ETV Bharat / international

ইংলেণ্ডত নিৰুদ্দেশ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ভাৰতীয় ছাত্ৰ

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:17 PM IST

Indian student Bhatia goes missing
পুনৰ ইংলেণ্ডত নিৰুদ্দেশ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ভাৰতীয় ছাত্ৰ

ইংলেণ্ডৰ পূব লণ্ডন অঞ্চলৰ পৰা সন্ধানহীন এজন ভাৰতীয় ছাত্ৰ ৷ 15 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে জি এছ ভাটিয়া নামৰ ভাৰতীয় ছাত্ৰজন ৷ এই কথা জানিবলৈ দিছে বিজেপি নেতা মনজিন্দৰ সিং চিৰছাই ৷

নিউজ ডেস্ক, 17 ডিচেম্বৰ : উচ্চ শিক্ষা গ্ৰহণ কৰি থকা এজন ভাৰতীয় ছাত্ৰৰ সন্ধানহীন হৈছে ইংলেণ্ডৰ পূব লণ্ডনৰ পৰা ৷ 15 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে জি এছ ভাটিয়া নামৰ ভাৰতীয় ছাত্ৰজন ৷ ইফালে নিৰুদ্দেশ হোৱা ছাত্ৰজন ইউ কেৰ ল'ফবৰো বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল ৷ এই কথা X ৰ জৰিয়তে জানিবলৈ দিছে বিজেপিৰ নেতা মনজিন্দৰ সিং চিৰছাই ৷

ইফালে সন্ধানহীন ছাত্ৰজনক উদ্ধাৰ বাবে বিজেপি নেতা চিৰছাই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সহায় বিচাৰি সামাজিক মাধ্যমত এই পোষ্ট দিয়ে ৷ আনহাতে বিজেপি নেতা চিৰছাই ল'ফবৰো বিশ্ববিদ্যালয় আৰু ভাৰতীয় উচ্চ আয়ুক্তকো ছাত্ৰজন বিচাৰি উলিওৱাত সহায় কৰিবলৈ X জৰিয়তে আহ্বান জনাইছিল । ইফালে সন্ধাহীন ছাত্ৰজনক 15 ডিচেম্বৰত শেষবাৰৰ বাবে পূব লণ্ডনৰ কেনাৰী ৱাৰ্ফত দেখা গৈছিল।

ইফালে বিজেপি নেতা চিৰছাই সন্ধানহীন ছাত্ৰ ভাটিয়াৰ বাসগৃহৰ পৰিচয়ৰ লগতে ছাত্ৰজনৰ বিশ্ববিদ্যালয়ৰ পৰিচয় পত্ৰও X ত শ্বেয়াৰ কৰিছে ৷ ল'ফবৰো বিশ্ববিদ্যালয়, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ভাৰতীয় উচ্চ আয়ুক্তক টেগ কৰি পোষ্টটো শ্বেয়াৰ কৰিছে বিজেপিৰ নেতাগৰাকীয়ে ৷

আনহাতে, 17 নৱেম্বৰত ইউ কেত নিৰুদ্দেশ হৈছিল মিটকুমাৰ পেটেল নামৰ আন এজন ভাৰতীয় ছাত্ৰ ৷ 17 নৱেম্বৰত নিৰুদ্দেশ হোৱা ছাত্ৰ পেটেলৰ মৃতদেহ উদ্ধাৰ হৈছিল লণ্ডনৰ টেমছ নদীত ৷ উল্লেখ্য যে, পেটেল ছেপ্টেম্বৰত উচ্চ শিক্ষাৰ বাবে ইউ কেত উপস্থিত হৈছিল ৷ কিন্তু 17 নৱেম্বৰত সন্ধানহীন হোৱাৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল 21 নৱেম্বৰত ৷

ইভিনিং ষ্টেণ্ডাৰ্ড বাতৰি কাকতৰ মতে, ছাত্ৰজনে 20 নৱেম্বৰত শ্বে’ফিল্ড হলাম বিশ্ববিদ্যালয়ত ডিগ্ৰী আৰু আমাজনত পাৰ্ট টাইম চাকৰি কৰিবলৈ শ্বে’ফিল্ডলৈ যোৱাৰ কথা আছিল। কিন্তু হঠাৎ ছাত্ৰজনৰ নিৰুদ্দেশৰ খবৰ পোৱা গৈছিল ৷

লগতে পঢ়ক: গুৰপতৱন্ত সিং পান্নুন হত্যাৰ ষড়যন্ত্ৰ, ভাৰতক তদন্তত সহযোগিতাৰ আহ্বান আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.