ETV Bharat / international

capitol violence update : বৃহস্পতিবাৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ড’নাল্ড ট্ৰাম্পক; আদালতৰ বিৰুদ্ধে ক্ষোভ ট্ৰাম্পৰ

author img

By

Published : Aug 2, 2023, 8:57 AM IST

Capitol attack news
আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ড’নাল্ড ট্ৰাম্পক

কেপিট’ল হিংসা গোচৰত বৃহস্পতিবাৰে আদালতত হাতিৰ হোৱাৰ নিৰ্দেশ আমেৰিকা যুক্তৰাজ্যৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ৷ 2020 চনৰ 6 জানুৱাৰীত সংঘটিত কেপিট'ল আক্ৰমণৰ ঘটনাত নাম সাঙোৰ খাইছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ৷ আদালতৰ পদক্ষেপক সমালোচনা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 2 আগষ্ট : 2020 চনৰ 6 জানুৱাৰীৰ দিনা আমেৰিকাৰ কেপিট’ল আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ । ঘটনাটোৰ তদন্ত অব্যাহত আছে । ঘটনাটো সন্দৰ্ভত বৃহস্পতিবাৰে আদালতত হাজিৰ হ’ব ড’নাল্ড ট্ৰাম্প ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন বাতিল কৰাৰ প্ৰচেষ্টাৰ বাবে বুধবাৰে (স্থানীয় সময়) আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে বুলি দ্য হিলে প্ৰকাশ কৰিছে । ট্ৰাম্পে তদন্তৰ কেন্দ্ৰবিন্দু বুলি তেওঁলৈ প্ৰেৰণ কৰা এক সতৰ্কপত্ৰ লাভ কৰাৰ পিছতে ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে ৷

বিষয়টোত বিশেষ অধিবক্তা জেক স্মিথৰ তদন্তৰ অংশ হিচাপে ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে । ৱাশ্বিংটন ডি চিৰ ফেডাৰেল গ্ৰেণ্ড জুৰীয়ে বিশেষকৈ মঙলবাৰ আৰু বৃহস্পতিবাৰে বৈঠকত মিলিত হোৱাৰ সময়ত এই গোচৰৰ প্ৰমাণ শুনানি লৈছে বুলি দ্য হিলে প্ৰকাশ কৰিছে । কলম্বিয়া জিলাৰ বাবে আমেৰিকাৰ জিলা আদালতৰ ডকেট অনুসৰি ট্ৰাম্পৰ গোচৰ আমেৰিকাৰ জিলা ন্যায়াধীশ তনয়া চুটকানৰ হাতত অৰ্পণ কৰা হৈছে । আদালতৰ ৱেবছাইট অনুসৰি 2014 চনত তেওঁক নিযুক্তি দিয়া হৈছিল ।

দেশখনক প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ; চৰকাৰী কাৰ্যবিধিত বাধাৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ; চৰকাৰী কাৰ্যবিধিত বাধা দিয়া আৰু বাধা দিয়াৰ চেষ্টা কৰা; আৰু অধিকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি চিএনএনৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ।

আদালতত দাখিল কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে ৱাশ্বিংটন ডি চিৰ ফেডাৰেল আদালতত এই গোচৰত প্ৰথমবাৰৰ বাবে আদালতত হাজিৰ হ’ব ট্ৰাম্পে । ট্ৰাম্পে মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে যে, “মই শুনিছো যে 2024 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত হস্তক্ষেপ কৰাৰ উদ্দেশ্যে ডিৰেঞ্জড জেক স্মিথে আপোনাৰ প্ৰিয় ৰাষ্ট্ৰপতি মোৰ আন এটা ভুৱা অভিযোগনামা গধূলি 5 বজাত প্ৰকাশ কৰিব ।” 'তেওঁলোকে আঢ়ৈ বছৰ পূৰ্বে কিয় এই কাম কৰা নাছিল ? ইমান দিন কিয় অপেক্ষা কৰিছিল ? কাৰণ তেওঁলোকে মোক হেঁচাৰ মাজত ৰাখিব বিচাৰিছিল' ট্ৰাম্পে কয় ।

লগতে পঢ়ক : Brij Bhushan Case: POCSO গোচৰৰ পৰা মুক্ত হ’ব ব্ৰীজ ভূষণ শৰণ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.