ETV Bharat / international

ভয়ংকৰ ঘূৰ্ণীবতাহৰ আশংকা, জাৰি কৰা হৈছে সৰ্তকবাণী

author img

By PTI

Published : Jan 15, 2024, 7:20 AM IST

ফ্ৰান্স প্ৰশাসনে জাৰি কৰিছে ভয়ংকৰ ঘূৰ্ণীবতাহৰ সৰ্তকবাণী ৷ এই ধুমুহা দ্বীপটোৰ বাবে আটাইতকৈ বিপজ্জনক হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছে । জাৰি কৰা হৈছে সৰ্তকতা সম্বন্ধীয় বহু নিৰ্দেশনা ৷

Indian Ocean island of Reunion
ফ্ৰান্সত ভয়ংকৰ ঘূৰ্ণীবতাহৰ সৰ্তকতাবাণী

ইণ্টাৰনেশ্যনেল ডেস্ক, 15 জানুৱাৰী: ফ্ৰান্সত ঘূৰ্ণীবতাহৰ প্ৰভাৱ ৷ শক্তিশালী ঘূৰ্ণীবতাহে তচ-নচ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে ফ্ৰান্সত ৷ দেওবাৰে ফ্ৰান্সৰ ভাৰত মহাসাগৰীয় দ্বীপ ৰিইউনিয়নৰ বাসিন্দাসকলক ঘৰৰ ভিতৰত আশ্ৰয় ল’বলৈ আহ্বান জনাইছে সংশ্লিষ্ট প্ৰশাসনে ৷ সংশ্লিষ্ট প্ৰশাসনে শক্তিশালী ঘূৰ্ণীবতাহজাকে ক্ষতিগ্ৰস্ত কৰিব বুলি আশংকা প্ৰকাশ কৰি নাগলৰিকলৈ সৰ্তকবাণী প্ৰকাশ কৰিছে ৷

'সাৱধান হওঁক, ঘৰতে থাকক' বুলি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে ছ'চিয়েল মিডিয়াযোগে পোষ্ট কৰিছে । জানিব পৰা মতে, ঠাইডোখৰত ঘণ্টাত 250 কিলোমিটাৰ (ঘণ্টাত 155 মাইল) বেগেৰে বতাহ আহিব বুলি সতৰ্কবাণী জাৰি কৰা হৈছে । মেটিঅ’ ফ্ৰান্সৰ পূৰ্বাভাসকাৰী চেলিন জাফ্ৰেটে 1960 চনৰ পিছত এই ধুমুহা দ্বীপটোৰ বাবে আটাইতকৈ বিপজ্জনক হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে । ইযাৰ দ্বাৰা গোটেই দ্বীপটো প্ৰভাৱিত হ’ব বুলিও কয় চেলিনে ।

দ্বীপটোৰ শীৰ্ষ চৰকাৰী প্ৰশাসক প্ৰিফেক্ট জেৰম ফিলিপিনিয়ে শতিকা জুৰি দেখা নোপোৱা স্তৰত বানপানীৰ সৃষ্টি হ’ব পাৰে বুলিও সতৰ্কবাণী প্ৰদান কৰিছে । সোমবাৰে মেটিঅ’ ফ্ৰান্সে 15 মিটাৰ (প্ৰায় 50 ফুট) উচ্চতাৰ সম্ভাৱ্য ঢৌৰ কথা উল্লেখ কৰে । ঘূৰ্ণীবতাহৰ ফলত প্ৰশাসনে নাগৰিকলৈ জাৰি কৰিছে বহু সৰ্তকতাবাণী ৷ কৰ্তৃপক্ষই ধুমুহাই আঘাত হানিলে তথা যদিহে দুৱাৰ-খিৰিকীৰ কাঁচ ভাঙি যায় দুৱাৰ আৰু খিৰিকীৰ পৰা নাগৰিকক আঁতৰি থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ৷ লগতে, বিদ্যুৎ আৰু পানী যোগান কৰ্তনৰ বাবে সাজু হৈ থাকিবলৈ পৰামৰ্শ দিছে ৷ ইয়াৰ লগতে ঘৰ ভাঙিবলৈ আৰম্ভ কৰিলে বিচনা, টেবুল বা অন্যান্য মজবুত আচবাবৰ তলত আশ্ৰয় ল’বলৈ পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক: কলম্বিয়াত ভূমিস্খলনৰ ফলত প্ৰায় ১৮ লোক নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.