ETV Bharat / international

PM Modi Athens visit : গ্ৰীচ ভ্ৰমণে দুয়োখন দেশৰ লোকৰ মাজত বৃদ্ধি কৰিব জনসংযোগ: প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:37 AM IST

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিদিনীয়া আনুষ্ঠানিক বিদেশ ভ্ৰমণ সামৰি ভাৰতলৈ ৰাওনা হয় । গ্ৰীচ ভ্ৰমণে ভাৰত-গ্ৰীচৰ মাজত বন্ধুত্ব, বিশেষকৈ জনসংযোগ বৃদ্ধি কৰিব বুলি কয় ৷

Athens visit
প্ৰধানমন্ত্ৰীৰ গ্ৰীচ ভ্ৰমণে দুয়োখন দেশৰ লোকৰ মাজত বৃদ্ধি কৰিব জনসংযোগ

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 আগষ্ট: চাৰিদিনীয়া বিদেশ ভ্ৰমণ সামৰি শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় ভাৰতত ৷ মোদীয়ে কয়, “এই গ্ৰীচ ভ্ৰমণ অতি বিশেষ । ই ভাৰত-গ্ৰীচৰ বন্ধুত্ব, বিশেষকৈ জনসংযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰিব । দেশখনত বাস কৰা গতিশীল ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও স্মৰণীয় ভাৱে মোৰ ভাৱৰ আদান-প্ৰদান হৈছিল " প্ৰধানমন্ত্ৰীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী, গ্ৰীচৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জনায় শুকুৰবাৰে এনেদৰে X যোগে মনৰ ভাৱ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

উল্লেখ্য যে, 21 আগষ্টৰ পৰা দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচত চাৰিদিনীয়া আনুষ্ঠানিক ভ্ৰমণ কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । দক্ষিণ আফ্ৰিকাত দেশখনৰ ৰাষ্ট্ৰপতি মাটামেলা চাইৰিল ৰামাফোছাৰ আমন্ত্ৰণত 22-24 আগষ্টত জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা 15 সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

গ্ৰীচ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছ’টাকিছ আৰু ৰাষ্ট্ৰপতি কেটেৰিনা এন ছাকেলাৰ’পুল’ৰ সৈতে বৈঠকত মিলিত হয় । গ্ৰীচৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীক গ্ৰেণ্ড ক্ৰছ অৱ অৰ্ডাৰ অৱ অনাৰ সন্মান প্ৰদান কৰা হয় । গ্ৰীচৰ ৰাষ্ট্ৰপতি কেটেৰিনা এন ছাকেলাৰ’পুল’ৱে প্ৰধানমন্ত্ৰী মোদীক গ্ৰেণ্ড ক্ৰছ সন্মান প্ৰদান কৰে ।

গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছোটাকিছে চন্দ্ৰযান-3 অভিযানৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱাৰ লগতে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণক আদৰণি জনায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গ্ৰীচ ভ্ৰমণৰ সময়ত দুয়োখন দেশে নিজৰ দ্বিপাক্ষিক সম্পৰ্কক “কৌশলগত অংশীদাৰিত্ব”লৈ উন্নীত কৰিবলৈ সন্মত হৈছে বুলি যৌথ বিবৃতিযোগে জানিবলৈ দিয়ে ।

ভাৰত-গ্ৰীচৰ যৌথ বিবৃতিত উল্লেখ কৰা হৈছে যে দুয়োখন দেশে ৰাজনৈতিক, নিৰাপত্তা আৰু অৰ্থনৈতিক ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ বাবে কাম কৰিবলৈ সন্মত হৈছে । শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এথেন্সত অনুষ্ঠিত এক বাণিজ্যিক মধ্যাহ্নভোজন গ্ৰহণ কৰাৰ সময়ত ভাৰত আৰু গ্ৰীচৰ ব্যৱসায়িক প্ৰতিনিধি দলক সম্বোধন কৰি দুয়োখন দেশৰ সম্পৰ্কৰ ইতিবাচক দিশক প্ৰয়োগৰ বাবে আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ভাৰতৰ দুৱাৰ বিদেশী বিনিয়োগৰ বাবে মুকলি । প্ৰতিৰক্ষা খণ্ডও মুকলি কৰা হৈছে । সহ-উন্নয়ন আৰু সহ-উৎপাদনৰ অপৰিসীম সম্ভাৱনা আছে । আমাৰ ডিজিটেলাইজেচনৰ প্ৰচেষ্টাৰ ফলত ব্যৱসায়িক ক্ষেত্ৰ যথেষ্ট সহজ হৈ পৰিছে ।" প্ৰধানমন্ত্ৰীগৰাকীয়ে সংস্কাৰ, পৰিবেশন আৰু ৰূপান্তৰৰ মন্ত্ৰ পুনৰবাৰ উল্লেখ কৰি কয় যে ভাৰতৰ জনগাঁথনিগত শক্তি আৰু উচ্চাকাংক্ষী যুৱক-যুৱতীসকলে ভাৰতৰ অৰ্থনীতিক শক্তিশালী কৰি তুলিছে ।"

প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীচ ভ্ৰমণৰ সামৰণিৰ পূৰ্বে এথেন্স সংগ্ৰহালয়ত আয়োজিত সামূহিক অনুষ্ঠানত ভাৰতীয় প্ৰব্ৰজনকাৰী সদস্যসকলৰ সৈতেও মত বিনিময়ত ভাগ লয় ।

লগতে পঢ়ক: Madurai Train Fire : ৰেলত অগ্নিকাণ্ডৰ ঘটনা; 8 জন নিহত, 20 জনতকৈ অধিক আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.