ETV Bharat / international

ইৰাকৰ মাৰ্কিন দূতাবাসৰ সমীপত বিস্ফোৰণত 4 জনৰ মৃত্যু; বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ ইৰাণৰ

author img

By ANI

Published : Jan 16, 2024, 8:36 AM IST

ইৰাকৰ ইৰবিলস্থিত মাৰ্কিন দূতাবাসৰ সমীপত বিস্ফোৰণ ৷ এই আক্ৰমণত চাৰিজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে 6 জন আহত হৈছে ৷

Several explosions reported near US Consulate in Iraq's Erbil
ইৰাকৰ মাৰ্কিন দূতাবাসৰ সমীপত বিস্ফোৰণ

ইণ্টাৰনেশ্যনেল ডেস্ক, 16 জানুৱাৰী: ইৰাকৰ ইৰবিলস্থিত মাৰ্কিন দূতাবাসৰ সমীপত বিস্ফোৰণ ৷ এই ঘটনাৰ কিছু সময়ৰ পিছতে ইৰাণে সোমবাৰে সন্ধিয়া ঘোষণা কৰে যে ইৰানে “চোৰাংচোৱা মুখ্য কাৰ্যালয় আৰু ইৰাণ বিৰোধী সন্ত্ৰাসবাদী গোটৰ সমাৱেশ”ৰ বিৰুদ্ধে আক্ৰমণ চলাইছে ৷ অৰ্ধস্বায়ত্তশাসিত কুৰ্দি অঞ্চলৰ মুখ্য কাৰ্যালয় ইৰবিলত থকা মাৰ্কিন দূতাবাসৰ সমীপৰ এটা উন্নত অঞ্চলত নিক্ষেপ কৰা হয় এই ক্ষেপণাস্ত্ৰ ।

কুৰ্দি আঞ্চলিক চৰকাৰৰ নিৰাপত্তা পৰিষদে এক বিবৃতিত কয় যে এই আক্ৰমণত চাৰিজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে 6 জন আহত হৈছে ৷ X যোগে প্ৰকাশ কৰা এটা পোষ্টত ইৰাকৰ সংসদৰ প্ৰাক্তন সদস্য মাছান আল জাবুৰীয়ে কয়, " এটা ক্ষেপণাস্ত্ৰ ডিজাইৰৰ প্ৰাসাদ অৰ্থাৎ মোৰ ঘৰৰ কাষত পৰে ৷ ছালাহ আল-দিন ৰিজৰ্টলৈ যোৱা এই পথটোত নিৰ্মাণৰ কাম চলি আছে ।"

ইয়াৰ কিছু সময়ৰ পিছতে চৰকাৰী সংবাদ মাধ্যমত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ এক বিবৃতিত কোৱা হৈছে যে ইৰাণে ছিৰিয়াত ইছলামিক ষ্টেটৰ লক্ষ্যকে ধৰি “সন্ত্রাসবাদী অভিযান” ত আঘাত হানে “আৰু কেইবাটাও বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ধ্বংস কৰিছে” । আন এটা বিবৃতিত ইৰাকৰ কুৰ্দি অঞ্চলৰ ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ মুখ্য কাৰ্যালয়ত আঘাত হনা হৈছে বুলি দাবী কৰা হৈছে ।

ইছলামিক ষ্টেটৰ উগ্ৰপন্থী সংগঠনটোৱে চলিত মাহৰ আৰম্ভণিতে 2020 চনত আমেৰিকাৰ ড্ৰ’ন আক্ৰমণত নিহত ইৰাণী সেনাপতিৰ স্মৃতি অনুষ্ঠানক লক্ষ্য কৰি দুটা আত্মঘাতী বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল । কেৰমানত সংঘটিত হোৱা এই আক্ৰমণত ৰিভল্যুচনেৰী গাৰ্ড জেনেৰেল কাছেম ছলেমানীক সন্মান জনোৱা অনুষ্ঠানত কমেও 84 জন লোক নিহত হোৱাৰ লগতে অতিৰিক্ত 284 জন লোক আহত হয় ।

ইৰাণৰ এজন উচ্চ পদস্থ জেনেৰেল ছেইদ ৰাজী মৌছাভিক ডামাস্কাছৰ চুবুৰীত বিমান আক্ৰমণ চলাই হত্যা কৰা হৈছিল বুলি যোৱা মাহত ইৰাণে ইজৰাইলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল । ইৰাকৰ এজন নিৰাপত্তা বিষয়াই কয় যে ইৰবিলক “কেইবাটাও” বেলিষ্টিক মিছাইলেৰে লক্ষ্য কৰি লোৱা হৈছিল যদিও ইয়াৰ বিষয়ে অধিক সবিশেষ হোৱা নাই । ইৰাণী সমৰ্থিত ইৰাকী মিলিচীয়াৰ এজন বিষয়াই জনোৱা মতে, আমেৰিকাৰ মাৰ্কিন দূতাবাসৰ সমীপৰ অঞ্চলত 10 টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয় । তেওঁ কয় যে এই ক্ষেপণাস্ত্ৰসমূহ ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে নিক্ষেপ কৰিছিল । নাম প্ৰকাশ নকৰাৰ চৰ্তত দুয়োগৰাকী বিষয়াই এই কথা জনায় ।

এগৰাকী আমেৰিকান বিষয়াই কয় যে এই আক্ৰমণত আমেৰিকাৰ কোনো লোক অথবা সা-সম্পত্তি আঘাত বা ক্ষতিগ্ৰস্ত হোৱা নাই । 7 অক্টোবৰত ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ইৰাকত ইৰাণ সমৰ্থিত মিলিচীয়াই ইৰাক আৰু ছিৰিয়াত আমেৰিকান বাহিনী থকা ঘাটিসমূহত প্ৰায় দৈনিক ড্ৰ’ন আক্ৰমণ চলাই আহিছে, ৱাশ্বিংটনে ইজৰাইলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ প্ৰতিশোধ হিচাপে এই আক্ৰমণ চলোৱা বুলি গোটসমূহে কয় ।

লগতে পঢ়ক: ইজৰাইলী সেনাৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান, হামাছে যুদ্ধ প্ৰশিক্ষণ দিছে শিশুক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.