ETV Bharat / international

যুদ্ধ আৰম্ভণিৰ পৰা গাজাৰ বাহিৰত বন্দী ২৪৫০ সন্দেহজনক সন্ত্ৰাসবাদী

author img

By ANI

Published : Dec 23, 2023, 10:04 AM IST

Israel Hamas Conflict : গাজাত যুদ্ধৰ আৰম্ভণিৰে পৰা ইজৰাইলী নিৰাপত্তা বাহিনীয়ে সমগ্ৰ জুদিয়া আৰু চামৰিয়া আৰু জৰ্ডান উপত্যকা অঞ্চলত প্ৰায় 2,450 জন ম'ষ্ট ৱাণ্টেড সন্দেহজনক সন্ত্ৰাসবাদীক বন্দী কৰিছে ।

Israel flag
ইজৰাইলৰ পতাকা

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ : শুকুৰবাৰে নিশাটোৰ ভিতৰতে ইজৰাইলী নিৰাপত্তা বাহিনীৰ ম'ষ্ট ৱাণ্টেড ১১ সন্ত্ৰাসবাদীক সমগ্ৰ জুদিয়া আৰু চমৰিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে । আনহাতে, আইডিএফৰ (ইজৰাইল প্ৰতিৰক্ষা বাহিনী) দ্বাৰা চলোৱা ব্ৰিগেড পৰ্যায়ৰ অভিযান হিচাপে আখ্যা দিয়া আন এক অভিযানত হেব্ৰনৰ ওচৰৰ ডুৰা গাঁৱত আন আঠ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰ উপৰি বায়াত ৰীমা আৰু তুৰা আল-ঘৰবিয়াত ইজৰাইলী বাহিনীয়ে অভিযান চলাই বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে ।

ইফালে গাজাত যুদ্ধৰ আৰম্ভণিৰে পৰা ইজৰাইলী নিৰাপত্তা বাহিনীয়ে সমগ্ৰ জুদিয়া আৰু চামৰিয়া আৰু জৰ্ডান উপত্যকা অঞ্চলত প্ৰায় 2,450 জন ম'ষ্ট ৱাণ্টেড সন্দেহজনক সন্ত্ৰাসবাদীক বন্দী কৰিছে । ইয়াৰে ভিতৰত প্ৰায় 1,210 জন সন্ত্ৰাসবাদী সংগঠন হামাছৰ সৈতে জড়িত বুলি দাবী কৰা হৈছে ।

উল্লেখ্য যে গাজাত ইজৰালী আক্ৰমণৰ প্ৰায় তিনিমাহ অতিক্ৰম কৰিবলৈ ওলোৱাৰ সময়ত ব্যাপক মানৱীয় ক্ষতিৰ মুখত পৰিছে পেলেষ্টাইন । ইয়াৰে পৰিপ্ৰেক্ষিতত যুদ্ধ বন্ধ কৰিবৰ বাবে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ইজৰাইলৰ ওপৰত তীব্ৰ হেঁচা দিয়া হৈছে । কিন্তু ইজৰাইলে ইয়াত ভ্ৰূক্ষেপ নকৰি আক্ৰমণ চলাই গৈ আছে ।

তাৰ মাজতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শুকুৰবাৰে এক প্ৰস্তাৱত অনুমোদন জনায় । এই প্ৰস্তাৱত ইজৰাইল আৰু হামাছৰ মাজত মানৱীয় যুদ্ধবিৰতি, গাজালৈ সাহায্য বৃদ্ধি আৰু এনে পৰিস্থিতি সৃষ্টিৰ আহ্বান জনোৱা হৈছে যিয়ে যুঁজৰ এক বহনক্ষম সমাপ্তিৰ অনুমতি দিব, ৰুদ্ধদ্বাৰ আলোচনাৰ দিনবোৰ সমাপ্ত কৰিব । চিএনএনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ । ইউএনএছচিৰ প্ৰস্তাৱত 'সম্পূৰ্ণ, দ্ৰুত, সুৰক্ষিত আৰু বাধাহীন মানৱীয় প্ৰৱেশাধিকাৰ সক্ষম কৰাৰ বাবে পৰ্যাপ্ত সংখ্যক দিনৰ বাবে সমগ্ৰ গাজা ষ্ট্ৰিপত জৰুৰী আৰু সম্প্ৰসাৰিত মানৱীয় যুদ্ধবিৰতি আৰু কৰিডৰ স্থাপন'ৰ আহ্বান জনোৱা হৈছে ।

অৱশ্যে এই প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে আমেৰিকা আৰু ৰাছিয়া । আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ-গ্ৰীণফিল্ডে এই প্ৰস্তাৱৰ প্ৰশংসা কৰে । কিন্তু প্ৰস্তাৱটোত হামাছৰ গৰিহণা অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হোৱাৰ বাবে ইয়াৰ সপক্ষে ভোটদানৰ পৰা বিৰত থাকে ।

এগৰাকী জ্যেষ্ঠ আমেৰিকান কূটনীতিবিদে চিএনএনক কয়, "আমি হামাছক গৰিহণা দিয়াটো চাবলৈ ভাল পাম । আমি বুজি নাপাওঁ যে পৰিষদে কেৱল আমি ক'লৈ গৈ আছোঁ সেয়া সঠিকভাৱে বৰ্ণনা কৰিব নোৱাৰে ।"

লগতে পঢ়ক :ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গৃহীত গাজাৰ সাহায্য প্ৰস্তাৱ; ভোটদানৰ পৰা বিৰত আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.