ETV Bharat / international

2024 United States elections : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সে

author img

By ANI

Published : Oct 29, 2023, 8:05 AM IST

Former US Vice President Mike Pence announces withdrawal from presidential race
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সে

2024 বৰ্ষত আমেৰিকাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সে ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 অক্টোবৰ : আগন্তুক মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সে ৷ শনিবাৰে এই ঘোষণা কৰে আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এয়া তেওঁৰ বাবে উপযুক্ত সময় নহয় বুলি উল্লেখ কৰি দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ ওপৰত বিস্তাৰ কৰি অহা আধিপত্য সন্দৰ্ভতো আলোকপাত কৰে ।

পেন্সে এয়া তেওঁৰ সময় নহয় বুলি উল্লেখ কৰাৰ লগতে কয়, "বহু প্ৰাৰ্থনা আৰু বিবেচনাৰ অন্তত মই ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে’’ । উল্লেখ্য যে, চাৰি বছৰ ধৰি আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ট্ৰাম্পৰ প্ৰতি প্ৰশ্নবিহীন আনুগত্যৰ বাবে থিয় দিছিল ৷ আনকি হোৱাইট হাউছে অভিযোগনামা, নৈতিকতা কেলেংকাৰী আৰু জ্যেষ্ঠ কৰ্মচাৰীৰ মাজত হোৱা সংঘাতৰ সময়তো আচৰিত ধৰণে সংগ্ৰাম চলাইছিল ৷

অৱশ্যে 2020 বৰ্ষত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিচত পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছিল ৷ উল্লেখ কৰা প্ৰয়োজন যে, ট্ৰাম্প সমৰ্থকসকলে 2021 চনৰ 6 জানুৱাৰীত “হেং মাইক পেন্স” বুলি শ্ল’গান দিছিল ৷ ট্ৰাম্প ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিচত ধাৰাবাহিকভাৱে অপৰাধমূলক গোচৰত নাম সাঙোৰ খোৱাৰ পিচত পেন্সৰ নতুন কেৰিয়াৰ গঢ়ি তোলাৰ আশা নিৰ্ধাৰিত হৈ পৰিল ।

স্বীকৃতি আৰু ৱাশ্বিংটনত বছৰ বছৰ ধৰি অভিজ্ঞতা থকাৰ পিছতো অৱশ্যে আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সৰ নিৰ্বাচন অভিযান নিস্তেজ যেন পৰিলক্ষিত হৈছিল । নিৰ্বাচনত সমৰ্থকৰ অভাৱৰ বাবেই 8 নৱেম্বৰত মিয়ামীত অনুষ্ঠিত হ’বলগীয়া প্ৰাথমিক প্ৰাৰ্থীৰ বিতৰ্কত যোগদানৰ বাবে পাবলগীয়া আমন্ত্ৰণৰ পৰা বঞ্চিত হৈছিল আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকী ।

পেন্সে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিচত ট্ৰাম্পৰ মূল প্ৰতিদ্বন্দ্বী ফ্ল’ৰিডাৰ সোঁপন্থী গৱৰ্ণৰ ৰন ডিছান্টিছৰ বাবে জয়ৰ সম্ভাৱনা কিছু স্পষ্ট কৰি তুলিছে ।

লগতে পঢ়ক: US News : নিষিদ্ধ আকাশমাৰ্গ ভংগ কৰি বাইডেনৰ বাসগৃহৰ সমীপত অসামৰিক বিমানৰ উৰণ, যুঁজাৰু বিমান প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.