ETV Bharat / international

Legal hurdles in front of Trump : নিৰপেক্ষ বিচাৰৰ দাবী, ন্যায়াধীশৰ যোগ্যতাৰ ওপৰতো প্ৰশ্ন ট্ৰাম্পৰ

author img

By

Published : Aug 7, 2023, 3:51 PM IST

Legal hurdles in front of Trump
ন্যায়াধীশৰ যোগ্যতাৰ ওপৰতো প্ৰশ্ন ট্ৰাম্পৰ

আদালতত বাৰে বাৰে মুখথেকেচা খাবলগীয়া হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । যাৰ বাবে এই নিৰপেক্ষ বিচাৰৰ দাবী কৰি ন্যায়াধীশ আৰু গোচৰৰ স্থান পৰিৱৰ্তনৰ আহ্বান জনাইছে ট্ৰাম্পে । ২০২০ চনৰ নিৰ্বাচনী জালিয়াতিৰ গোচৰটোত ট্ৰাম্পৰ এক আবেদন নাকচ কৰা ন্যায়াধীশ তানিয়া চুতকানক সমালোচনা ট্ৰাম্পৰ ।

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ আগষ্ট : সমাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । তাৰ প্ৰাকক্ষণত আইনী বাধাৰ সন্মুখীন হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে পুনৰ এবাৰ উদ্বেগ প্ৰকাশ কৰে । ট্ৰাম্পে দাবী কৰা মতে তেওঁৰ আৰু কোনো উপায় নাই, এক নিৰপেক্ষ বিচাৰ লাগে তেওঁক । তেওঁ সন্মুখীন হোৱা ২০২০ চনৰ নিৰ্বাচনী জালিয়াতিৰ গোচৰটোৰ ওপৰত মন্তব্য কৰি ট্ৰাম্পে কয় যে ফেডাৰেল গোচৰটো তদাৰক কৰিবলৈ গোচৰটো আন স্থানলৈ আৰু বেলেগ ন্যায়াধীশলৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন । ট্ৰাম্পে দেওবাৰে সামাজিক মাধ্যমৰ এক পোষ্টত গোচৰটোৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনায় ।

তেওঁ বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা কৰি দাবী কৰে যে ৱাশ্বিংটন ডিচি চহৰত হত্যাই সৰ্বকালৰ অভিলেখ ভংগ কৰিছে আৰু পৰ্যটকসকলে পলায়ন কৰিছে । লেতেৰা ৰাজনীতিয়ে আৰু অপৰাধে দেশখনক ধ্বংস কৰিছে বুলিও তেওঁ দাবী কৰে । ট্ৰাম্পে লগতে কয় যে তেওঁৰ বিৰুদ্ধে গোচৰটো বহু বছৰ পূৰ্বে উত্থাপন কৰিব পাৰিলেহেঁতেন, কিন্তু নিৰ্বাচনী প্ৰচাৰৰ প্ৰাকক্ষণত ইয়াক অনা হৈছে ।

ট্ৰাম্পে আন এক পোষ্টৰ জৰিয়তে ৰাইজক কয় যে ৰাইজে আমেৰিকাৰ পৰিস্থিতি লক্ষ্য কৰি আছে । আমেৰিকা ধ্বংস হৈ আছে বুলি তেওঁ দাবী কৰে । তেওঁৰ মতে আমেৰিকাক পুনৰ মহান কৰি তোলাৰ প্ৰয়োজন । প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ শক্তিশালীভাৱে ন্যায়াধীশ তানিয়া চুতকানৰ পুনৰাবৃত্তি বা ন্যায়িক অযোগ্যতা বিচাৰিব । যিয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ২০২০ চনৰ নিৰ্বাচন জালিয়াতিৰ কথিত প্ৰচেষ্টা সন্দৰ্ভত গোচৰটোৰ তত্বাৱধান কৰি আছে । ট্ৰাম্পে পৰৱৰ্তী এটা পোষ্টত কয় যে তেওঁ এই ন্যায়াধীশগৰাকীৰ অযোগ্যতাৰ দাবী কৰিব আৰু একেদৰে গোচৰটোৰ স্থান পৰিৱৰ্তনৰ বাবেও জোৰ দিব ।

উল্লেখ্য যে ৬১ বছৰীয়া ন্যায়াধীশ চুতকানে শেহতীয়াকৈ ট্ৰাম্পৰ অধিবক্তাই ন্যায় বিভাগৰ অনুৰোধৰ প্ৰতি সঁহাৰি দিবলৈ অধিক সময় বিচাৰি কৰা আবেদন নাকচ কৰে । ন্যায়াধীশ চুতকানক ফ্লৰিডাৰ ফেডাৰেল ন্যায়াধীশ আইলিন কেননতকৈ অধিক কঠোৰ বুলি গণ্য কৰা হয় । ট্ৰাম্পৰ বিৰুদ্ধে দাখিল কৰা তৃতীয় অপৰাধমূলক অভিযোগৰ বিচাৰ চলাবলৈও চুতকানক বাছনি কৰা হৈছিল । তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই বিচাৰপীঠলৈ মনোনীত কৰিছিল ।

লগতে পঢ়ক :US President election: আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰত একাধিক ভাৰতীয় মূলৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.