ETV Bharat / international

Afghanistan earthquake : আফগানিস্তানত শক্তিশালী ভূমিকম্প, ২০০০ৰো অধিক লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 4:13 PM IST

Afghanistan earthquake
আফগানিস্তানত শক্তিশালী ভূমিকম্প

যোৱা দুটা দশকৰ আটাইতকৈ শক্তিশালী ভূমিকম্পৰ ফলত আফগানিস্তানত ২০০০ৰো অধিক লোকৰ মৃত্যু হৈছে । নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা । উদ্ধাৰ অভিযান অব্যাহত ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ অক্টোবৰ : প্ৰকৃতিৰ ৰোষত পৰিছে আফগানিস্তান । শনিবাৰে ভয়ংকৰ ভূমিকম্পই জোঁকাৰি গৈছে আফগানিস্তানক । শক্তিশালী ভূমিকম্পই পশ্চিম আফগানিস্তানক জোকাৰি যোৱাৰ ফলত নিহতৰ সংখ্যা ২,০০০ তকৈও অধিক বৃদ্ধি পাইছে । যোৱা দুটা দশকত দেশখনত হোৱা এইটো আটাইতকৈ ভয়ংকৰ ভূমিকম্প হিচাপে চিহ্নিত হৈছে ।

দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে শনিবাৰে পশ্চিম আফগানিস্তানত শক্তিশালী ভূমিকম্পই জোঁকাৰি যায় । হেৰাটত হোৱা ভূমিকম্পৰ ফলত হোৱা মৃত্যুৰ সংখ্যা মূল তথ্যতকৈ অধিক । তথ্য অনুসৰি প্ৰায় ৬ খন গাঁও ধ্বংস হৈ গৈছে আৰু শ শ লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে ।

ৰাষ্ট্ৰসংঘই প্ৰথম অৱস্থাত নিহতৰ সংখ্যা ৩২০ জন বুলি কৈছিল যদিও পৰৱৰ্তী সময়ত প্ৰকৃত তথ্যৰ বাবে অনুসন্ধান কৰি থকা হৈছে বুলি উল্লেখ কৰে । তথ্য অনুসৰি ভূমিকম্পৰ ফলত প্ৰায় ৪৬৫ টা ঘৰ সম্পূৰ্ণ ধ্বংস হৈছে আৰু ১৩৫ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । ইফালে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই উল্লেখ কৰিছে যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে । দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখপাত্ৰ মহম্মদ আব্দুল্লাজানে কোৱা মতে হেৰাট প্ৰদেশৰ জেণ্ডা জান জিলাৰ ৪ খন গাঁও ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে কোৱা মতে ভূমিকম্পটোৰ কেন্দ্ৰস্থল হেৰাট চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ (২৫ মাইল) উত্তৰ-পশ্চিমত আছিল । তাৰ পাছত তিনিটা অতি শক্তিশালী আফটাৰশ্বক হৈছিল । যাৰ প্ৰাবল্য আছিল ক্ৰমে ৬.৩, ৫.৯ আৰু ৫.৫ । হেৰাট চহৰৰ একাংশ বাসিন্দাই সংবাদ মাধ্যমক জনোৱা মতে তেওঁলোকে দুপৰীয়াৰ সময়ত চহৰখনত প্ৰায় ৫ টা শক্তিশালী কম্পন অনুভৱ কৰিছিল ।

ভূমিকম্পক লৈ চহৰখনত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । পুনৰ ভূমিকম্প হোৱাৰ আশংকা কৰি স্থানীয় লোকসকলে ঘৰ, কাৰ্যালয় আৰু দোকান আদি সকলো খালী কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে হতাহতসকলক চিকিৎসালয়লৈ স্থানান্তৰৰ বাবে জেণ্ডা জানলৈ ১২ খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছে ।

ভূমিকম্পৰ ফলত মৃত্যু আৰু হতাহতৰ খবৰ পোৱাৰ লগে লগে চিকিৎসাৰ সহায়ৰ বাবে দলবোৰ সক্ৰিয় হৈ পৰিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ এম্বুলেন্সে ক্ষতিগ্ৰস্ত লোকসকলক স্থানান্তৰৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলিও কোৱা হৈছে । আহতসকলৰ বেছিভাগেই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে । ভূমিকম্পৰ ফলত হেৰাটত টেলিফোন সংযোগ ব্যাহত হৈ পৰিছে । যাৰ বাবে অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে তথ্য সংগ্ৰহত সমস্যাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Earthquake in Afghanistan: আফগানিস্তানৰ ভূমিকম্পত মৃতকৰ সংখ্যাই স্পৰ্শ কৰিলে 2000, আহত সহস্ৰাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.