ETV Bharat / international

Blast in Kabul mosque: কাবুলত ধাৰাবাহিক বিস্ফোৰণত নিহত ১৪ জন

author img

By

Published : May 26, 2022, 8:41 AM IST

ইছলামিক ষ্টেটৰ স্থানীয় সহযোগী সংস্থাই স্বীকাৰ কৰে এই বিস্ফোৰণৰ দায়িত্ব ৷ কাবুলৰ মছজিদৰ ভিতৰত হোৱা বিস্ফোৰণত 5জন(Blast in Kabul mosque) আৰু মিনিভানত সংঘটিত তিনিটাকৈ বিস্ফোৰণ প্ৰায় 9 জন লোক মৃত্যু হয় ।

Blast in Kabul mosque
কাবুলত ধাৰাবাহিক বিস্ফোৰণত নিহত ১৪ জন

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 মে' : বুধবাৰে কেইবাটাও বোমা বিস্ফোৰণে জোকাৰি যায় আফগানিস্তানক ৷ আফগানিস্তানৰ ৰাজধানী কাবুলৰ মছজিদৰ ভিতৰত হোৱা বিস্ফোৰণত প্ৰায় 5জন লোক নিহত হয়(Blast in Kabul mosque) ৷ আন দেশখনৰ উত্তৰ দিশত মিনি ভানত সংঘটিত তিনিটাকৈ বোমা বিস্ফোৰণ প্ৰায় 9 জন লোক মৃত্যু হয় । ইছলামিক ষ্টেটৰ(IS) স্থানীয় সহযোগী সংস্থাই মিনিভানত সংঘটিত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে(Islamic State group local affiliate claimed responsibility of the attack) ।

মছজিদ বোমা বিস্ফোৰণৰ পাছত 22 জন লোকক কাবুল জৰুৰীকালীন চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু ইয়াৰে 5জনৰ মৃত্যু হয় । কাবুলৰ তালিবান আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে জনোৱা অনুসৰি চহৰখনৰ কেন্দ্ৰীয় আৰক্ষী জিলাৰ ৪ নং হজৰত জাকাৰিয়া মছজিদত সংঘটিত হয় এই বিস্ফোৰণ ৷ সন্ধিয়া নামাজৰ বাবে মছজিদত মানুহ অহাৰ পাছতেই এই বিস্ফোৰণটো সংঘটিত হয় ।

আনহাতে বাল্খ প্ৰদেশত তালিবানৰ দ্বাৰা নিযুক্ত মুখপাত্ৰ মহম্মদ আচিফ ৱাজিৰিৰ মতে, উত্তৰৰ মাজাৰ-ই-শ্বৰীফ চহৰৰ মিনিভানখনত সংঘটিত বিস্ফোৰণটোত 9 জন লোক নিহত হোৱাৰ লগতে 15 জন গুৰুতৰভাৱে আহত হয়

লগতে পঢ়ক : Texas school shooting : আমেৰিকাত পুনৰ বিদ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ, নিহত ১৮ গৰাকী শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.