ETV Bharat / international

লোহিত সাগৰত হুথিৰ আক্ৰমণ; ভাৰতক পদক্ষেপ গ্ৰহণৰ আশ্বাস ইৰাণৰ ৰাষ্ট্ৰপতিৰ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 1:50 PM IST

ভাৰতক পদক্ষেপ গ্ৰহণৰ আশ্বাস ইৰাণৰ ৰাষ্ট্ৰপতিৰ
ভাৰতক পদক্ষেপ গ্ৰহণৰ আশ্বাস ইৰাণৰ ৰাষ্ট্ৰপতিৰ

Iranian President India visit : লোহিত সাগৰত জাহাজৰ ওপৰত য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ ভাৰত ভ্ৰমণ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে । উল্লেখ্য যে এই পথটো ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ জাহাজ পথ । কিয়নো আমেৰিকাৰ পূব উপকূল, ইউৰোপ আৰু মধ্য প্ৰাচ্যলৈ সামগ্ৰী জলপথৰ মাজেৰে যাতায়াত হয় ।

নিউজ ডেস্ক, ১৬ জানুৱাৰী : ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে সোমবাৰে এক বৈঠকত মিলিত হয় । এই বৈঠকত এছ জয়শংকৰক লোহিত সাগৰত জাহাজ যাত্ৰাৰ সময়ত নিৰাপত্তা নিশ্চিত কৰিব পৰা পদক্ষেপৰ আশ্বাস দিয়ে ৰাইচিয়ে ।

উল্লেখ্য যে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰি য়েমেনৰ হুথি বিদ্ৰোহীয়ে লোহিত সাগৰত আক্ৰমণ কৰাৰ মাজতে এই বৈঠক অনুষ্ঠিত হৈছে । গাজা যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইজৰাইলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ হুথি বিদ্ৰোহীয়ে বাণিজ্যিক জাহাজসমূহত আক্ৰমণ কৰি আহিছে । এনে আক্ৰমণৰ সময়ত ভাৰতলৈ অহা কেইবাখনো জাহাজো আক্ৰমণৰ সন্মুখীন হৈছে ।

আমেৰিকাৰ পূব উপকূল, ইউৰোপ আৰু মধ্যপ্ৰাচ্যলৈ ব্যৱসায়িক সামগ্ৰী এই পথেৰে পাৰ হৈ যোৱাৰ বাবে লোহিত সাগৰ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ জাহাজ চলাচল পথ হৈ আহিছে । ইয়াৰ পূৰ্বে জয়শংকৰে এক চৰকাৰী ভ্ৰমণসূচীত তেহৰাণত ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰু ইৰাণৰ অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে তেওঁ আলোচনাত মিলিত হৈছিল । তাত তেওঁলোকে মধ্যপ্ৰাচ্যত বৰ্ধিত উত্তেজনা আৰু পাৰস্পৰিক স্বাৰ্থৰ অন্যান্য আঞ্চলিক আৰু বিশ্বজনীন বিষয়সমূহৰ বিষয়েও আলোচনা কৰে ।

বৈঠকত জয়শংকৰ আৰু ইৰাণৰ ৰাষ্ট্ৰপতিয়ে চাবাহাৰ বন্দৰ উন্নয়ন পৰিকল্পনাকে ধৰি ইৰাণ আৰু ভাৰতৰ মাজত হোৱা চুক্তিসমূহ ৰূপায়ণ অধিক ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তা আৰু প্ৰতিশ্ৰুতি ৰূপায়ণত পলম হোৱাৰ ক্ষতিপূৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ৰাষ্ট্ৰপতি ৰাইচিয়ে ইৰাণ-ভাৰত চুক্তি দ্ৰুতগতিত ৰূপায়ণত গুৰুত্ব আৰোপ কৰে । লগতে বিলম্বৰ বাবে ক্ষতিপূৰণৰ বিষয়তো কথা পাতে । বৈদেশিক মন্ত্ৰী জয়শংকৰে ইৰাণৰ সৈতে এক বিস্তৃত, দীৰ্ঘম্যাদী সহযোগিতা চুক্তি সম্পাদন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ।

বৈঠকত ইৰাণৰ ৰাষ্ট্ৰপতিয়ে ইৰাণ আৰু ভাৰতৰ মাজত গভীৰ সম্পৰ্ক আৰু বিভিন্ন ৰাজনৈতিক, অৰ্থনৈতিক, বিজ্ঞান আৰু প্ৰযুক্তি, পৰিবহণ আৰু শক্তি খণ্ডত সম্পৰ্কৰ স্তৰ বিকাশ আৰু উন্নত কৰাৰ বাবে দুয়োখন দেশৰ উচ্চ বিষয়াসকলৰ ইচ্ছা পূৰণৰ প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে ।

"সন্ত্ৰাসবাদ আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দুয়োখন দেশৰ উমৈহতীয়া দৃষ্টিভংগী গুৰুত্বপূৰ্ণ । আফগানিস্তানত স্থিৰতা আৰু নিৰাপত্তা স্থাপন আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য শক্তিশালী কৰাৰ বাবে সহযোগিতাৰ প্ৰয়োজনীয়তা, বিশেষকৈ ৰাষ্ট্ৰীয় মুদ্ৰাৰ জৰিয়তে আৰু আন্তঃৰাষ্ট্ৰীয় জলসীমাত জাহাজ চলাচলৰ নিৰাপত্তা বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়াটো ৰাষ্ট্ৰপতি ৰাইচি আৰু জয়শংকৰৰ মাজত আলোচনাৰ মুখ্য বিষয় আছিল ।" বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :ইৰাকৰ মাৰ্কিন দূতাবাসৰ সমীপত বিস্ফোৰণত 4 জনৰ মৃত্যু; বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ ইৰাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.