ETV Bharat / international

আত্মৰক্ষাৰ ক্ষেত্ৰত দেশে গ্ৰহণ কৰা পদক্ষেপসমূহ আমি বুজি পাওঁ: ভাৰত

author img

By ANI

Published : Jan 18, 2024, 9:19 AM IST

Iran's attacks on militant bases in Pakistan : ইৰাণৰ সমৰ্থনত ভাৰত ৷ "দেশবোৰে তেওঁলোকৰ আত্মৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপবোৰ বুজি পাওঁ।"- পাকিস্তানত ইৰাণৰ বিমান আক্ৰমণৰ ওপৰত ভাৰতৰ প্ৰতিক্ৰিয়া ৷

India on Iran airstrikes in Pakistan
আত্মৰক্ষাৰ ক্ষেত্ৰত দেশে গ্ৰহণ কৰা পদক্ষেপসমূহ আমি বুজি পাওঁ

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 18 জানুৱাৰী : "এয়া ইৰাণ আৰু পাকিস্তানৰ মাজত এক বিষয়। ভাৰতৰ ক্ষেত্ৰত, সন্ত্ৰাসবাদৰ প্ৰতি আমাৰ শূণ্য সহনশীলতাৰ এক আপোচহীন স্থিতি আছে। আমি দেশবোৰে তেওঁলোকৰ আত্মৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপবোৰ বুজি পাওঁ।" বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে পাকিস্তানত ইৰাণৰ বিমান আক্ৰমণ সন্দৰ্ভত এক চৰকাৰী বিবৃতিত এই কথা উল্লেখ কৰে ৷

ইয়াৰ পূৰ্বে বুধবাৰে বেলুচিস্তানৰ এটা সন্ত্ৰাসবাদী শিবিৰত ইৰাণৰ বিমান আক্ৰমণক লৈ কূটনৈতিক অচলাৱস্থাৰ মাজতে ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ-আব্দোল্লাহইনে কয় যে, পাকিস্তানত হোৱা বিমান আক্ৰমণে এটা "ইৰাণী সন্ত্ৰাসবাদী গোট"ক লক্ষ্য কৰি লৈছে ৷ তেহৰাণ চৰকাৰে পাকিস্তানক কেইবাবাৰো দলটোৰ ওপৰত ব্যৱস্থা ল’বলৈ কৈ আছে ৷

মঙলবাৰে ইৰাণে পাকিস্তানৰ ভূমিত সন্ত্ৰাসবাদীৰ ঘাটি থকাৰ সন্দেহতে পাকিস্তানত আক্ৰমণ চলায় ৷ এই আক্ৰমণটো সন্ত্ৰাসবাদী গোট জইছ আল-আদলৰ ঘাটি কৰিছিল ৷ আই আৰ এন এ সংবাদ সংস্থাৰ মতে, ইৰাণে পাকিস্তানৰ ভূমিত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণৰ বাবে মিছাইল আৰু ড্ৰোন ব্যৱহাৰ কৰিছিল ৷ এই আক্ৰমণত বৰ্তমানলৈ পাকিস্তানৰ 2 শিশু নিহত হোৱাৰ লগতে তিনিগৰাকী মহিলা আহত হৈছে বুলি জানিব পৰা গৈছে ।

সন্দেহ কৰা অনুসৰি ইৰাণী সন্ত্ৰাসবাদী দলটোৱে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কিছু অংশত আশ্ৰয় লৈছে। এই দলটোৱে ইৰাণৰ নিৰাপত্তা বাহিনীক হত্যা কৰিছিল । পাকিস্তানৰ ভূমিত আত্মগোপন কৰি থকা ইৰাণী সন্ত্ৰাসবাদী গোটটোক লক্ষ্য কৰি লৈছিলো । ইৰাণে পাকিস্তানৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান কৰে, যদিও ই দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে আপোচ কৰিবলৈ অনুমতি নিদিয়ে । ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু পাকিস্তানত বাস কৰা সন্ত্ৰাসবাদী গোটৰ ক্ষেত্ৰত আমাৰ কোনো দ্বিধা নাই ৷ ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ইৰাণে আক্ৰমণ চলালে পাকিস্তানত, 2 শিশু নিহত, আহত 3 মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.