ETV Bharat / international

5 killed by N Carolina shooter: আৰক্ষী বিষয়াকে ধৰি 5 গৰাকীক গুলীয়াই হত্যা

author img

By

Published : Oct 14, 2022, 9:39 AM IST

বৃহস্পতিবাৰে সন্ধিয়া নৰ্থ কেৰোলিনাত আততায়ীয়ে আৰক্ষী বিষয়াসহ 5 গৰাকী লোকক গুলীয়াই হত্যা কৰে (5 killed by N Carolina shooter)৷

5-killed-by-n-carolina-shooter-suspect-contained
5 killed by N Carolina shooter: আৰক্ষী বিষয়াকে ধৰি 5 গৰাকীক গুলীয়াই হত্যা

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 অক্টোবৰ: আমেৰিকাৰ নৰ্থ কেৰোলিনাত ভয়ংকৰ ঘটনা ৷ বৃহস্পতিবাৰে সন্ধিয়া নৰ্থ কেৰোলিনাৰ নিউছ নদীৰ সমীপত আততায়ীয়ে আৰক্ষী বিষয়াসহ 5 গৰাকী লোকক গুলীয়াই হত্যা কৰে (5 killed by N Carolina shooter)৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে ৰয় কুপাৰ প্ৰশাসনে এক টুইটযোগে প্ৰকাশ কৰে এই কথা ৷

নৰ্থ কেৰোলিনাৰ এজন মেয়ৰে ঘোষণা কৰিছিল যে আৱাসিক এলেকাত সংঘটিত হোৱা গুলীচালনাত এজন আৰক্ষী বিষয়াসহ এটা পৰিয়াল গুলীয়াই হত্যা কৰিছিল (Five people killed including a police officer)৷ স্থানীয় লোকসহ আৰক্ষীয়ে আততায়ীক কৰায়ত্ত কৰিবলৈ বহুতো চেষ্টা কৰিছিল যদিও তেওঁলোক বিফল হ’ল ৷

গ্ৰীণৱেত বিয়লি 5 বজাত আততায়ীৰ এটা দলে জধে মধে গুলীচালনা কৰাত সেই স্থানত বহু লোকৰ ভিৰ হয় ৷ লগে লগে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ আততায়ীক বাধা দিবলৈ চেষ্টা কৰে ৷ এই ঘটনাত চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত অৱস্থাত এম্বুলেঞ্চৰ সহায়েৰে ৱেকমেড হাস্পতালত ভৰ্তি কৰে যদিও হাস্পতালতে তেওঁলোকৰ মৃত্যু হয় ৷ প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি চাৰিজনীয়া আততায়ীৰ এটা দলে গুলীচালনাৰ ঘটনাটো সংঘটিত কৰিছিল ৷

ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীৰ আশে পাশে থকা লোকসকলৰ নিৰাপত্তাৰ বাবে কটকটীয়া বেষ্টনী গঢ়ি তোলে ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে ব্ৰুক মেডিনা নামৰ এগৰাকী মহিলাই সন্ধিয়া প্ৰায় 5.15 বজাত ঘৰলৈ উভতি অহাৰ পথত প্ৰায় 24 খন আৰক্ষীৰ গাড়ী প্ৰত্যক্ষ কৰিছিল ৷ ইয়াৰ কিছু সময়ৰ পিছতে তেওঁ দ্ৰুতগতিত এখন এম্বুলেন্স হাস্পতালৰ দিশে যোৱা প্ৰত্যক্ষ কৰি হতবাক হয় ৷ মহিলাগৰাকীৰ ঘৰত তেওঁৰ স্বামীসহ চাৰি সন্তান আছিল ৷

এই ঘটনা দেখি সেই স্থানত বাস কৰা মহিলাগৰাকীয়ে নিজ ঘৰলৈ গৈ দুৱাৰ ঘৰ মাৰি অনাকাংক্ষিত বিপদৰ পৰা পৰিয়ালটোক ৰক্ষা কৰাৰ লগতে অধিক সচেতনতাৰে পৰিস্থিতি নিৰিক্ষণ কৰে ৷ আৰক্ষীৰ নিৰ্দেশনা অনুসৰি পৰিয়ালটোৱে ওৰে নিশা ঘৰৰ লাইটসমূহ জ্বলাই ৰাখি আৰক্ষীক কৰিলে সহযোগিতা ৷ বৰ্তমান অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে আৰক্ষীয়ে তদন্ত আৰমঅভ কৰিছে ৷ লগতে আৰক্ষীয়ে অঞ্চলটোৰ লোকসমূহক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

লগতে পঢ়ক: Kyiv area hit by Iranian kamikaze drones: ইউক্ৰেইনৰ ৰাজধানীত ইৰাণী কামিকাজে ড্ৰোনৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.