANI (@ANI) November 21, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

চিয়ানজুৰৰ প্ৰশাসনৰ মুৰব্বী হাৰমেন চুহাৰমেনে এই ঘটনা সন্দৰ্ভত কয় যে, প্ৰাপ্ত তথ্য অনুসৰি এই ঘটনাৰ পিছতে 20 জনৰ মৃত্যু হৈছিল আৰু কমেও 300 জন লোকৰ চিকিৎসা চলি আছে ৷ মৃত্যু হোৱাসকলৰ বেছিভাগেই অট্টালিকাৰ ধ্বংসাৱশেষত আৱদ্ধ হৈ মৃত্যুৰ মুখত পৰিছিল ৷ এই ভূমিকম্পৰ ফলত চিয়ানজুৰৰ চাৰিওফালে কেইবাটাও ভূমিস্খলনৰ খবৰ পোৱা গৈছিল ৷ এখন ইছলামিক বৰ্ডিং স্কুল, এখন চিকিৎসালয় আৰু অন্যান্য ৰাজহুৱা ভৱনকে ধৰি বহুকেইটা অট্টালিকা খহি পৰিছে ৷

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন সংস্থাই এক বিবৃতিত কয় যে হতাহত আৰু ক্ষয়ক্ষতিৰ পৰিমাণ সম্পৰ্কে এতিয়াও তথ্য সংগ্ৰহ কৰা হৈছে ৷ বৃহত্তৰ জাকাৰ্টা অঞ্চলত ভূমিকম্পৰ জোকাৰণি শক্তিশালীভাৱে অনুভৱ কৰা হৈছিল ৷

লগতে পঢ়ক: Turkey Airstrikes Over Northern Syria: উত্তৰ ছিৰিয়াত তুৰ্কীৰ বিমান আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.