ETV Bharat / international

Imran Khan Toshakhana case : পাকিস্তানৰ আদালতে পুনৰ আৰম্ভ কৰিব ইমৰান খানৰ আবেদনৰ শুনানি

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 4:24 PM IST

ইছলামাবাদ উচ্চ ন্যায়ালয়ে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ তোশখানা দুৰ্নীতি গোচৰত কাৰাদণ্ড স্থগিত ৰখাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব ।

Imran Khan Toshakhana case
পাকিস্তানৰ আদালতে পুনৰ আৰম্ভ কৰিব ইমৰান খানৰ আবেদনৰ শুনানি

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ আগষ্ট : ইছলামাবাদ উচ্চ ন্যায়ালয়ে সোমবাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ তোশখানা দুৰ্নীতি গোচৰত তিনি বছৰৰ কাৰাদণ্ড স্থগিত ৰখাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব । ইছলামাবাদৰ এখন বিচাৰ আদালতে ৭০ বছৰীয়া পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ অধ্যক্ষক ৫ আগষ্টত দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল ।

খানক তেওঁৰ ২০১৮-২০২২ বৰ্ষৰ কাৰ্যকালত তেওঁৰ পৰিয়ালে আহৰণ কৰা ৰাজ্যিক উপহাৰ বেআইনীভাৱে বিক্ৰী কৰাৰ অভিযোগত দণ্ডিত কৰা হৈছিল । তেওঁক পাঁচ বছৰৰ বাবে ৰাজনীতিৰ পৰা বহিষ্কাৰ কৰা হৈছে যাৰ ফলত তেওঁ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব । ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ (আইএইচচি) মুখ্য ন্যায়াধীশ আমিৰ ফাৰুকে বিচাৰ আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে খানৰ আপীলৰ শুনানি গ্ৰহণ কৰি আহিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মুখ্য ন্যায়াধীশে সোমবাৰে এই গোচৰত চূড়ান্ত যুক্তি শুনিব ।

যোৱা সপ্তাহত, উচ্চতম ন্যায়ালয়ে খানৰ দোষী সাব্যস্ত হোৱাৰ প্ৰক্ৰিয়াগত ত্ৰুটি স্বীকাৰ কৰিছিল কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ আবেদনৰ ওপৰত আইএইচচিৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰাৰ সিদ্ধান্ত লৈছিল । পাকিস্তানৰ নিৰ্বাচন আয়োগৰ (ইচিপি) অভিযোগৰ ভিত্তিত যোৱা বছৰ অক্টোবৰত গোচৰটো আৰম্ভ হৈছিল যিয়ে পূৰ্বে একেটা গোচৰত খানক অযোগ্য ঘোষণা কৰা হৈছিল ।

কেইবা মাহ ধৰি চলি থকা শুনানিৰ পাছত ইছলামাবাদস্থিত সত্ৰ আদালতৰ ন্যায়াধীশ হুমায়ুন দিলাৱাৰে ৫ আগষ্টত খানক ৰাজ্যিক উপহাৰ বিক্ৰীৰ পৰা লাভ কৰা উপাৰ্জন লুকুৱাই ৰখাৰ বাবে তিনি বছৰৰ শাস্তি প্ৰদান কৰে । খানে কেইদিনমানৰ ভিতৰতে ইছলামাবাদ উচ্চ ন্যায়ালয়ত (আইএইচচি) দোষী সাব্যস্ত হোৱাক প্ৰত্যাহ্বান জনাইছিল আৰু তেওঁৰ শাস্তি স্থগিত ৰাখিবলৈ আৰু ৰায়টো সলনি কৰিবলৈ বিচাৰিছিল । আদালতে ২২ আগষ্টত প্ৰাৰম্ভিক শুনানি গ্ৰহণ কৰিছিল কিন্তু ইচিপি অধিবক্তা আমজাদ পাৰভেজে তেওঁক গোচৰটোৰ ভাষ্য প্ৰদান কৰা হোৱা নাই বুলি কোৱাৰ পাছত গোচৰসমূহ ২৪ আগষ্টলৈ স্থগিত ৰাখিছিল ।

পাছত আই.এইচ.চি. শুনানিত আদালতে ইচিপি অধিবক্তা পাৰভেজৰ অনুপস্থিতিৰ বাবে গোচৰটো স্থগিত ৰাখিছিল । ফলত খানৰ অধিবক্তা এডভোকেট লতিফ খোছাই আদালতৰ প্ৰতি তেওঁৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে তেওঁ পৰৱৰ্তী শুনানিত উপস্থিত নহ'ব । উল্লেখ্য যে ২০২২ চনত শাসকীয় দলৰ নেতাসকলে ইচিপিত তোশখানা গোচৰ ৰুজু কৰিছিল ।

লগতে পঢ়ক :Bangladesh violence: বিএনপি আৰু আৱামী লীগৰ সংঘৰ্ষ; ৫০ কৰ্মী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.